Meta

গুগল আৰু এপলৰ পিছত Meta ৰ ডাঙৰ ইভেণ্ট; মুকলি কৰিব হেডছ-আপ ডিছপ্লেৰ  স্মাৰ্ট চশমা

গুগল আৰু এপলৰ পিছত Meta ৰ ডাঙৰ ইভেণ্ট Meta Connect 2025 আৰম্ভ হ’বলৈ ওলাইছে।এই অনুষ্ঠানৰ আৰম্ভণি কৰিব ফেচবুকৰ সহ-প্ৰতিষ্ঠাপক তথা মেটাৰ চিইঅ’ মাৰ্ক জুকাৰবাৰ্গে।এই অনুষ্ঠানৰ সময়ত কোম্পানীটোৱে কেইবাটাও ডাঙৰ ঘোষণা কৰিব। ইয়াৰ ভিতৰত আছে নতুন ৰে-বেন মেটা গ্লাছ,Oakley Meta Sphaera Glasses আৰু আৰু বহুতো ডাঙৰ

গুগল আৰু এপলৰ পিছত Meta ৰ ডাঙৰ ইভেণ্ট

Meta Connect 2025 আৰম্ভ হ’বলৈ ওলাইছে।এই অনুষ্ঠানৰ আৰম্ভণি কৰিব ফেচবুকৰ সহ-প্ৰতিষ্ঠাপক তথা মেটাৰ চিইঅ’ মাৰ্ক জুকাৰবাৰ্গে।এই অনুষ্ঠানৰ সময়ত কোম্পানীটোৱে কেইবাটাও ডাঙৰ ঘোষণা কৰিব।

ইয়াৰ ভিতৰত আছে নতুন ৰে-বেন মেটা গ্লাছ,Oakley Meta Sphaera Glasses আৰু আৰু বহুতো ডাঙৰ ডাঙৰ ঘোষণা থাকিব।

ইয়াৰ পূৰ্বে এপলে নিজৰ আইফোন ১৭ ছিৰিজ উন্মোচন কৰিছিল।আৰু গুগলে পিক্সেল ১০ ছিৰিজ উন্মোচন কৰিলে।

মেটা কানেক্ট ২০২৫ ইভেণ্ট আৰম্ভ হোৱাৰ পূৰ্বে কোম্পানীটোৱে ইউটিউবত এটা ভিডিঅ’ পোষ্ট কৰিছিল, কিন্তু কিছু সময়ৰ পাছতেই আঁতৰাই পেলালে।

ভিডিঅ’ ক্লিপটোত নতুন মেটা ৰে-বেন চশমাৰ আভাস দেখা গৈছিল,যাৰ ভিতৰত হেডছ আপ ডিছপ্লে আছে।ইয়াৰ ভিতৰত আপুনি মেপ, টেক্সট আদি চাব পাৰিব।

চিংগল কেমেৰা চেন্সৰৰ সৈতে আগন্তুক মেটা অকলি গ্লাছৰ আভাসও দেখুওৱা হৈছিল। এইটো কোম্পানীটোৰ দ্বিতীয়টো স্মাৰ্টগ্লাছ প্ৰডাক্ট।

ইয়াক বিশেষভাৱে খেলুৱৈসকলৰ বাবে ডিজাইন কৰা হৈছে।এই মূল্য ৮০০ মাৰ্কিন ডলাৰ পৰ্যন্ত হ’ব,যিটো ভাৰতীয় মুদ্ৰালৈ ৰূপান্তৰিত হ’লে ৭০,২০৬ টকা হ’ব।

লগতে পঢ়ক: নাছাৰ পাৰ্চেভাৰেন্স ৰভাৰে মংগল গ্ৰহত দিলে জীৱনৰ সংকেত… সম্ভাৱ্য বায়চিগনেচাৰ আৰু জৈৱিক কাৰ্বনৰ সন্ধান

শেহতীয়া প্ৰৱন্ধসমূহ