ডাৱৰ বিস্ফোৰণত ডেৰাডুনত ভয়ংকৰ পৰিস্থিতি
উত্তৰাখণ্ডৰ ডেৰাডুনত ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে । সহস্ৰধৰা কাৰ্লিগাধত ডাৱৰ বিস্ফোৰণে ব্যাপক ধ্বংসলীলাৰ সৃষ্টি কৰিছে । ডাৱৰ বিস্ফোৰণৰ ফলত নদীৰ জলপৃষ্ঠও বৃদ্ধি পাইছে । এই দুৰ্যোগৰ প্ৰভাৱ সহস্ৰধৰাৰ সমীপৱৰ্তী অঞ্চলতো দেখা গৈছে । এই দুৰ্যোগৰ বাবে ছালোনা পথ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে । মাজনিশা সহস্ৰধৰাত ডাৱৰ বিস্ফোৰণৰ ফলত অঞ্চলটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । সহস্ৰধৰাৰ লগতে দৈৱালাত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে লাল টাপ্পাদৰ ডেৰাডুন-হৰিদ্বাৰ ঘাইপথৰ দলং জাখান নদীৰ বানত ডুব যায় ।
ডাৱৰ বিস্ফোৰণৰ পিছত বিপদৰ পৰা হাত সাৰিবলৈ নিশাৰ ভাগত ৰাজপথলৈ ওলাই আহে স্থানীয় লোক । স্থানীয় লোকে জনোৱা মতে, ডাৱৰ বিস্ফোৰণৰ পিছত হোটেলসমূহো পানীত বুৰ গৈছে । ঘটনা সন্দৰ্ভত তথ্য পোৱাৰ লগে লগে জিলা প্ৰশাসন আৰু ডি এম উপস্থিত হৈ দায়িত্ব লয় । সাহায্য আৰু উদ্ধাৰৰ কামো আৰম্ভ হৈছে । জেচিবিৰ সহায়ত উদ্ধাৰ অভিযানত নিয়োজিত হৈছে এছ ডি আৰ এফ, এন ডি আৰ এফৰ দল । ক্ষতিগ্ৰস্ত স্থানত আবদ্ধ হৈ থকা লোকসকলক নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে । ইয়াৰ সমান্তৰালকৈ জিলা আয়ুক্তই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে সকলো বিদ্যালয় আৰু অংগনবাড়ী কেন্দ্ৰ বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে ।
ইয়াৰ সমান্তৰালকৈ ধাৰাসাৰ বৰষুণৰ বাবে নদীসমূহেও ভয়ংকৰল ৰূপ লোৱা পৰিলক্ষিত হৈছে । সকলোতে ধ্বংসলীলাৰ প্ৰকোপ দেখা গৈছে । ডেৰাডুনৰ পৰা হিমাচললৈ যোৱা ৭২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নন্দ কি চৌকিৰ সমীপৰ মূল দলংখন ভাঙি গৈছে, যাৰ বাবে পথছোৱা সম্পূৰ্ণ স্তব্ধ হৈ পৰিছে । তপকেশ্বৰ মহাদেৱ মন্দিৰৰ পৰা ওলাই অহা তামছা নদীৱেও ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । ইয়াত ৪ৰ পৰা ৫জন লোকক উটুৱাই লৈ যোৱাৰ খবৰ প্ৰকাশ পাইছে । ইতিমধ্যে এই লোকসকলৰ সন্ধান অব্যাহত ৰখা হৈছে । চন্দ্ৰভাগ নদীৰো বুকু ওফন্দি পৰিছে, যাৰ পানী ঘাইপথলৈকে উঠি আহিছে । চন্দ্ৰভাগ নদীত আবদ্ধ হৈ আছে তিনিজন লোক, য’ত এছ ডি আৰ এফৰ দলটোৱে উদ্ধাৰ অভিযান চলাই আছে আৰু তেওঁলোকক বচাবলৈ চেষ্টা অব্যাহত আছে ।
সোমবাৰৰ পৰাই ডেৰাডুনত ধাৰাবাহিকভাৱে বৰষুণ দি থকাৰ ফলত ডেৰাডুনৰ তলৰ অঞ্চলসমূহ পানীৰে বুৰ গৈছে । ৰাস্তাবোৰ পুখুৰীসদৃশ হৈ পৰিছে । এনে পৰিস্থিতিত জিলা প্ৰশাসনে ৰাইজক নদী আৰু নলাৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিছে । গভীৰ নিশাৰ পৰা বৰষুণৰ বাবে ডেৰাডুনৰ দৈৱালাত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে । ইয়াত বান সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু বহু দলঙৰ মাজেৰে পানী বৈ আছে, যাৰ বাবে যাতায়ত বন্ধ হৈ পৰিছে ।
ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে টুইটাৰযোগে লিখিছে যে তেওঁ নিজেই স্থানীয় প্ৰশাসনৰ সৈতে যোগাযোগত আছে আৰু পৰিস্থিতি নিৰীক্ষণ কৰি আছে । তেওঁ লিখিছে, “দেৰাডুনৰ সহস্ৰধৰাত গভীৰ নিশা হোৱা প্ৰচণ্ড বৰষুণৰ ফলত একাংশ দোকানৰ ক্ষতিৰ তথ্য পোৱা গৈছে । জিলা প্ৰশাসন, এছ ডি আৰ এফ, আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ সাহায্য আৰু উদ্ধাৰ অভিযানত লিপ্ত হৈছে । এই ক্ষেত্ৰত মই স্থানীয় প্ৰশাসনৰ সৈতে অহৰহ যোগাযোগত আছো আৰু নিজেই পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছো । সকলোৰে সুৰক্ষাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো ।”
देहरादून के सहस्त्रधारा में देर रात हुई अतिवृष्टि से कुछ दुकानों को नुकसान पहुंचने की दुःखद सूचना प्राप्त हुई है। जिला प्रशासन, एसडीआरएफ, पुलिस मौके पर पहुंचकर राहत और बचाव कार्यों में जुटे हुए हैं।
— Pushkar Singh Dhami (@pushkardhami) September 16, 2025
इस सम्बन्ध में निरंतर स्थानीय प्रशासन से संपर्क में हूँ और स्वयं स्थिति की…
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুখ্যমন্ত্ৰী শ্ৰী পুষ্কৰ সিং ধামীৰ পৰা উত্তৰাখণ্ডত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত হোৱা ধ্বংসলীলা সন্দৰ্ভত বাৰ্তালাপ কৰে । ৰাজ্যখনক সম্ভৱপৰ সকলো সহায়ৰ আশ্বাস দি তেওঁ কয় যে এই দুৰ্যোগৰ সময়ত কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনৰ সৈতে দৃঢ়তাৰে থিয় দিছে । প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীলৈ কৃতজ্ঞতা প্ৰকাশ কৰি মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে কয় যে তেওঁলোকৰ পথ প্ৰদৰ্শন আৰু সহযোগিতাৰে ৰাজ্যখনত সাহায্যৰ কাম অধিক দ্ৰুতগতিত কৰা হ’ব । ক্ষতিগ্ৰস্ত অঞ্চলসমূহত প্ৰশাসনিক যন্ত্ৰপাতি সম্পূৰ্ণ প্ৰস্তুতিৰে সক্ৰিয় হৈ থকাৰ লগতে উদ্ধাৰ আৰু সাহায্যৰ কাম যুদ্ধৰ ভিত্তিত চলি থকা বুলি মুখ্যমন্ত্ৰীয়ে অৱগত কৰে ।
লগতে পঢ়ক : বনতাৰালৈ ক্লীনশ্বিট… উচ্চতম ন্যায়ালয়ৰ কমিটীয়ে ক’লে- নিয়ম সম্পূৰ্ণৰূপে পালন কৰা হৈছে