ৱাকফ আইনক লৈ উচ্চতম ন্যায়ালয়ৰ অন্তৰ্ৱতীকালীন ৰায়দান

ৱাকফ আইনক লৈ উচ্চতম ন্যায়ালয়ৰ অন্তৰ্ৱতীকালীন ৰায়দান… কোনবোৰ বিধানত লাগিল স্থগিতাদেশ

ৱাকফ আইনক লৈ উচ্চতম ন্যায়ালয়ৰ অন্তৰ্ৱতীকালীন ৰায়দান ৱাকফ (সংশোধনী) আইনক প্ৰত্যাহ্বান জনোৱা আবেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ অন্তৱৰ্তীকালীন ৰায়দান । সমগ্ৰ আইনখন নিষিদ্ধ কৰিবলৈ আদালতে স্পষ্টভাৱে অস্বীকাৰ কৰিছে । কিন্তু কিছুমান ধাৰাত স্থগিতাদেশ আৰোপ কৰা হৈছে, যাৰ ওপৰত বহু মুছলমান নেতাই সুখ প্ৰকাশ কৰিছে । ভাৰতৰ

ৱাকফ আইনক লৈ উচ্চতম ন্যায়ালয়ৰ অন্তৰ্ৱতীকালীন ৰায়দান

ৱাকফ (সংশোধনী) আইনক প্ৰত্যাহ্বান জনোৱা আবেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ অন্তৱৰ্তীকালীন ৰায়দান । সমগ্ৰ আইনখন নিষিদ্ধ কৰিবলৈ আদালতে স্পষ্টভাৱে অস্বীকাৰ কৰিছে । কিন্তু কিছুমান ধাৰাত স্থগিতাদেশ আৰোপ কৰা হৈছে, যাৰ ওপৰত বহু মুছলমান নেতাই সুখ প্ৰকাশ কৰিছে ।

ভাৰতৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাই আৰু ন্যায়াধীশ অগাস্টিন জৰ্জ মাছিৰ বিচাৰপীঠে আজি অন্তৱৰ্তীকালীন আদেশ গৃহীত কৰে । আদালতে স্বীকাৰ কৰে যে সমগ্ৰ সংশোধনী স্থগিত ৰখাৰ কোনো গোচৰ নাই যদিও কিছুমান বিধান স্থগিত ৰখা হৈছে । ইয়াৰ ভিতৰত ৩(গ), ৩(ঘ), ৩(ঙ) ধাৰা অন্তৰ্ভুক্ত আছে ।

এই বিধানসমূহৰ ওপৰত স্থগিতাদেশ-

-উচ্চতম ন্যায়ালয়ে ৱাকফ সংশোধনী আইন ২০২৫ৰ সেই বিধানৰ ওপৰত স্থাগিতাদেশ জাৰি কৰিছে যি নিয়ম অনুসৰি ৱাকফ সৃষ্টি কৰিবলৈ এজন ব্যক্তিয়ে ৫ বছৰ ইছলামৰ অনুগামী হ’ব লাগিছিল । কোনো ব্যক্তি ইছলামৰ অনুগামী নে নহয় সেইটো নিৰ্ণয় কৰিবলৈ ৰাজ্য চৰকাৰে নিয়ম প্ৰণয়ন নকৰালৈকে এই ব্যৱস্থা স্থগিত ৰখা হ’ব ।

-ন্যায়ালয়ে নিৰ্দেশ দিছে যে যিমানদূৰ সম্ভৱ ৱাকফ ব’ৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া মুছলমান হ’ব লাগে । এই সন্দৰ্ভত আদালতে কোনো নিৰ্দেশ দিয়া নাই । বৰঞ্চ ই নিজৰ পৰামৰ্শ দিছে ।

-ইয়াৰ লগতে ব’ৰ্ডৰ মুঠ ১১ জন সদস্যৰ ভিতৰত ৩ জনতকৈ অধিক অমুছলমান সদস্য নাথাকিব । ইয়াকো সকাহৰ সিদ্ধান্ত বুলি গণ্য কৰা হৈছে । আনহাতে পৰিষদত ৪ জন অমুছলমান সদস্য থকাৰ অনুমোদন দিয়া হৈছে ।

-উচ্চতম ন্যায়ালয়ে ৱাকফৰ সম্পত্তিৰ বাধ্যতামূলক পঞ্জীয়ন নিষিদ্ধ কৰিবলৈ অস্বীকাৰ কৰিছে, কাৰণ পূৰ্বৰ আইনসমূহতো এই দিশটো উপস্থিত আছিল । আদালতে নিজৰ আদেশত এই দিশটো লক্ষ্য কৰি লোৱা বুলি জানিবলৈ দিয়ে ।

-উচ্চতম ন্যায়ালয়ে নিজৰ সিদ্ধান্তত স্পষ্ট কৰি দিছে যে সংগ্ৰাহক বা কাৰ্যবাহীক সম্পত্তিৰ অধিকাৰৰ সিদ্ধান্ত ল’বলৈ দিয়া হোৱা নাই । আদালতে কয় যে ৱাকফৰ সম্পত্তিৰ চূড়ান্ত সিদ্ধান্ত ৱাকফ ন্যায়াধিকৰণ আৰু উচ্চ ন্যায়ালয়ে ধাৰা ৩(গ)ৰ অধীনত নোলোৱালৈকে ৱাকফক সম্পত্তিৰ পৰা উচ্ছেদ কৰা নহ’ব । ইয়াৰ লগতে আদালতৰ সিদ্ধান্ত নোপোৱালৈকে ৰাজহ ৰেকৰ্ডত কোনো ধৰণৰ হস্তক্ষেপ নহ’ব । অৰ্থাৎ এতিয়া সংগ্ৰাহকৰ সিদ্ধান্তই প্ৰমাণ নকৰে যে সম্পত্তিটো ৱাকফ বা নহয় ।

এই সকলোবোৰ বিধানক লৈ আইনখন বলবৎ হোৱাৰ পিছৰে পৰা বিতৰ্কৰ সৃষ্টি হৈছিল । এতিয়া উচ্চতম ন্যায়ালয়ে এইবোৰৰ ওপৰত অন্তৱৰ্তীকালীন স্থগিতাদেশ দিয়াৰ লগে লগে মুছলমান পক্ষই ইয়াক সকাহ হিচাপে লৈছে ।

আনহাতে ৱাকফ আইন কাৰ্যকৰী হোৱাৰ লগে লগে বহু লোকে উচ্চতম ন্যায়ালয়ৰ দুৱাৰত টোকৰ মাৰে । ইয়াৰ লগতে আইনখনৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰাৰ দাবী উত্থাপন কৰা হয় । এই সন্দৰ্ভত সমগ্ৰ দেশতে প্ৰতিবাদো দেখা যায় । এই গোচৰৰ শুনানি গ্ৰহণ কৰি আজি উচ্চতম ন্যায়ালয়ে ৰায় দিয়ে । ইয়াৰ লগতে ই স্পষ্টভাৱে অস্বীকাৰ কৰিছে যে তেওঁলোকে এই আইনখনৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ নকৰে ।

লগতে পঢ়ক : সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ প্ৰধানমন্ত্ৰীয়ে স্মৃতিত মুকলি কৰিলে স্মাৰক মুদ্ৰা… ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ’ল অসমবাসী