কিলি পল

পঞ্জাৱৰ বানপানীক লৈ দুখ প্ৰকাশ ছ’চিয়েল মিডিয়াৰ তাৰকা কিলি পলৰ…

পঞ্জাৱৰ বানপানীক লৈ দুখ প্ৰকাশ কিলি পলৰ… বৰ্তমান সময়ত পঞ্জাৱৰ প্ৰলয়ংকাৰী বানে এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে। পঞ্জাৱৰ সাম্প্ৰতিক পৰিস্থিতিয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ লোকসকলৰো দৃষ্টি আকৰ্ষণ কৰিছে। এই কঠিন সময়ত বলীউডৰ তাৰকাসকলৰ লগতে পাঞ্জাবী শিল্পীসকলে সহায়ৰ বাবে আগবাঢ়ি আহিছে। ইফালে পঞ্জাৱৰ বানপানীক লৈ শোক প্ৰকাশ কৰিছে

পঞ্জাৱৰ বানপানীক লৈ দুখ প্ৰকাশ কিলি পলৰ…

বৰ্তমান সময়ত পঞ্জাৱৰ প্ৰলয়ংকাৰী বানে এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে। পঞ্জাৱৰ সাম্প্ৰতিক পৰিস্থিতিয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ লোকসকলৰো দৃষ্টি আকৰ্ষণ কৰিছে। এই কঠিন সময়ত বলীউডৰ তাৰকাসকলৰ লগতে পাঞ্জাবী শিল্পীসকলে সহায়ৰ বাবে আগবাঢ়ি আহিছে।

ইফালে পঞ্জাৱৰ বানপানীক লৈ শোক প্ৰকাশ কৰিছে বিখ্যাত ছ’চিয়েল মিডিয়া তাৰকা কিলি পলে। তাৰকা গৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা ভিডিঅ’ মুকলি কৰি কয়, “পঞ্জাৱৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ গভীৰ দুখ প্ৰকাশ কৰি ৰাইজৰ বাবে প্ৰাৰ্থনা কৰিলোঁ”।

” পঞ্জাৱৰ বানপানীৰ ভিডিঅ’বোৰ দেখি মোৰ মনটো বৰ দুখ লাগিল…মই পঞ্জাৱৰ বাবে প্ৰাৰ্থনা কৰিছো, ভগৱানে আপোনালোকক আশীৰ্বাদ কৰি যাওক। ভগৱানে আপোনালোকক এই কঠিন সময়ত মোকাবিলা কৰিবলৈ শক্তি দিয়ক। ধন্যবাদ।”

উল্লেখ্য যে, কিলি পল তাঞ্জানিয়া (পূব আফ্ৰিকা)ৰ বাসিন্দা।তেওঁ টিকটক, ইউটিউব, ইনষ্টাগ্ৰামত অতি বিখ্যাত। তেওঁ প্ৰায়ে ভগ্নী নীমা পালৰ সৈতে বলীউডৰ গীতৰ ভিডিঅ’ শ্বেয়াৰ কৰে।

লগতে পঢ়ক: কৃষ্ণ অভিষেকৰ সৈতে সংঘাত কিকু শাৰদাৰ! এৰিব নেকি ‘দ্য গ্ৰেট ইণ্ডিয়ান কপিল শ্ব’?