ভূমিকম্পত বিধ্বস্ত আফগানিস্তানলৈ ভাৰতে আগবঢ়ালে সহায়ৰ হাত…

ভূমিকম্পত বিধ্বস্ত আফগানিস্তানলৈ ভাৰতে আগবঢ়ালে সহায়ৰ হাত…

ভূমিকম্পত বিধ্বস্ত আফগানিস্তানলৈ ভাৰতে আগবঢ়ালে সহায়ৰ হাত দেওবাৰে গভীৰ নিশা পূব আফগানিস্তানত সংঘটিত হোৱা ৬.০ প্ৰাবল্যৰ ভূমিকম্পই ব্যাপক ধ্বংসলীলাৰ সৃষ্টি কৰিছে । শেহতীয়া তথ্য অনুসৰি এই পৰ্যন্ত এহেজাৰৰো অধিক লোকৰ মৃত্যু হোৱাৰ বিপৰীতে তিনি হাজাৰৰো অধিক লোক আহত হৈছে । ক্ষতিগ্ৰস্ত অঞ্চলসমূহত যুদ্ধকালীন গতিত সাহায্য

ভূমিকম্পত বিধ্বস্ত আফগানিস্তানলৈ ভাৰতে আগবঢ়ালে সহায়ৰ হাত

দেওবাৰে গভীৰ নিশা পূব আফগানিস্তানত সংঘটিত হোৱা ৬.০ প্ৰাবল্যৰ ভূমিকম্পই ব্যাপক ধ্বংসলীলাৰ সৃষ্টি কৰিছে । শেহতীয়া তথ্য অনুসৰি এই পৰ্যন্ত এহেজাৰৰো অধিক লোকৰ মৃত্যু হোৱাৰ বিপৰীতে তিনি হাজাৰৰো অধিক লোক আহত হৈছে । ক্ষতিগ্ৰস্ত অঞ্চলসমূহত যুদ্ধকালীন গতিত সাহায্য আৰু উদ্ধাৰৰ কাম চলি আছে যদিও পৰিস্থিতি অতি ভয়াৱহ হৈয়ে আছে । আফগানিস্তানত এই শোকাৱহ পৰিস্থিতিৰ মাজতে ভাৰতে তাৎক্ষণিক সহায়ৰ কথা ঘোষণা কৰিছে । সোমবাৰে আফগান বৈদেশিক মন্ত্ৰী মৌলৱী আমিৰ খান মুত্তাকীৰ সৈতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে বাৰ্তালাপ কৰি আশ্বাস দিয়ে যে এই কঠিন সময়ত ভাৰত আফগান জনসাধাৰণৰ সৈতে থিয় দিছে ।

জয়শংকৰে ছ’চিয়েল মিডিয়াত লিখিছে, আফগানিস্তানৰ বৈদেশিক মন্ত্ৰীৰ সৈতে কথা পাতিলো । ভূমিকম্পত প্ৰাণ হেৰুওৱা সকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰো । ভাৰতে আজি কাবুললৈ ১০০০টা পৰিয়ালৰ বাবে তম্বু ডেলিভাৰী কৰিছে । ভাৰতীয় মিছনে কাবুলৰ পৰা কুনাৰলৈ ১৫ টন খাদ্য সামগ্ৰী প্ৰেৰণ কৰিছে । কাইলৈৰ পৰা ভাৰতৰ পৰা অধিক সাহায্য সামগ্ৰী যাত্ৰা কৰিব । আহতসকলৰ আশু আৰোগ্য কামনা কৰিলোঁ ।  প্ৰতিটো পৰিস্থিতিত ভাৰত আফগানিস্তানৰ লগত আছে ।

প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা-

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভূমিকম্পত নিহতসকলৰ প্ৰতি শোক প্ৰকাশ কৰে । তেওঁ এক্সত লিখিছে, আফগানিস্তানত হোৱা ভূমিকম্পৰ ফলত জীৱন আৰু সম্পত্তিৰ ক্ষতিক লৈ গভীৰ দুখ প্ৰকাশ কৰিছোঁ । শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো । ভাৰতবৰ্ষই সকলো ধৰণৰ মানৱীয় সাহায্য প্ৰদান কৰিবলৈ সাজু ।

উল্লেখ্য যে, ভূমিকম্পৰ ফলত আফগানিস্তানৰ পূব প্ৰদেশত সৰ্বাধিক ক্ষতিসাধন হৈছে । বহু গাঁও সম্পূৰ্ণৰূপে ধ্বংস হৈছে । বৃহৎ সংখ্যক ঘৰ ধ্বংসাৱশেষলৈ পৰিণত হোৱাৰ লগতে সাহায্য দলসমূহে অহৰহ ধ্বংসাৱশেষ আঁতৰোৱাৰ কামত নিয়োজিত হৈ আছে । চিকিৎসালয়সমূহত আহত লোকৰ ভিৰ হোৱাৰ লগতে তাত ঔষধ আৰু চিকিৎসা সঁজুলিৰ বিপুল নাটনি হৈছে ।

লগতে পঢ়ক : চুডানত ভয়ংকৰ ভূমিস্খলন… মাটিৰ তলত সম্পূৰ্ণৰূপে পোত গ’ল এখন গাঁও