হানী সিং

বিপদত হানী সিং! শেষ মুহূৰ্তত অনুষ্ঠান পৰিৱেশন কৰিবলৈ অস্বীকাৰ

বিপদত হানী সিং! ৰেপাৰ-গায়ক হানী সিং আন এক সমস্যাৰ সন্মুখিন হৈছে।অভিযোগ অনুসৰি শেহতীয়াকৈ তেওঁ নিৰাপত্তাজনিত কাৰণত এটা কাৰ্যসূচীৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰিছে। জানিব পৰা মতে হানী সিঙে এটা এৱাৰ্ড শ্ব’ত অনুষ্ঠান পৰিৱেশন কৰাৰ কথা আছিল, কিন্তু তাত তেওঁৰ ব্যক্তিগত দেহৰক্ষীসকলৰ অনুমতি নাছিল,গতিকে শেষ মুহূৰ্তত

বিপদত হানী সিং!

ৰেপাৰ-গায়ক হানী সিং আন এক সমস্যাৰ সন্মুখিন হৈছে।অভিযোগ অনুসৰি শেহতীয়াকৈ তেওঁ নিৰাপত্তাজনিত কাৰণত এটা কাৰ্যসূচীৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰিছে।

জানিব পৰা মতে হানী সিঙে এটা এৱাৰ্ড শ্ব’ত অনুষ্ঠান পৰিৱেশন কৰাৰ কথা আছিল, কিন্তু তাত তেওঁৰ ব্যক্তিগত দেহৰক্ষীসকলৰ অনুমতি নাছিল,গতিকে শেষ মুহূৰ্তত তেওঁ কাৰ্যসূচীৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত ল’লে।২৩ আগষ্টত মোহালীত অনুষ্ঠিত হ’ব লগা আছিল এই এৱাৰ্ড শ্ব’টো।

তথ্য অনুসৰি ২৩ আগষ্টৰ সন্ধিয়াৰ পৰাই চেলিব্ৰিটিৰ আগমন আৰম্ভ হয়, কিন্তু নিৰাপত্তাৰক্ষীৰ কটকটীয়া ব্যৱস্থাৰ বাবে গেটত ৰখাই দিয়া হ’ল হানি সিঙৰ দলটো।

সূত্ৰ অনুসৰি আয়োজকসকলৰ নিজাকৈ নিৰাপত্তাৰক্ষী উপস্থিত আছিল, আৰু স্থানীয় আৰক্ষীয়েও সভাস্থলীত অতিৰিক্ত নিৰাপত্তাৰ ব্যৱস্থা কৰে।

প্ৰট’কল অনুসৰি তেওঁলোকে কোনো বাহিৰৰ সদস্যক ক্ষেত্ৰখনত প্ৰৱেশ কৰিবলৈ দিয়া নাছিল।অৱশ্যে সতৰ্কতামূলক ব্যৱস্থা হিচাপে নিজৰ ব্যক্তিগত গাৰ্ড ৰখাৰ ওপৰত জোৰ দিছিল হানী সিঙে।

যদিও আয়োজকসকলে তেওঁলোকৰ দাবী বুজি পাইছিল আৰু সন্মান কৰিছিল,কিন্তু পূৰ্বনিৰ্ধাৰিত নিৰাপত্তাৰ কথা বিবেচনা কৰিলে তেওঁলোকে এই কথাত সন্মতি দিব নোৱাৰিলে।

আয়োজকসকলৰ সৈতে বহুদিনীয়া আলোচনাৰ অন্তত হানি সিঙে অনুষ্ঠান পৰিৱেশন কৰিবলৈ অস্বীকাৰ কৰি অনুষ্ঠানৰ পৰা আঁতৰি যায়।এতিয়া শেষ মুহূৰ্তত কাৰ্যসূচী বাতিল হোৱাৰ বাবে দুয়োটা দলে বিবাদ সমাধানৰ চেষ্টা চলাইছে।

লগতে পঢ়ক: আয়ুষ্মান-চাৰাৰ ‘পতি পাটনি ঔৰ ৱো ২’ৰ চেটত অঘটন; স্থানীয় লোক আৰু ক্ৰু মেম্বাৰৰ সৈতে মাৰপিট

শেহতীয়া প্ৰৱন্ধসমূহ