আয়ুষ্মান

আয়ুষ্মান-চাৰাৰ ‘পতি পাটনি ঔৰ ৱো ২’ৰ চেটত অঘটন; স্থানীয় লোক আৰু ক্ৰু মেম্বাৰৰ সৈতে মাৰপিট

আয়ুষ্মান-চাৰাৰ ‘পতি পাটনি ঔৰ ৱো ২’ৰ চেটত অঘটন বহু সময়ত শ্বুটিঙত এনে কিছুমান ঘটনা ঘটে যিয়ে সকলোকে ই আচৰিত কৰি তোলে। ‘পতি পাটনি ঔৰ ৱো ২’ ছবিখনৰ শ্বুটিংৰ সময়তো তেনেকুৱা এক ঘটনাই সংঘটিল হ’ল। আয়ুষ্মান খুৰানা আৰু চাৰা আলী খানে বৰ্তমান সময়ত উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত

আয়ুষ্মান-চাৰাৰ ‘পতি পাটনি ঔৰ ৱো ২’ৰ চেটত অঘটন

বহু সময়ত শ্বুটিঙত এনে কিছুমান ঘটনা ঘটে যিয়ে সকলোকে ই আচৰিত কৰি তোলে। ‘পতি পাটনি ঔৰ ৱো ২’ ছবিখনৰ শ্বুটিংৰ সময়তো তেনেকুৱা এক ঘটনাই সংঘটিল হ’ল।

আয়ুষ্মান খুৰানা আৰু চাৰা আলী খানে বৰ্তমান সময়ত উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত ছবিখনৰ শ্বুটিঙত ব্যস্ত হৈ আছে।

এই সময়ছোৱাত কোনো এটা বিষয়ক লৈ স্থানীয় লোকৰ সৈতে একাংশ ক্ৰুৰ মাজত তৰ্ক হৈছিল।ইয়াৰ পিছত স্থানীয় লোকে দলৰ সদস্যজনক বেয়াকৈ প্ৰহাৰ কৰে।এই প্ৰহাৰৰ ভিডিঅ’ ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে।

ভিডিঅ’টোত দেখিবলৈ পোৱা গৈছে যে স্থানীয় লোকসকলৰ সৈতে ক্ৰু মেম্বাৰে কাজিয়াত লিপ্ত হয়, তাৰ পিছত তেওঁলোকে মাৰপিট আৰম্ভ কৰে।

লগতে ভিডিঅ’টো চাই কিছুমানে দাবী কৰিছে যে প্ৰহাৰ কৰা ব্যক্তিজনেই ছবিখনৰ পৰিচালক।ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এই ভিডিঅ’টোৱে এতিয়া এক হুলস্থুলৰ সৃষ্টি কৰিছে।

অৱশ্যে শ্বুটিঙৰ আন সদস্য আৰু আৰক্ষীয়ে হস্তক্ষেপ কৰি সকলোকে শান্ত কৰিছিল।কিন্তু, বিষয়টো কি আৰু বিষয়টো কিয় এই পৰ্যায়ত উপনীত হ’ল সেই সন্দৰ্ভত এতিয়াও কোনো তথ্য লাভ কৰা হোৱা নাই।

লগতে পঢ়ক: মাতৃ হ’বলৈ ওলাইছে পৰিনীতি চোপ্ৰা; ৰাঘৱ চাদ্দাই শ্বেয়াৰ কৰিলে ভাল খবৰ, লিখিলে ১+১=৩