তৃতীয় বাৰ্ষিক ভুল্লুং-বুথুৰ আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱ
অহা ইংৰাজী ৩ ছেপ্তেম্বৰৰ পৰা ৭ ছেপ্তেম্বৰলৈ তৃতীয় বৰ্ষৰ বাবে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজন কৰা হৈছে ‘‘ভুল্লুং-বুথুৰ আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱ’’।
ক্ৰৱেচীয়া, দক্ষিণ কোৰিয়া,ৰোমানিয়া,টিউনিচিয়া, শ্ৰীলংকা,লেবানন আৰু ভাৰতকে ধৰি ৭খন বিভিন্ন ৰাষ্ট্ৰৰ মুঠ ১১ টাকৈ নাট্যদলে এই নাট মহোৎসৱত নাট পৰিৱেশন কৰিব৷
গুৱাহাটীৰ উজানবজাৰস্থিত ‘সমলয় সূৰ্য ক্লাৱ’ৰ প্ৰেক্ষাগৃহত আয়োজিত সংবাদমেলত আঁক _এ’ ক্ৰিয়েটিভ লাইনৰ ফেষ্টিভেল ডাইৰেক্টৰ ড° মৃণালজ্যোতি গোস্বামী,উপদেষ্টা ক্ৰমে নয়ন প্ৰসাদ,তপন দত্ত,কৌস্তুভমণি শইকীয়া, মহোৎসৱ সম্পাদক অনুপম শইকীয়া আৰু কেইবাগৰাকীও সদস্য উপস্থিত থাকি সাংবাদিকৰ লগত মত বিনিময় কৰে৷
ইয়াৰ লগতে এই নাট মহোৎসৱত আমন্ত্ৰিত ব্যক্তি দক্ষিণ কোৰিয়াৰ জিনইয়ং য়ুনৰ লগতে টিউনিচিয়াৰ হাফেদ খালিফা,লেবাননৰ কাছেম ইষ্টানবুল,ৰোমানিয়াৰ এণ্ডদ্ৰিয়া ,শ্ৰীলংকাৰ প্ৰসাদ উইক্ৰামাৰাথ্না আৰু সুজীবা পাথনিচেকাৰা আদিয়ে অনলাইন যোগে এই সংবাদমেলত অংশগ্ৰহণ কৰে৷
BBITF’২৫ ৰ ফেষ্টিভেল ডাইৰেক্টৰ ড° মৃণাল জ্যোতি গোস্বামীয়ে জানিবলৈ দিয়া মতে এয়া অসমত আন্তঃৰাষ্ট্ৰীয় সমন্বয়ৰ এক নতুন মঞ্চ৷
আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱ অনুস্থিত কৰি অসমীয়া নাটকক আন্তঃৰাষ্ট্ৰীয় মঞ্চলৈ লৈ যোৱাৰ প্ৰয়াস হিচাপেও পৰিগণিত হৈছে ভু্ল্লুং বুথুৰ আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱ৷
BBITF’২৫-এ সমান্তৰালভাৱে মহোৎসৱৰ দিনৰ ভাগত ‘‘থিয়েটাৰ কৰ্মশালা’’, ‘‘আলোচনাচক্ৰ’’ অনুস্থিত কৰাৰ লগতে পৰিৱেশ আৰু পাৰিপাৰ্শ্বিকতা বিষয়ক সজাগতা সৃষ্টিৰ বাবে ৰাজ্যখনৰ প্ৰকৃতি বিষয়ক সংগঠন ‘‘আৰণ্যক’’ৰ সহযোগিতাত পৰিৱেশ সংবেদনশীলতা বিষয়ক কৰ্মশালাৰো আয়োজন কৰিছে৷
লগতে পঢ়ক: মুম্বাইত ৰেড এলাৰ্ট; কৃত্ৰিম বানৰ ফলত অমিতাভ বচ্চনৰ বাংলোত সোমাল পানী