হৰিনামৰ ধ্বনিৰে মুখৰিত ৰাজ্যৰ সত্ৰ–নামঘৰ
আজিৰে পৰা আৰম্ভ হৈছে পবিত্ৰ ভাদ মাহ। ভাদমাহ উপলক্ষ্যে হৰিনামেৰে মুখৰিত হৈছে ৰাজ্যৰ সত্ৰ-নামঘৰ। অসমীয়া জনবিশ্বাস অনুসৰি ভাদ মাহটো অতি পৱিত্ৰ বুলি গণ্য কৰা হয় ।
অসমীয়া সমাজ জীৱনত পৱিত্ৰ মাহ হিচাপে বিবেচিত হৈ আহিছে ভাদ মাহ।এই পৱিত্ৰ ভাদ মাহতেই দুয়োজনা গুৰুৰ মহাপ্ৰয়াণ ঘটিছিল ।
এই ভাদ মাহতেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি হিচাপে পালন কৰা হয় ।ভগৱান কৃষ্ণও ভাদ মাহতেই উপজিছিল।
ৰাজ্যৰ নামঘৰ, সত্ৰসমূহত আজি পুৱাৰে পৰাই হৰিনামৰ ধ্বনি উঠিছে। দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হৈছে সমগ্ৰ ৰাজ্য। ভাদ মাহ উপলক্ষ্যে দিনে-নিশাই সত্ৰ-নামঘৰত চলিব নাম-কীৰ্তন।
যোৰহাটৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰতো আৰম্ভ হ’ল মাহজোৰা পালনাম। পুৱাই খোল–তাল–ডবা–শংখৰ ধ্বনিৰে মুখৰিত হ’ল ঢেকীয়াখোৱা বৰনামঘৰ। হৰি নামৰ ৰসেৰে মুখৰিত হৈছে চৌপাশ।
ঢেকীয়াখোৱা বৰনামঘৰত মাহজোৰাকৈ আয়োজন কৰিছে চাৰি প্ৰসংগীয়া নাম। অসমৰ লগতে উত্তৰ–পূৰ্বাঞ্চলৰ প্ৰায় ৪০ লাখ ভকত বৈষ্ণৱক আদৰিবলৈ ইতিমধ্যে সাজু হৈছে ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতি।
আজি পহিলা ভাদ উপলক্ষে পুৱাৰে পৰা হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থান। পৱিত্ৰ ভাদ মাহৰ পহিলা দিনটোৰ পৰা এমাহজুৰি ভকত-বৈষ্ণৱ, আই মাতৃ সকলে হৰি নাম, কীৰ্তনৰে মুখৰিত কৰি তুলিব বটদ্ৰৱাৰ আকাশ বতাহ।
পুৱাৰে পৰা বটদ্ৰৱা থানলৈ আগমন ঘটিছে তীৰ্থযাত্ৰী, ভকত বৈষ্ণৱৰ। পহিলা ভাদ উপলক্ষে ভকত বৈষ্ণৱৰ উপস্থিতিত আধ্যাত্মিক পৰিবেশ বিৰাজ কৰিছে বটদ্ৰৱাত।