জাননী প্ৰেৰণ কৰি নিৰ্বাচনী আয়োগে বিচাৰিলে প্ৰমাণ
কৰ্ণাটকৰ মুখ্য নিৰ্বাচনী বিষয়াই দেওবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীলৈ জাননী জাৰি কৰিছে,য’ত তেওঁ অভিযোগ কৰিছিল যে এগৰাকী মহিলাই দুবাৰকৈ ভোটদান কৰিছিল।
নিৰ্বাচনী শীৰ্ষ বিষয়াগৰাকীয়ে কয় যে ৰাহুল গান্ধীৰ এই নথি-পত্ৰই সম্পূৰ্ণ তদন্ত চলোৱাত সহায় কৰিব।যোৱা সপ্তাহত নতুন দিল্লীত এখন সংবাদমেলত ৰাহুল গান্ধীয়ে এই নথিসমূহ দেখুৱাইছিল।
মুখ্য নিৰ্বাচনী বিষয়াই জাননীত লিখিছে, ‘ৰাহুল গান্ধীয়ে কয় যে ভোটগ্ৰহণ বিষয়াই দিয়া অভিলেখ অনুসৰি,শ্ৰীমতী শকুন ৰাণীয়ে দুবাৰকৈ ভোট দিছে, কিন্তু সোধা-পোছা কৰাত শ্ৰীমতী শকুন ৰাণীয়ে কয় যে তেওঁ দুবাৰ নহয়, এবাৰহে ভোট দিছে।
জাননীখনত উল্লেখ কৰা হৈছে মুখ্য কাৰ্যবাহী বিষয়াৰ কাৰ্যালয়ে কৰা প্ৰাৰম্ভিক তদন্ততো সেই কথা পোহৰলৈ আহিছে যে ৰাহুল গান্ধীয়ে দেখুওৱা টিক-মাৰ্ক থকা নথিখন ভোটগ্ৰহণ বিষয়াই জাৰি কৰা নাই।
মুখ্য নিৰ্বাচনী বিষয়াই জাননীখনত আৰু লিখিছে, ‘ৰাহুল গান্ধীক অনুৰোধ কৰা হৈছে যে তেওঁৰ হাতত যি নথি আছে, সেয়া নিৰ্বাচন আয়োগৰ সন্মুখত উপস্থাপন,যাৰ ভিত্তিত সিদ্ধান্ত লোৱা হওক যে শ্ৰীমতী শকুন ৰাণী বা আন কোনোবাই দুবাৰ ভোট দিছে আৰু এই বিষয়ে আয়োগে পুংখানুপুংখভাৱে তদন্ত কৰিব।
একে সময়তে বিহাৰত ভোটাৰ তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণ সন্দৰ্ভত দেওবাৰে নিৰ্বাচনী আয়োগে কয় যে ১ আগষ্টত বিহাৰৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ হোৱাৰ পিছৰে পৰা এতিয়ালৈকে কোনো ৰাজনৈতিক দলে ভোটাৰ তালিকাৰ পৰা নাম যোগ বা আঁতৰাবলৈ যোগাযোগ কৰা নাই।
নিৰ্বাচনী আয়োগে দিয়া তথ্য অনুসৰি, দাবী আৰু আপত্তি ১ ছেপ্টেম্বৰ পৰ্যন্ত খচৰা তালিকাত দাখিল কৰিব পাৰিব।য’ত যোগ্য নাগৰিকৰ নাম অন্তৰ্ভুক্ত কৰা বা অযোগ্য নাম আঁতৰোৱাৰ ব্যৱস্থা আছে।
লগতে পঢ়ক: ২০২৬ৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত নিৰ্বাচন অনুষ্ঠিত হ’ব বাংলাদেশত… নিৰ্বাচন আয়োগৰ ঘোষণা