অপাৰেচন সেন্দুৰৰ সময়ত আমি ৫খন পাকিস্তানী যুঁজাৰু বিমান ধ্বংস কৰিছিলোঃ

অপাৰেচন সেন্দুৰৰ সময়ত আমি ৫খন পাকিস্তানী যুঁজাৰু বিমান ধ্বংস কৰিছিলোঃ বায়ুসেনাৰ মুৰব্বী

অপাৰেচন সেন্দুৰৰ সময়ত আমি ৫খন পাকিস্তানী যুঁজাৰু বিমান ধ্বংস কৰিছিলোঃ অপাৰেচন সেন্দুৰৰ সময়ত ভাৰতীয় বায়ুসেনাৰ সফলতাৰ সন্দৰ্ভত এক ডাঙৰ মন্তব্য কৰিছে বায়ুসেনাৰ মুৰব্বী অমৰ প্ৰীত সিঙে । তেওঁ কয় যে অপাৰেচন সেন্দুৰৰ সময়ত আমাৰ সেনাই ৬খন পাকিস্তানী বিমান ধ্বংস কৰিছিল । ধ্বংস কৰা বিমানসমূহৰ ভিতৰত

অপাৰেচন সেন্দুৰৰ সময়ত আমি ৫খন পাকিস্তানী যুঁজাৰু বিমান ধ্বংস কৰিছিলোঃ

অপাৰেচন সেন্দুৰৰ সময়ত ভাৰতীয় বায়ুসেনাৰ সফলতাৰ সন্দৰ্ভত এক ডাঙৰ মন্তব্য কৰিছে বায়ুসেনাৰ মুৰব্বী অমৰ প্ৰীত সিঙে । তেওঁ কয় যে অপাৰেচন সেন্দুৰৰ সময়ত আমাৰ সেনাই ৬খন পাকিস্তানী বিমান ধ্বংস কৰিছিল । ধ্বংস কৰা বিমানসমূহৰ ভিতৰত আছিল পাঁচখন পাকিস্তানী যুঁজাৰু বিমান আৰু এখন চোৰাংচোৱা বিমান AWACS । বায়ুসেনাৰ মুৰব্বীগৰাকীয়ে কয় যে আমি এই অভিযানৰ জৰিয়তে পাকিস্তানক স্পষ্ট বাৰ্তা দিছো ।

উল্লেখ্য যে অপাৰেচন সেন্দুৰৰ সময়ত পাকিস্তানক কৰা ক্ষতিসাধন সন্দৰ্ভত ভাৰতীয় বায়ুসেনাৰ এয়া প্ৰথম আনুষ্ঠানিক বক্তব্য ।

বেংগালুৰুত এক অনুষ্ঠানত ভাষণ দি এয়াৰ চিফ মাৰ্শ্বাল এ পি সিঙে এই আক্ৰমণৰ সফলতাৰ আঁৰত এছ-৪০০ এয়াৰ ডিফেন্স চিষ্টেম বুলি কয় । তেওঁ কয়, “এইবোৰ হৈছে আমি কৰা ক্ষয়-ক্ষতিৰ আগৰ আৰু পিছৰ ছবি (বাহাৱালপুৰ – জৈছ-ই-মহম্মদৰ মুখ্য কাৰ্যালয়ত)। ইয়াত প্ৰায় কোনো অৱশিষ্ট বাকী নাই । আনহাতে চাৰিওফালৰ অট্টালিকাবোৰ প্ৰায় সম্পূৰ্ণ নিৰাপদ । আমাৰ হাতত কেৱল উপগ্ৰহৰ ছবিয়েই নহয়, স্থানীয় সংবাদ মাধ্যমৰ পৰা পোৱা ছবিও আছিল যাৰ জৰিয়তে আমি ভিতৰৰ ছবিবোৰ চাব পাৰিছিলো । আমি ধ্বংস কৰা “বিগ বাৰ্ড” সম্ভৱতঃ এটা AWACS (Airborne Warning and Control System) আছিল । ইলেক্ট্ৰনিক চোৰাংচোৱা প্লেটফৰ্ম, যাৰ ধ্বংসই পাকিস্তানৰ বায়ু শক্তিত এক বৃহৎ আঘাত হানিছে ।”

৭ মে’ৰ আক্ৰমণৰ সময়ত সন্ত্ৰাসবাদী শিবিৰত সংঘটিত আক্ৰমণৰ আগৰ আৰু পিছৰ উপগ্ৰহৰ ছবিও শ্বেয়াৰ কৰে এয়াৰ চীফ মাৰ্শ্বাল সিঙে ।

বায়ুসেনাৰ মুৰব্বীগৰাকীয়ে কয় যে ৭ মে’ত আক্ৰমণ কৰা ৯টা লক্ষ্যৰ ভিতৰত এটা লক্ষ্য হৈছে তেওঁলোকৰ জ্যেষ্ঠ নেতৃত্বৰ আৱাসিক অঞ্চল মুৰিডকেত থকা লস্কৰ-তৈবাৰ মুখ্য কাৰ্যালয় । এইবোৰ আছিল তেওঁলোকৰ কাৰ্যালয় ভৱন য’ত তেওঁলোকে সভা পাতিবলৈ গোট খাইছিল । সেই ঠাইখন সীমান্তৰ ভিতৰত থকাৰ বাবেহে আমি ভিডিঅ’ ল’ব পাৰিলোঁ ।

লগতে পঢ়ক : ‘এইয়াই বিহাৰৰ ভাগ্যোদয়ৰ আৰম্ভণি…’; বিহাৰত অমিত শ্বাহৰ ডাঙৰ মন্তব্য