ধৰালীত ডাৱৰ বিস্ফোৰণত ব্যাপক ধ্বংসলীলা
দেৱভূমি উত্তৰাখণ্ডত প্ৰকৃতিৰ তাণ্ডৱ । উত্তৰকাশী জিলাৰ ধৰালীত ডাৱৰ বিস্ফোৰণৰ ফলত খীৰগংগাত প্ৰৱল বানপানীৰ সৃষ্টি হয় । পাহাৰৰ পৰা নামি অহা বোকা-পানীৰ ঢলে নামনি অঞ্চলত ব্যাপক ধ্বংসলীলাৰ সৃষ্টি কৰিছে । এই পৰ্যন্ত ধৰালী দুৰ্যোগত চাৰিজন লোকৰ মৃত্যু হৈছে । আনহাতে বহু লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থকাৰ খবৰ পোৱা গৈছে । বহু হোটেলত পানী আৰু ধ্বংসাৱশেষ প্ৰৱেশ কৰিছে । সম্পূৰ্ণৰূপে ধ্বংস হৈছে ধৰালী বজাৰ । বহু হোটেল আৰু দোকান ধ্বংসপ্ৰাপ্ত হৈছে । সেনা, আৰক্ষী, এছ ডি আৰ এফৰ দল উদ্ধাৰ কাৰ্যৰ বাবে ৰাওনা হৈছে ।
ধাৰাসাৰ বৰষুণে উত্তৰাখণ্ডত বিধ্বংসী ৰূপ ধাৰণ কৰিছে । মঙলবাৰে পুৱা উত্তৰকাশী বদকোটত এলেকাৰ বানাল পট্টিত প্ৰচণ্ড বৰষুণে প্ৰায় ডেৰ ডজন ছাগলী উটুৱাই লৈ যায় । কুড গাডেৰা উফন্দি উঠাৰ লগে লগে চৌদিশে আতংকৰ সৃষ্টি হয় । বতৰ বিজ্ঞান কেন্দ্ৰৰ সঞ্চালক ৰোহিত থাপলিয়ালে কয় যে, ১০ আগষ্টলৈকে সমগ্ৰ ৰাজ্যতে ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে । বিশেষকৈ পাহাৰীয়া অঞ্চলত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে । একে সময়তে বৰষুণৰ বাবে সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰেও ডেৰাডুন, পৌৰী, তেহৰী আৰু হৰিদ্বাৰত বিদ্যালয় বন্ধ থাকিব ।
শোক প্ৰকাশ মুখ্যমন্ত্ৰী ধামীৰ-
ধৰালী উত্তৰকাশী অঞ্চলত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা প্ৰচণ্ড ক্ষতিক লৈ গভীৰ শোক প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ধামীয়ে । তেওঁ কয় যে এছ ডি আৰ এফ, এন ডি আৰ এফ, জিলা প্ৰশাসন আৰু অন্যান্য আনুষংগিক দলসমূহ সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে যুদ্ধকালীন গতিত সাজু হৈছে । এই সন্দৰ্ভত তেওঁ অহৰহ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে যোগাযোগত আছে বুলি মন্তব্য কৰে ।
উত্তৰকাশীত ডাৱৰ বিস্ফোৰণ সন্দৰ্ভত প্ৰাথমিক তথ্য লাভ কৰিছে ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰই । উত্তৰাখণ্ড দুৰ্যোগ ব্যৱস্থাপনা বিভাগে ভাৰত চৰকাৰক সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে দুখন এম আই আৰু এখন চিনুক হেলিকপ্টাৰ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে ।
যমুনোত্ৰী ঘাইপথঃ স্যানাচট্টীৰ সমীপত ২৫ মিটাৰ পথ ভাঙি পৰিল
দেওবাৰে নিশাৰ পৰা জিলাখনত হোৱা বৰষুণৰ বাবে স্যানাচট্টীৰ সমীপৰ যমুনোত্ৰী ঘাইপথৰ প্ৰায় ২৫ মিটাৰ ভাঙি গৈছে, যাৰ বাবে যাতায়ত বন্ধ হৈ পৰিছে । একে সময়তে শ্যানচট্টীৰ এফালে পাহাৰৰ পৰা শিলগুটি বাগৰি পৰিছে । আনহাতে, পুৱাৰে পৰা বিয়লিলৈকে বহু ঠাইত গংগোত্ৰী ঘাইপথ আৱদ্ধ হৈ থাকে । এইবাৰৰ বাৰিষাৰ বৰষুণৰ বাবে যমুনোত্ৰী ঘাইপথৰ সমস্যাই বন্ধ হোৱাৰ নাম লোৱা নাই । দেওবাৰে নিশাৰ পৰা হোৱা বৰষুণৰ বাবে স্যানাচট্টীৰ ওজৰি ডাবৰকোটৰ সমীপত ধ্বংসাৱশেষ আৰু শিলগুটি বাগৰি পৰাৰ বাবে পথটোৰ চলাচল বন্ধ হৈ পৰে । একে সময়তে স্যানচট্টীৰ সিটো পাৰে কুপডা মটৰ পথৰ সমীপত প্ৰায় ২৫ মিটাৰ পথ ভাঙি যোৱাৰ ফলত সমস্যা অধিক বৃদ্ধি পাইছে ।
লগতে পঢ়ক : অশান্তজৰ্জৰ মণিপুৰত এডিজি বিএছএফ ইষ্টাৰ্ণ কমাণ্ডৰ মহেশ কুমাৰ আগৰৱাল…