চিকিৎসালয়লৈ গৈ শিবু ছোৰেনক শ্ৰদ্ধাঞ্জলি জনালে প্ৰধানমন্ত্ৰী মোদীয়ে
সোমবাৰে পুৱা ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জে এম এমৰ প্ৰতিষ্ঠাপক পৃষ্ঠপোষক শিবু ছোৰেনৰ মৃত্যু হয় । দিল্লীৰ গংগাৰাম হাস্পতালত ৮১ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ । ঝাৰখণ্ড আৰু দেশৰ ডাঙৰ জনজাতীয় নেতা হিচাপে পৰিচিত শিবু ছোৰেনক সন্মানেৰে দিশোম গুৰু বুলিও অভিহিত কৰা হৈছিল ।
শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে-
শিবু ছোৰেনৰ পুত্ৰ তথা ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে পুৱাতে পিতৃৰ মৃত্যু নিশ্চিত কৰি আৱেগিক বাৰ্তাত লিখিছে, ‘শ্ৰদ্ধাৰ দিশোম গুৰুজীয়ে আমাৰ সকলোকে এৰি থৈ গৈছে । আজি মই অকলশৰীয়া হৈ পৰিছো ।’ ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি শাসক-বিৰোধী দলৰ বহু ডাঙৰ নেতাই শিবু ছোৰেনৰ মৃত্যুত শোক প্ৰকাশ কৰিছে । দিল্লীৰ গংগাৰাম হাস্পতালত উপস্থিত হৈ প্ৰধানমন্ত্ৰী মোদীয়ে শিবু ছোৰেনৰ মৃতদেহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
এই সময়ছোৱাত চিকিৎসালয়ৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ কিছু ছবি প্ৰকাশ পাইছে য’ত তেওঁ আৱেগিক হেমন্ত ছোৰেনক সান্ত্বনা দিয়া দেখা গৈছে । প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হেমন্ত ছোৰেন হাতত ধৰি থিয় হৈ আছে আৰু প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ কান্ধত হাত থৈছে । এই ফটোত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক সান্ত্বনা দিয়া দেখা গৈছে । দ্বিতীয়খন ফটোত দেখা গৈছে হেমন্তৰ ছোৰেনৰ পত্নী কল্পনা ছোৰেনক ।
আন এখন ছবিত প্ৰধানমন্ত্ৰী মোদীয়ে জে এম এমৰ নেতা শিবু ছোৰেনৰ প্ৰতি মূৰ দোঁৱাই শ্ৰদ্ধাঞ্জলি জনোৱা দেখা গৈছে । শিবু ছোৰেনৰ মৃত্যুত শোক প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘জনসেৱাৰ ক্ষেত্ৰত নিজৰ নিৰন্তৰ নিষ্ঠাৰে নিজৰ নাম উজলাই তোলা তৃণমূল পৰ্যায়ৰ নেতা আছিল শিবু ছোৰেন । বিশেষকৈ জনজাতীয় সম্প্ৰদায়, দৰিদ্ৰ আৰু বঞ্চিত লোকসকলৰ সবলীকৰণৰ বাবে তেওঁ উৎসৰ্গিত আছিল ।’ প্ৰধানমন্ত্ৰী মোদীয়ে আৰু কয়, ‘শিবু ছোৰেনৰ মৃত্যুত মই গভীৰ শোক প্ৰকাশ কৰিছো । তেখেতৰ পৰিয়াল আৰু আপোনজনৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ । ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ সৈতে বাৰ্তালাপ কৰি শোক প্ৰকাশ কৰিছো ।’
শোক প্ৰকাশ কৰিলে ৰাহুল গান্ধীয়ে-
ইয়াৰ উপৰিও বিৰোধী দলপতি ৰাহুল গান্ধীয়ে শোক প্ৰকাশ কৰি কয় যে, ‘ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জে এম এমৰ জ্যেষ্ঠ নেতা শিবু ছোৰেন জীৰ মৃত্যুত মই গভীৰ শোক প্ৰকাশ কৰিছো । জনজাতীয় সমাজৰ বলিষ্ঠ কণ্ঠস্বৰ ছোৰেন জীয়ে গোটেই জীৱন তেওঁলোকৰ অধিকাৰ আৰু প্ৰাপ্যৰ বাবে যুঁজিছিল । ঝাৰখণ্ড সৃষ্টিৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা সদায় স্মৰণীয় হৈ থাকিব । হেমন্ত ছোৰেণ জী আৰু সমগ্ৰ ছোৰেন পৰিয়ালৰ লগতে গুৰুজীৰ সকলো সমৰ্থকলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো ।’
মঙলবাৰে ৰাঁচীত অনুষ্ঠিত হ’ব জে এম এম নেতা শিবু ছোৰেনৰ অন্তিম অনুষ্ঠান । এই সময়ছোৱাত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী ৰাঁচীলৈ গৈ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব । জে এম এমৰ মুখপাত্ৰ সুপ্ৰিয় ভট্টাচাৰ্যই জনোৱা মতে, সোমবাৰে সন্ধিয়া গুৰুজীৰ মৃতদেহ ৰাঁচীলৈ অনা হ’ব আৰু মঙলবাৰে পুৱা মৃতদেহ ৰামগড় জিলাৰ তেওঁৰ জন্ম গাঁও নেমৰালৈ লৈ যোৱা হ’ব, য’ত তেওঁক সৎকাৰ কৰা হ’ব ।
লগতে পঢ়ক : এটা যুগৰ অন্ত ;ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিবু সোৰেনৰ দেহাৱসান









