পথ দুৰ্ঘটনাক লৈ উচ্চতম ন্যায়ালয়ৰ ডাঙৰ সিদ্ধান্ত
পথ দুৰ্ঘটনাক লৈ উচ্চতম ন্যায়ালয়ে এক ডাঙৰ সিদ্ধান্ত লৈছে। উচ্চতম ন্যায়ালয়ে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি কৈছে যে, যদি কোনো গাড়ী চালকে কোনো সতৰ্কবাণী অবিহনে ঘাইপথত হঠাতে ব্ৰেক লগায়, তেন্তে পথ দুৰ্ঘটনা হ’লে তেওঁৰ গাফিলতি বুলি গণ্য কৰা হ’ব পাৰে।
মঙলবাৰে ন্যায়াধীশ সুধাংশু ধুলীয়া আৰু অৰবিন্দ কুমাৰৰ বিচাৰপীঠে এই কথা প্ৰকাশ কৰি কয় যে, কোনো চালকে ঘাইপথৰ মাজত হঠাতে নিজৰ বাহন ৰখাই দিয়া, লাগিলে ব্যক্তিগত জৰুৰীকালীন অৱস্থাৰ বাবেই নহওক কিয়, ইয়াক ন্যায্যতা প্ৰদান কৰিব নোৱাৰি কাৰণ ই পথত খোজ কঢ়া আন মানুহৰ বাবে বিপদৰ সৃষ্টি কৰিব পাৰে।
বিচাৰপীঠৰ বাবে ৰায় লিখা ন্যায়াধীশ ধুলিয়াই কয় ঘাইপথত তীব্ৰবেগী বাহনৰ সম্ভাৱনা আছে আৰু যদি কোনো চালকে নিজৰ বাহনখন ৰখাব বিচাৰে, তেন্তে তেওঁৰ দায়িত্ব যে পথত পিছফালে অনুসৰণ কৰা আন বাহনবোৰক সতৰ্কবাণী বা সংকেত দিয়াটো।
এই সিদ্ধান্ত অভিযান্ত্ৰিক ছাত্ৰ এছ মহম্মদ হাকিম (৭০)ৰ আবেদনৰ ভিত্তিত লোৱা হৈছে, যাৰ বাওঁ ভৰিখন ২০১৭ চনৰ ৭ জানুৱাৰীত কইম্বাটুৰত সংঘটিত হোৱা পথ দুৰ্ঘটনাৰ পিছত কাটিবলগীয়া হৈছিল।
লগতে পঢ়ক: ‘হিন্দু কেতিয়াও সন্ত্ৰাসবাদী হ’ব নোৱাৰে…’; ৰাজ্যসভাত গৰজি উঠিল অমিত শ্বাহ