NISAR

শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ NISAR; আগতীয়াকৈ লাভ কৰিব ভূমিকম্প আৰু ছুনামীৰ সতৰ্কতা

শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ NISAR ভাৰত আৰু সমগ্ৰ বিশ্বৰ বাবে ৩০ জুলাই দিনটো এক ঐতিহাসিক হিচাপে পৰিগণিত হৈছে। কাৰণ আজি নাছা আৰু ইছৰোৰ যৌথ প্ৰকল্প NISAR (নাছা-ইছৰো চিন্থেটিক এপাৰচাৰ ৰাডাৰ) উপগ্ৰহ সফলতাৰে উৎক্ষেপণ কৰা হয়। এই পৰিক্ষণ অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা সন্ধিয়া

শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ NISAR

ভাৰত আৰু সমগ্ৰ বিশ্বৰ বাবে ৩০ জুলাই দিনটো এক ঐতিহাসিক হিচাপে পৰিগণিত হৈছে। কাৰণ আজি নাছা আৰু ইছৰোৰ যৌথ প্ৰকল্প NISAR (নাছা-ইছৰো চিন্থেটিক এপাৰচাৰ ৰাডাৰ) উপগ্ৰহ সফলতাৰে উৎক্ষেপণ কৰা হয়।

এই পৰিক্ষণ অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা সন্ধিয়া ৫:৪০ বজাত কৰা হয়। যিটো ভাৰতৰ মহাকাশ বিজ্ঞানত এক ডাঙৰ জাঁপ হিচাপে দেখা গৈছে।  

NISAR ক পৃথিৱী নিৰীক্ষণৰ দিশত এক বৈপ্লৱিক পদক্ষেপ হিচাপে বিবেচিত হৈছে। ইয়াৰ ফলত ভূমিকম্প, চুনামী, আগ্নেয়গিৰি আৰু ভূমিস্খলনৰ দৰে বিপৰ্যয়জনক প্ৰাকৃতিক দুৰ্যোগৰ সময়মতে সতৰ্কবাণী প্ৰদান কৰিবলৈ ডিজাইন কৰা হৈছে।

এই উপগ্ৰহটোক “পৃথিৱীৰ MRI স্কেনাৰ” বুলিও কোৱা হৈছে। কাৰণ ই পৃথিৱীৰ পৃষ্ঠৰ ইমান সুক্ষ্ম ছবি তুলিব পাৰে যিয়ে মাত্ৰ চেণ্টিমিটাৰ স্কেলতো পৰিৱৰ্তন ধৰা পেলাব পাৰে।

লগতে পঢ়ক: আজি উৎক্ষেপণ কৰা হ’ব নিছাৰ অভিযান; বিশ্বই দেখিব ভাৰতৰ মহাকাশ অভিযান্ত্ৰিকতাৰ শক্তি