যিকোনো মূহুৰ্ততে ভাৰত এৰিব পাৰে গৌৰৱ গগৈয়ে
সংসদত অপাৰেচন সিন্দুৰ সন্দৰ্ভত বিতৰ্কৰ পিছত অসমৰ ৰাজনীতিত এক বৃহৎ ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি হৈছে । কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে নাম প্ৰকাশ নকৰাকৈ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ছ’চিয়েল মিডিয়াত এটা পোষ্টত তেওঁ কয় যে যোৰহাটৰ সাংসদে সংসদত দিয়া ভাষণেই যে তেওঁ পাকিস্তানৰ হৈ কথা কয় সেয়া প্ৰমাণ কৰিবলৈ যথেষ্ট । তেওঁৰ গোপন ভ্ৰমণ আৰু পাকিস্তানী শক্তি প্ৰতিষ্ঠানৰ সৈতে ঘনিষ্ঠ সম্পৰ্কই বহু কথাই কয় ।
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে পোষ্ট কৰি কয় যে কালি যোৰহাটৰ সাংসদগৰাকীয়ে সংসদত দিয়া ভাষণে তেওঁ যে পাকিস্তানৰ হৈ কাম কৰি আছে সেয়া কোনো সন্দেহ অবিহনেই প্ৰমাণ কৰিলে । তেওঁৰ গোপন ভ্ৰমণ আৰু পাকিস্তানী প্ৰতিষ্ঠানৰ সৈতে ঘনিষ্ঠ সম্পৰ্কই বহু কথাই কয় । পত্নী আৰু দুয়ো সন্তানৰ বিদেশী নাগৰিকত্ব থকাৰ বাবে তেওঁ যিকোনো সময়তে ভাৰত এৰি যাব পাৰে । তেওঁ অসমৰ বাবে বদনাম আৰু এজন গৌৰৱান্বিত ভাৰতীয় হিচাপে আমাৰ গৌৰৱৰ প্ৰতাৰক ।
speech delivered by our MP from Jorhat in Parliament yesterday proved beyond doubt that he acts on behalf of Pakistan. His secret trip and close ties with the Pakistani establishment speak volumes. With his wife and both the kids holding foreign citizenship, he can leave India…
— Himanta Biswa Sarma (@himantabiswa) July 29, 2025
সংসদত চৰকাৰক আক্ৰমণ গৌৰৱ গগৈৰ-
লোকসভাত কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে মোদী চৰকাৰক প্ৰশ্ন কৰে যে পহলগামৰ দৰে উচ্চ নিৰাপত্তাসম্পন্ন এলেকাত সন্ত্ৰাসবাদী কেনেকৈ প্ৰৱেশ কৰিলে । তেওঁ কয় যে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বহু কথা কৈছিল, কিন্তু আক্ৰমণৰ ১০০ দিনৰ পাছতো কিয় ধৰা নপৰিল সেই পাঁচ সন্ত্ৰাসবাদী । প্ৰতিৰক্ষা প্ৰস্তুতি আৰু চোৰাংচোৱা বিফলতা সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰে গগৈয়ে ।
কিমান যুদ্ধ বিমান ধ্বংস হৈছে কোৱা উচিত- গগৈ
ৰাফেলৰ দৰে বিমান হেৰুৱাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি গগৈয়ে কয় যে তেওঁ ৰাজনাথ সিং জীৰ পৰা জানিব বিচাৰে যে আমাৰ কিমানখন যুদ্ধ বিমান ধ্বংস হৈছে । এই কথা কেৱল জনসাধাৰণৰ বাবেই নহয়, জোৱানসকলৰ বাবেও জনাটো গুৰুত্বপূৰ্ণ, কাৰণ তেওঁলোককো মিছা কথা কোৱা হৈছে । তেওঁ চৰকাৰক তথ্য লুকুৱাই ৰখাৰ অভিযোগ উত্থাপন কৰে ।
যুদ্ধবিৰতিক লৈ প্ৰশ্ন উত্থাপন-
কংগ্ৰেছৰ সাংসদগৰাকীয়ে চৰকাৰক সুধিছিল যে যেতিয়া সমগ্ৰ দেশে অপাৰেচন সিন্দুৰক সমৰ্থন কৰি আছে, তেন্তে ১০ মে’ত হঠাতে যুদ্ধবিৰতি কিয় ঘোষণা কৰা হ’ল । তেওঁ কয় যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিজেই ২৬ বাৰ কৈছে যে যুদ্ধ বন্ধ কৰিবলৈ ভাৰত আৰু পাকিস্তানৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছে । গগৈৰ প্ৰশ্ন আছিল বাহ্যিক হেঁচাত ভাৰতে আত্মসমৰ্পণ কৰিলে নেকি ?
গগৈয়ে কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন কৰিছিল যে পহলগাম আক্ৰমণৰ দায়িত্ব কোনে ল’ব । তেওঁ কয় যে যদি জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ দায়ী হয়, তেন্তে তেওঁৰ পিছফালে কেন্দ্ৰীয় চৰকাৰে আশ্ৰয় ল’ব নোৱাৰে । গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীয়ে দায়িত্ব ল’ব লাগে ।
লগতে পঢ়ক : অপাৰেচন সিন্দুৰক লৈ লোকসভাত সেনাৰ বীৰত্বৰ প্ৰশংসা ৰাজনাথ সিঙৰ…