ভাৰতীয় সেনাৰ বৃহৎ সফলতা
এফালে অপাৰেচন সিন্দুৰক লৈ সংসদত তুমুল বিতৰ্ক চলি আছে, আনফালে জম্মু-কাশ্মীৰত সেনাই অপাৰেচন মহাদেৱৰ অধীনত পহলগাম আক্ৰমণত জড়িত মূল সন্ত্ৰাসবাদীক হত্যা কৰিছে । এই পৰ্যন্ত ভাৰতীয় সেনাই তিনিটা সন্ত্ৰাসবাদীক হত্যা কৰিছে । ইয়াৰ ভিতৰত আছে হাছিম মুছা ওৰফে শ্বাহ চুলেমান, আবু হামজা আৰু পহলগাম আক্ৰমণৰ মাষ্টাৰমাইণ্ড বুলি কোৱা মহম্মদ ইয়াছিৰ । জানক সেনাই হত্যা কৰা এটা সন্ত্ৰাসবাদী হাছিম মুছা কোন আছিল ।
পাকিস্তানী সেনাবাহিনীত লৈছিল কামাণ্ডো প্ৰশিক্ষণ-
নিৰাপত্তা সংস্থাসমূহৰ মতে, হাছিম মুছাই পাকিস্তানী সেনাৰ বিশেষ সেৱা গোট (এছ এছ জি)ত পেৰা কামাণ্ডো হিচাপে প্ৰশিক্ষণ লৈছিল । ইয়াৰ পিছত সন্ত্ৰাসবাদীটোৱে লস্কৰ-ই-তৈবাত যোগদান কৰি সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাবলৈ আৰম্ভ কৰে । কোৱা হয় যে ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত সন্ত্ৰাসবাদীটোৱে ভাৰতত প্ৰৱেশ কৰি পুনৰ দক্ষিণ কাশ্মীৰত সন্ত্ৰাসবাদী অভিযান আৰম্ভ কৰে ।
গাণ্ডাৰবালত ৭ জন সাধাৰণ নাগৰিকক হত্যা কৰাৰ অভিযোগ-
২০২৫ চনৰ ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত ৰক্তাক্ত আক্ৰমণত ২৬ জন লোক নিহত হয় । এই ঘটনাৰ মূল অভিযুক্ত হিচাপে নিৰাপত্তা সংস্থাই হাছিম মুছাক চিনাক্ত কৰিছিল । ইয়াৰ পূৰ্বে ২০২৪ চনৰ অক্টোবৰ মাহত হাছিমৰ নেতৃত্বত চলোৱা আক্ৰমণত গাণ্ডাৰবালত ৭ জন সাধাৰণ নাগৰিক আৰু বাৰামুল্লাত চাৰিজন নিৰাপত্তাৰক্ষী নিহত হৈছিল । সংস্থাসমূহৰ মতে, সন্ত্ৰাসবাদীটো কমেও ছটা সন্ত্ৰাসবাদী কাণ্ডৰ সৈতে জড়িত হৈ আছিল ।
হাছিম মুছা কোন আছিল ?
চুলেইমান শ্বাহ মুছা ফৌজী নামেৰে পৰিচিত হাছিম মুছা লস্কৰ-ই-তৈবাৰ এটা বিপজ্জনক কামাণ্ডো আছিল ।
বেকগ্ৰাওণ্ডঃ হাছিম মুছা আছিল পাকিস্তানৰ বিশেষ প্ৰশিক্ষণ সেনা ইউনিট (SSG)ৰ পেৰা কমাণ্ডো ।
লস্কৰত যোগদানঃ ২০২২ চনত ভাৰতত অনুপ্ৰৱেশ কৰি লস্কৰত যোগদান কৰে । বহু আক্ৰমণৰ ষড়যন্ত্ৰ কৰিছিল ।
আক্ৰমণৰ মাষ্টাৰমাইণ্ডঃ পহলগাম আক্ৰমণৰ পৰিকল্পনা আৰু সম্পাদনত সন্ত্ৰাসবাদীটোৱে মুখ্য ভূমিকা পালন কৰিছিল । ১৫ এপ্ৰিলৰ পৰা বৈছাৰণ উপত্যকাত থাকি সাত দিন চোৰাংচোৱাগিৰি কৰিছিল ।
সোণামাৰ্গ সংযোগঃ এই সন্ত্ৰাসবাদীটোৱে সোণামাৰ্গ সুৰংগ আক্ৰমণৰো নেতৃত্ব দিছিল, য’ত সাতজন লোকে প্ৰাণ হেৰুৱাইছিল ।
লুকাই থকা ঠাইঃ ডাচিগাম আৰু লিদ্ৱাছৰ হাবিত আত্মগোপন কৰি আছিল, য’ৰ পৰা সন্ত্ৰাসবাদীটোৱে পাকিস্তানলৈ পলায়ন কৰিবলৈ চেষ্টা কৰিছিল ।
কেইবাটাও আক্ৰমণত জড়িত (যেনে গেণ্ডৰবাল আৰু বাৰামুলাৰ দৰে) হাছিম মুছাক বন্দী বা হত্যা কৰিলে সেনাই ১০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল ।
অপাৰেচন মহাদেৱ আৰু লিদৱাছৰ এনকাউণ্টাৰ-
পহলগাম আক্ৰমণৰ ৯৬ দিনৰ পাছত আৰম্ভ হোৱা অপাৰেচন মহাদেৱে হাছিম মুছাক নিৰ্মূল কৰাত সফল হয় । ভাৰতীয় সেনাই ড্ৰোন, থাৰ্মেল ইমেজিং আৰু হিউমেন ইনটেলিজেন্সৰ সহায়ত হাছিমৰ স্থান অনুসৰণ কৰিছিল । লিদৱাছৰ অৰণ্যত সন্ত্ৰাসবাদীটোৰ উপস্থিতি ধৰা পৰিছিল ।
২৮ জুলাইৰ পুৱা ভাৰতীয় সেনাই অঞ্চলটো ঘেৰাও কৰে । হাছিম আৰু তাৰ লগত থকা সন্ত্ৰাসবাদী দুটাই গুলীচালনা আৰম্ভ কৰে যদিও ৬ ঘণ্টীয়া এনকাউণ্টাৰৰ অন্তত তিনিওটাই নিহত হয় ।
এই এনকাউণ্টাৰত নিহত সন্ত্ৰাসবাদী কেইটাৰ পৰা এ কে-৪৭, গ্ৰেনেড, আৰু আই ই ডি (বোমা) উদ্ধাৰ কৰা হয় । হাছিমৰ সৈতে পাকিস্তানী পাছপ’ৰ্ট আৰু চেটেলাইট ফোনো পোৱা গৈছে, য’ত আই এছ আইৰ সৈতে সন্ত্ৰাসবাদীটোৰ সম্পৰ্ক চিনাক্ত কৰা হৈছে ।
লগতে পঢ়ক : শ্ৰীনগৰত পহলগাম আক্ৰমণত জড়িত সন্ত্ৰাসবাদী নিহত; ভাৰতীয় সেনাৰ বৃহৎ সফলতা