দক্ষিণ কোৰিয়াত বানৰ বিধ্বংসী ৰূপ

দক্ষিণ কোৰিয়াত বৰষুণৰ বিধ্বংসী ৰূপ… উটি গ’ল হাজাৰ হাজাৰ বাহন, ১৮ জনৰ মৃত্যু

দক্ষিণ কোৰিয়াত বানৰ বিধ্বংসী ৰূপ এইবাৰ বৰষুণে দক্ষিণ কোৰিয়াত বিধ্বংসী ৰূপ ধাৰণ কৰিছে । সোমবাৰে দেশখনৰ আভ্যন্তৰীণ আৰু সুৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি প্ৰচণ্ড বৰষুণৰ বাবে হোৱা বানপানী আৰু ভূমিস্খলনৰ ফলত কমেও ১৮ জন লোকৰ মৃত্যু হৈছে । অৱশ্যে সোমবাৰে দক্ষিণ কোৰিয়াত ধাৰাসাৰ বৰষুণৰ পৰা

দক্ষিণ কোৰিয়াত বানৰ বিধ্বংসী ৰূপ

এইবাৰ বৰষুণে দক্ষিণ কোৰিয়াত বিধ্বংসী ৰূপ ধাৰণ কৰিছে । সোমবাৰে দেশখনৰ আভ্যন্তৰীণ আৰু সুৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি প্ৰচণ্ড বৰষুণৰ বাবে হোৱা বানপানী আৰু ভূমিস্খলনৰ ফলত কমেও ১৮ জন লোকৰ মৃত্যু হৈছে । অৱশ্যে সোমবাৰে দক্ষিণ কোৰিয়াত ধাৰাসাৰ বৰষুণৰ পৰা কিছু সকাহ পোৱা গৈছে । দেওবাৰে সন্ধিয়ালৈকে ৯জন লোক নিৰুদ্দেশ হোৱাৰ লগতে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত অঞ্চলৰ বাসিন্দাসকলে দিগবিদিগ হেৰুৱাইছে বুলি মন্ত্ৰালয়ে জানিবলৈ দিয়ে ।

ৰাজধানী ছিউলৰ পৰা প্ৰায় ৬২ কিলোমিটাৰ উত্তৰ-পূবে অৱস্থিত গাপিয়ঙৰ একাংশ বাসিন্দাই দেওবাৰে মাত্ৰ ১৭ ঘণ্টাৰ ভিতৰতে ১৭৩ মিলিমিটাৰ (৬.৮ ইঞ্চি) বৰষুণৰ পিছত হোৱা বানপানীৰ পৰা ৰক্ষা পাবলৈ নিৰাপদ স্থানলৈ স্থানান্তৰিত হয় । ১৯৯৮ চনৰ ৩০ ছেপ্টেম্বৰত সৰ্বাধিক বৰষুণৰ ৰেকৰ্ড ভংগ কৰি এদিনতে অভিলেখ সৃষ্টি কৰা বৰষুণ হোৱা ঠাইসমূহৰ ভিতৰত অন্যতম হৈছে গাপিয়েং ।

মন্ত্ৰালয়ে জনোৱা মতে, দেওবাৰলৈকে গাপিয়ঙৰ আশে-পাশে ভূমিস্খলনৰ ফলত দুজন লোকৰ মৃত্যু হোৱাৰ লগতে চাৰিজন লোক নিৰুদ্দেশ হোৱাৰ লগতে বানপানীয়ে বাহনসমূহ উটুৱাই লৈ গৈছে । বৰষুণৰ পিছত বানপানীয়ে ইয়াত বসবাস কৰা লোকসকলৰ সকলো ধ্বংস কৰি পেলাইছে আৰু এতিয়া তেওঁলোকে নিজৰ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে ।

গৃহ মন্ত্ৰ্যালয়ে জনোৱা মতে, দেশখনত হোৱা বৰষুণৰ ফলত ১,৯৯৯টা ৰাজহুৱা গাথঁনি আৰু পামকে ধৰি ২,২৩৮টা ব্যক্তিগত সা-সুবিধা ক্ষতিগ্ৰস্ত হৈছে । যদিও বৰষুণ কমিছে, তথাপিও ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান সংস্থাই এতিয়া দেশজুৰি গ্ৰীষ্ম প্ৰৱাহৰ সতৰ্কবাণী জাৰি কৰিছে ।

লগতে পঢ়ক : পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা; মহাবিদ্যালয়ৰ অট্টালিকাত খুন্দিয়াই জ্বলি উঠিল বায়ুসেনাৰ বিমান

শেহতীয়া প্ৰৱন্ধসমূহ