BRICS

BRICS ক ধমকি ডনাল্ড ট্ৰাম্পৰ; ‘জিনিয়াছ এক্ট’ সন্দৰ্ভত ডাঙৰ মন্তব্য

BRICS ক ধমকি ডনাল্ড ট্ৰাম্পৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে শুকুৰবাৰে এটা ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰি, ‘আমেৰিকাৰ ষ্টেবলকইনৰ বাবে ৰাষ্ট্ৰীয় উদ্ভাৱনক গাইডিং আৰু প্ৰতিষ্ঠা কৰা’ অৰ্থাৎ ‘জিনিয়াছ এক্ট’ত স্বাক্ষৰ কৰি ইয়াক আইনলৈ ৰূপান্তৰিত কৰিলে। এই আইনখনৰ উদ্দেশ্য হৈছে আমেৰিকাক ডিজিটেল মুদ্ৰাৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ হিচাপে

BRICS ক ধমকি ডনাল্ড ট্ৰাম্পৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে শুকুৰবাৰে এটা ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰি, ‘আমেৰিকাৰ ষ্টেবলকইনৰ বাবে ৰাষ্ট্ৰীয় উদ্ভাৱনক গাইডিং আৰু প্ৰতিষ্ঠা কৰা’ অৰ্থাৎ ‘জিনিয়াছ এক্ট’ত স্বাক্ষৰ কৰি ইয়াক আইনলৈ ৰূপান্তৰিত কৰিলে।

এই আইনখনৰ উদ্দেশ্য হৈছে আমেৰিকাক ডিজিটেল মুদ্ৰাৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ হিচাপে গঢ়ি তোলা আৰু বিশ্বৰ বিত্তীয় ব্যৱস্থাত আমেৰিকান ডলাৰৰ আধিপত্য আৰু অধিক শক্তিশালী কৰা।

ট্ৰাম্পে ধেমালিতে কয় যে, ‘এই এক্টৰ নামটো মোৰ নামেৰে ৰখা হৈছে। এইখন সঁচাকৈয়ে এখন আচৰিত আইন!’ এই উপলক্ষে তেওঁ BRICSৰ দেশসমূহক (ব্ৰাজিল, ৰাছিয়া, ভাৰত, চীন, দক্ষিণ আফ্ৰিকা) কঠোৰভাৱে সকীয়াই দিছিল যে ডলাৰৰ শক্তিক প্ৰত্যাহ্বান জনোৱাৰ যিকোনো প্ৰচেষ্টা অসাৰ হ’ব।

GENIUS আইনত স্বাক্ষৰ কৰাৰ সময়ত ট্ৰাম্পে BRICS ৰ দেশসমূহক তীক্ষ্ণ সমালোচনা কৰি কয় যে, ‘ব্ৰিকছ নামৰ এটা সৰু গোট আছে, যিটো দ্ৰুতগতিত দুৰ্বল হৈ আহিছে’।

‘এই দেশসমূহে ডলাৰৰ শক্তি আৰু আধিপত্যক প্ৰত্যাহ্বান জনাবলৈ চেষ্টা কৰিছিল। মই স্পষ্টকৈ ক’লোঁ যে আমি যিকোনো ব্ৰিকছ দেশৰ ওপৰত ১০ শতাংশ শুল্ক আৰোপ কৰিম।ইয়াৰ পিছত পিছদিনা তেওঁলোকৰ সভালৈ প্ৰায় কোনো নাহিল।’

ট্ৰাম্পে আকৌ এবাৰ সেই কথাৰ ভাবুকি দি কয় যে, যদি ব্ৰিকছে ডলাৰ দুৰ্বল কৰাৰ চেষ্টা কৰে, তেন্তে তেওঁলোকৰ মিত্ৰতা অতি সোনকালে শেষ হ’ব।

তেওঁ সকীয়াই দিলে যে, ‘যদি আমি ডলাৰৰ বিশ্বব্যাপী সংৰক্ষিত মুদ্ৰা হিচাপে মৰ্যাদা হেৰুৱাওঁ, তেন্তে বিশ্বযুদ্ধত পৰাস্ত হোৱাৰ দৰে হ’ব।আৰু আমি কেতিয়াও এনেকুৱা হ’বলৈ নিদিওঁ।’

জিনিয়াছ আইনখনৰ লক্ষ্য হৈছে ডলাৰ-পেগ কৰা ষ্টেবলকইনৰ বাবে এক স্পষ্ট আৰু সহজ নিয়ন্ত্ৰণ ফ্ৰেম সৃষ্টি কৰা।ট্ৰাম্পে ইয়াক ইণ্টাৰনেটৰ জন্মৰ পিছত বিত্তীয় প্ৰযুক্তিৰ আটাইতকৈ ডাঙৰ বিপ্লৱ বুলি অভিহিত কৰে।

তেওঁ কয় যে, ‘এই আইনখনে আমেৰিকাক ক্ৰিপ্টো আৰু ডিজিটেল মুদ্ৰাৰ জগতৰ ৰজা কৰি তুলিব।আমি প্ৰতিশ্ৰুতি দিছিলো যে আমেৰিকা ক্ৰিপ্টো ৰাজধানী হ’ব,আৰু আজি আমি সেই প্ৰতিশ্ৰুতি পূৰণ কৰিলোঁ’।

লগতে পঢ়ক: কাইলৈ অনলাইনত হ’ব INDIA মিত্ৰজোঁটৰ অনলাইন বৈঠক; কোন কোন দলে কৰিব অংশগ্ৰহণ

শেহতীয়া প্ৰৱন্ধসমূহ