লছ এঞ্জেলছত আৰক্ষীৰ প্ৰশিক্ষণ কেন্দ্ৰত বিস্ফোৰণ
আমেৰিকাৰ লছ এঞ্জেলছত এক ভয়ংকৰ বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। এই বিস্ফোৰণৰ ফলত কমেও তিনিজন লোক নিহত হয়।
স্থানীয় সংবাদ মাধ্যমে শুকুৰবাৰে ভাৰতীয় সময় অনুসৰি নিশা প্ৰায় ৯ বজাত এই দুৰ্ঘটনাটো সংঘটিত হয়।লছ এঞ্জেলছৰ কাউন্টি শ্বেৰিফ বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰত সংঘটিত হয় এই ঘটনাটো।
জানিব পৰা মতে বোমা নিষ্কাশন দলৰ বাহনৰ সমীপতে এই বিস্ফোৰণটো সংঘটিত হৈছে। বৰ্তমান এই ঘটনাক দুৰ্ঘটনা হিচাপে তদন্ত কৰি থকা হৈছে আৰু আৰক্ষীয়ে বিস্ফোৰণৰ কাৰণ জানিবলৈ চেষ্টা চলাইছে।
আমেৰিকাৰ সময় অনুসৰি পুৱা প্ৰায় ৭:৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনাটো।এই দুৰ্ঘটনাত নিহত লোকসকলকো আৰক্ষী বুলি চিনাক্ত কৰা হৈছে। দুৰ্ঘটনাৰ বলি হোৱা তিনিওজন আৰক্ষী জোৱান বোমা নিষ্কাশন দলৰে অংশ আছিল।
বিস্ফোৰণটো ইমানেই শক্তিশালী আছিল যে প্ৰায় ২৫ গজ দূৰত ৰখাই থোৱা এটা ঘৰ ধ্বংস হৈ যায়। স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি বোমা নিষ্কাশন স্কোয়াডৰ জোৱানসকলে বিস্ফোৰক সামগ্ৰী কঢ়িয়াই লৈ ফুৰিছিল।
এই সময়তে সংঘটিত হয় এই দুৰ্ঘটনাটো। আৰক্ষীৰ লোকসকলে এতিয়া দুৰ্ঘটনাৰ কাৰণ জানিবলৈ চেষ্টা চলাইছে আৰু এতিয়ালৈকে বিস্ফোৰণৰ কাৰণ আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হোৱা নাই।
লগতে পঢ়ক: বাংলাদেশত শ্বেখ হাছিনা আৰু ইউনুছ সমৰ্থকৰ মাজত ৰক্তাক্ত সংঘৰ্ষ; ৪ জন নিহত