তৃতীয়বাৰৰ বাবে মাতৃ হ’বলৈ ওলাইছে ৰিহানা
গ্ৰেমী বঁটা বিজয়ী ৰিহানা তৃতীয়বাৰৰ বাবে মাতৃ হ’বলৈ ওলাইছে।তেওঁ কৈছে যে, এইবাৰ ৰিহানা এটি কন্যা সন্তান হোৱাটো বিচাৰিছে।
এটা সাক্ষাৎকাৰত যেতিয়া আয়োজকগৰাকীয়ে কণ্ঠশিল্পী তথা অভিনেত্ৰী গৰাকীক আগন্তুক সন্তানটোৰ (ল’ৰা বা ছোৱালী) লিংগৰ বিষয়ে প্ৰশ্ন কৰে।
তেতিয়া তেওঁ ধেমালিতে কয়, “আপোনালোকে অপেক্ষা কৰিব লাগিব আৰু চাব লাগিব। হে ভগৱান যদি ল’ৰা হয় তেনেহলে কি আপোনালোক দুখী হ’ব নেকি?
ইয়াৰ পিছত আয়োজকগৰাকীয়ে ক’লে, “আমি সকলোৱে মনে মনে আশা কৰিছো যে এইবাৰ আপোনাৰ এটি কন্যা সন্তান হ’ব, কাৰণ ইতিমধ্যে আপোনাৰ দুটা মৰমলগা পুত্ৰ আছে।” উল্লেখ্য যে ইয়াৰ পূৰ্বে তেওঁৰ দুটা পুত্ৰ সন্তান আছে।
এই সন্দৰ্ভত কণ্ঠশিল্পী গৰাকীয়ে যে তেওঁ নিজৰ দুই পুত্ৰক ডাঙৰ-দীঘল কৰি ভাল পায়, কিন্তু তথাপিও এইবাৰ তেওঁ এজনী ছোৱালী জন্ম দিব বিচাৰে।
ৰিহানাই কয়, “মই সদায় ছোৱালী বিচাৰিছিলো, কিন্তু ভগৱানে মোক দুটা ল’ৰা দিলে, বৰ মৰমলগা।” ৰিহানাই আৰু কয় যে তেওঁৰ আগন্তুক সন্তানৰ নাম ‘ৰ’ আখৰেৰে আৰম্ভ হ’ব, কাৰণ এতিয়া তেওঁৰ পৰিয়ালত এইটো এটা পৰম্পৰাত পৰিণত হৈছে।
উল্লেখ্য যে তেওঁৰ প্ৰথম পুত্ৰৰ বয়স তিনি বছৰ, যাৰ নাম R.Z.A. আনহাতে তেওঁৰ দ্বিতীয় পুত্ৰৰ নাম ৰিয়ট, যাৰ বয়স প্ৰায় ২ বছৰ। দুয়োৰে নাম ‘ৰ’ আখৰেৰে আৰম্ভ হয়। সেয়ে তৃতীয় সন্তানটিৰ নামো ৰ আখৰৰ হ’ব।
লগতে পঢ়ক: ‘মোৰ মৃত্যুৰ বাবে…’; এখন চিঠি লিখি আত্মহত্যা প্ৰাক্তন মিছ পুডুচেৰী ছান ৰেচলৰ