সুনীল গাভাস্কৰ

“এনেকুৱা এইকাৰণেই হৈছিল কাৰণ IPL ত…”; গিল বনাম ক্ৰ’লি বিতৰ্কক লৈ সুনীল গাভাস্কাৰৰ ডাঙৰ বক্তব্য

সুনীল গাভাস্কাৰৰ ডাঙৰ বক্তব্য লৰ্ডছ টেষ্ট মেচখনৰ তৃতীয় দিনৰ শেষ মুহূৰ্তত শুভমান গিল আৰু জেক ক্ৰ’লিৰ মাজত তেতিয়া বিতৰ্কৰ সৃষ্টি হয়, যেতিয়া ক্ৰ’লিয়ে ইচ্ছাকৃতভাৱে সময় নষ্ট কৰিবলৈ চেষ্টা কৰিছিল। দুয়োৰে মাজত তৰ্ক-বিতৰ্কৰ সৃষ্টি হৈছিল, যাৰ ওপৰত এতিয়া প্ৰাক্তন ভাৰতীয় কিংবদন্তি সুনীল গাভাস্কাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

সুনীল গাভাস্কাৰৰ ডাঙৰ বক্তব্য

লৰ্ডছ টেষ্ট মেচখনৰ তৃতীয় দিনৰ শেষ মুহূৰ্তত  শুভমান গিল আৰু জেক ক্ৰ’লিৰ মাজত তেতিয়া বিতৰ্কৰ সৃষ্টি হয়, যেতিয়া ক্ৰ’লিয়ে ইচ্ছাকৃতভাৱে সময় নষ্ট কৰিবলৈ চেষ্টা কৰিছিল।

দুয়োৰে মাজত তৰ্ক-বিতৰ্কৰ সৃষ্টি হৈছিল, যাৰ ওপৰত এতিয়া প্ৰাক্তন ভাৰতীয় কিংবদন্তি সুনীল গাভাস্কাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

সুনীল গাভাস্কাৰে এটা বিবৃতি দিছে যিয়ে অনুৰাগীৰ মাজত শিৰোনাম দখল কৰিছে।এই ঘটনা সন্দৰ্ভত আই পি এলৰ উদাহৰণ দি গাভাস্কাৰে নিজৰ মতামত আগবঢ়াইছে।

গাভাস্কাৰে প্ৰত্যক্ষভাৱে বিশ্বাস কৰে যে ইংলেণ্ডৰ বেছিভাগ খেলুৱৈয়ে আই পি এল খেলা নাই। যাৰ বাবে ইংলেণ্ড আৰু ভাৰতৰ খেলুৱৈৰ মাজত প্ৰতিযোগিতা আৰু স্লেজিং শীৰ্ষত আছে।

ধাৰাভাষ্যৰ সময়ত গাভাস্কাৰে কয়, “এইটো হোৱাৰ কাৰণ আছে। ইয়াৰ কাৰণ হ’ল ইংলেণ্ডৰ বহু খেলুৱৈয়ে আই পি এলত খেলা নাই”।এয়া মোৰ চিন্তাধাৰা।ইংলেণ্ড দলৰ  জো ৰুটে খেলা নাছিল, বেন ষ্ট’কছে খেলা নাছিল”।

“আন দলৰ ক্ষেত্ৰতো এইটো হৈছে যে তেওঁলোকৰ বহু খেলুৱৈ আই পি এলত আছে। ভাৰতীয় খেলুৱৈৰ লগত মিলি গৈছে, তেওঁলোকৰ লগত ভ্ৰমণ কৰিছে। চেঞ্জিং ৰুম শ্বেয়াৰ কৰিছে।”

নিজৰ কথাটো আৰু আগুৱাই লৈ গৈ গাভাস্কাৰে কয়, ‘মই কৈ আহিছো যে আই পি এলৰ আগতে কিছুমান খেলুৱৈৰ মাজত বহুত শত্ৰুতা আছিল, যিসকলে স্লেজিঙৰ সীমা অতিক্ৰম কৰিব।’

“সেই তীব্ৰতা এতিয়াও আছে।ভাৰতীয় আৰু ইংৰাজী খেলুৱৈয়ে আই পি এলত খেলা নাই বাবেই সংঘাতৰ সৃষ্টি হৈছে। যদি তেওঁ লোকেও আইপিএলত খেলিলে হয় তেতিয়া হয়টো এই বিতৰ্ক সৃষ্টি নহলে হয়”।

লগতে পঢ়ক: লৰ্ডছত শতক অৰ্জন কৰি ইতিহাস সৃষ্টি কে এল ৰাহুলৰ;  ভাৰতীয় ক্ৰিকেটত দ্বিতীয়বাৰৰ বাবে এই কৃতিত্ব

শেহতীয়া প্ৰৱন্ধসমূহ