লৰ্ডছত প্ৰকৃত পৰীক্ষাত অৱতীৰ্ণ হ’ব ভাৰত
ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া এণ্ডাৰছন-টেণ্ডুলকাৰ ট্ৰফী শৃংখলাৰ তৃতীয়খন টেষ্ট লৰ্ডছত অনুষ্ঠিত হ’ব । ভাৰতে এই খেলপথাৰত এতিয়ালৈকে ১৯খন খেল খেলিছে যদিও ইয়াত দলটোৰ অভিলেখ উন্নত নহয় । অৱশ্যে টিম ইণ্ডিয়াৰ বাবে ভাল কথাটো হ’ল শুভমন গীলৰ নেতৃত্বত ভাৰতে এডবাষ্টনত ইংলেণ্ডক ৩৩৬ ৰানত পৰাস্ত কৰে । এডবাষ্টন এনে এখন খেলপথাৰ য’ত ভাৰতে পূৰ্বে কেতিয়াও জয়ী হোৱা নাছিল । এই জয়ে শুভমন ব্ৰিগেডৰ মনোবল বৃদ্ধি কৰিছে আৰু ইংলেণ্ডক পৰাস্ত কৰি লৰ্ডছত নিজৰ অভিলেখ উন্নত কৰাৰ বাবে টিম ইণ্ডিয়াই চকু ৰাখিব ।
লৰ্ডছৰ অভিলেখ-
১৯৩২ চনৰ পৰা লৰ্ডছত ১৯খন খেল খেলিছে ভাৰতে । এই সময়ছোৱাত ৩খন খেলত জয়ী হোৱাৰ বিপৰীতে দলটোৱে ১২খন খেলত পৰাস্ত হৈছে । আনহাতে ৪খন মেচ ড্ৰ’ হৈছে । ভাৰতৰ জয়-পৰাজয়ৰ অভিলেখ ০.২৫ । ১৯৩২ চনত ভাৰতে প্ৰথমে ইয়াত এখন মেচ খেলিছিল, য’ত ১৫৮ ৰানত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল । এই খেলপথাৰত ভাৰতে প্ৰথমটো জয় লাভ কৰিছিল ১৯৮৬ চনত, চেতন শৰ্মা, কপিল দেৱৰ শক্তিশালী বলিং আৰু প্ৰথম ইনিংছত দিলীপ ভেংচৰকাৰৰ শতকৰ সহায়ত ভাৰতে জয়লাভ কৰিছিল ।
বুমৰাহৰ প্ৰত্যাৱৰ্তন-
এডবাষ্টন টেষ্টত জয়লাভ কৰাৰ পিছত অধিনায়ক শভমন গীলে স্পষ্টভাৱে কয় যে বুমৰাহক লৰ্ডছত খেলা দেখা যাব । যদি বুমৰাহ মূল একাদশলৈ প্ৰত্যাৱৰ্তন কৰে তেন্তে প্ৰশ্ন হয় কোন বাহিৰ হ’ব । ছিৰিজৰ দুয়োখন মেচতে প্ৰসিদ্ধ কৃষ্ণই ৬তকৈ অধিক ইকনমিৰে ৰান দিয়াৰ বিপৰীতে বুমৰাহক জিৰণি দিয়াৰ বাবে দলত অন্তৰ্ভুক্ত হোৱা আকাশ দীপে দ্বিতীয়খন মেচত ১০টা উইকেট দখল কৰি ইতিহাসৰ সৃষ্টি কৰিছে । এনে পৰিস্থিতিত মূল একাদশৰ পৰা কাক বাদ দিয়া হয় সেয়া আকৰ্ষণীয় হ’ব ।
লগতে পঢ়ক : জয়ৰ পিছত কিয় খং উঠিল শুভমান গিলৰ? খেলপথাৰক লৈ অসন্তুষ্টি প্ৰকাশ