লৰ্ডছত শতক অৰ্জন কৰি ইতিহাস সৃষ্টি কে এল ৰাহুলৰ;  ভাৰতীয় ক্ৰিকেটত দ্বিতীয়বাৰৰ বাবে এই কৃতিত্ব

লৰ্ডছত শতক অৰ্জন কৰি ইতিহাস ৰচনা কে এল ৰাহুলৰ

ইংলেণ্ড ভ্ৰমণত নিজৰ শক্তিশালী ফৰ্ম অব্যাহত ৰাখি ইতিহাস সৃষ্টি কৰিছে কে এল ৰাহুলে । টেষ্ট শৃংখলাৰ প্ৰথমখন মেচত শতক অৰ্জন কৰাৰ পিছত এতিয়া লৰ্ডছতো ৰাহুলে শতক অৰ্জন কৰিছে । লৰ্ডছ টেষ্টৰ তৃতীয় দিনা কে এল ৰাহুলে নিজৰ নৱমটো টেষ্ট শতক সম্পূৰ্ণ কৰে । ইয়াৰ লগে লগে ৰাহুলে সেই কৃতিত্ব অৰ্জন কৰিলে যিটো পূৰ্বে ভাৰতীয় ক্ৰিকেটৰ ইতিহাসত মাত্ৰ এবাৰহে হৈছে । এই ঐতিহাসিক খেলপথাৰত টেষ্টত এটাতকৈ অধিক শতক অৰ্জন কৰা ভাৰতৰ মাত্ৰ দ্বিতীয়জন বেটছমেন হিচাপে পৰিগণিত হয় ৰাহুল ।

লৰ্ডছত অনুষ্ঠিত টেষ্ট শৃংখলাৰ তৃতীয়খন খেলৰ তৃতীয় দিনা শনিবাৰে টিম ইণ্ডিয়াৰ প্ৰথম ইনিংছত এই কৃতিত্ব অৰ্জন কৰে ৰাহুলে । দ্বিতীয় দিনা অৰ্ধশতক অৰ্জন কৰি ৫৩ ৰানত অপৰাজিত হৈ উভতি অহা ৰাহুলে দ্বিতীয় দিনা কিছু আগ্ৰাসী শৈলী দেখুৱাই বাউণ্ডেৰী সংগ্ৰহত মনোনিৱেশ কৰে । ইয়াৰ মাজতে ৰাহুলে ব্ৰাইডন কাৰ্ছৰ এটা অভাৰত একেৰাহে ৩টা চাৰি কোবাই । এই সময়ছোৱাত পন্টৰ সৈতে ৰাহুলে টিম ইণ্ডিয়াক ২৫০ ৰানৰ সীমা অতিক্ৰম কৰাত সহায় কৰে ।

লৰ্ডছত একেৰাহে দ্বিতীয়টো শতক-

ৰাহুলৰ ৯৮ ৰানত দুপৰীয়াৰ আহাৰ খোৱাৰ পূৰ্বৰ শেষ অভাৰত তেওঁ আৰু ঋষভ পণ্টৰ মাজত হঠাতে ভুল বুজাবুজিৰ সৃষ্টি হয় আৰু পণ্ট ৰান আউট হয় । এনে পৰিস্থিতিত ভাৰতীয় বেটছমেনগৰাকীয়ে নিজৰ শতকৰ বাবে পৰৱৰ্তী অধিবেশনলৈ অপেক্ষা কৰিবলগীয়া হয় । তাৰ পিছত দ্বিতীয় অধিবেশন আৰম্ভ হোৱাত কে এল ৰাহুলে এটা ৰান লৈ টেষ্ট কেৰিয়াৰৰ নৱমটো শতক সম্পূৰ্ণ কৰে । ইয়াৰ লগে লগে ৰাহুলে লৰ্ডছত একেৰাহে দ্বিতীয়টো শতক সম্পূৰ্ণ কৰে । ২০২১ চনৰ ভ্ৰমণতো ৰাহুলে এই খেলপথাৰত শতক অৰ্জন কৰিছিল । সেয়া আছিল লৰ্ডছত ৰাহুলৰ প্ৰথম শতক আৰু এতিয়া এই ঐতিহাসিক স্থানত দ্বিতীয়বাৰৰ বাবে ১০০ৰ সীমা অতিক্ৰম কৰিছে তেওঁ ।

মাত্ৰ দ্বিতীয়জন ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত ৰাহুল-

অৱশ্যে শতক অৰ্জন কৰাৰ পিছত ৰাহুলে বেছি সময় ক্ৰীজত তিষ্ঠি থাকিব নোৱাৰিলে আৰু শ্বোৱেইব বছিৰৰ বলত আউট হয় তেওঁ । ১৩টা চাৰিৰ সহায়ত ১৭৭টা বলত ১০০ ৰান সংগ্ৰহ কৰে তেওঁ । ৰাহুলে নিজৰ শতকক ডাঙৰ স্ক’ৰলৈ ৰূপান্তৰিত কৰিব পৰা নাছিল যদিও এই ইনিংছৰ জৰিয়তে তেওঁ নিশ্চিতভাৱে ইতিহাসৰ সৃষ্টি কৰিছে । লৰ্ডছ খেলপথাৰত এটাতকৈ অধিক শতক অৰ্জন কৰা মাত্ৰ দ্বিতীয়জন ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হৈছে ৰাহুল । তেওঁৰ পূৰ্বে ‘কৰ্ণেল’ নামেৰে বিখ্যাত কিংবদন্তি বেটছমেন দিলীপ ভেংছৰকাৰে এই খেলপথাৰত এটা বা দুটা নহয় ৩ শতক অৰ্জন কৰিছিল । ৰাহুলৰ এই কৃতিত্বও বিশেষ কাৰণ সুনীল গাভাস্কাৰ, শচীন তেণ্ডুলকাৰ, বিৰাট কোহলীৰ দৰে মহান ভাৰতীয় বেটছমেনে এই খেলপথাৰত এবাৰো শতক অৰ্জন কৰিব পৰা নাছিল ।

লগতে পঢ়ক : শুভমান গিলৰ অধিনায়কত্বৰ অনুৰাগী হ’ল শচীন টেণ্ডুলকাৰ; কৰিলে বিশেষ মন্তব্য

লৰ্ডছত প্ৰকৃত পৰীক্ষাত অৱতীৰ্ণ হ’ব ভাৰত ! টিম ইণ্ডিয়াৰ অভিলেখে বৃদ্ধি কৰিব চিন্তা

লৰ্ডছত প্ৰকৃত পৰীক্ষাত অৱতীৰ্ণ হ’ব ভাৰত

ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া এণ্ডাৰছন-টেণ্ডুলকাৰ ট্ৰফী শৃংখলাৰ তৃতীয়খন টেষ্ট লৰ্ডছত অনুষ্ঠিত হ’ব । ভাৰতে এই খেলপথাৰত এতিয়ালৈকে ১৯খন খেল খেলিছে যদিও ইয়াত দলটোৰ অভিলেখ উন্নত নহয় । অৱশ্যে টিম ইণ্ডিয়াৰ বাবে ভাল কথাটো হ’ল শুভমন গীলৰ নেতৃত্বত ভাৰতে এডবাষ্টনত ইংলেণ্ডক ৩৩৬ ৰানত পৰাস্ত কৰে । এডবাষ্টন এনে এখন খেলপথাৰ য’ত ভাৰতে পূৰ্বে কেতিয়াও জয়ী হোৱা নাছিল । এই জয়ে শুভমন ব্ৰিগেডৰ মনোবল বৃদ্ধি কৰিছে আৰু ইংলেণ্ডক পৰাস্ত কৰি লৰ্ডছত নিজৰ অভিলেখ উন্নত কৰাৰ বাবে টিম ইণ্ডিয়াই চকু ৰাখিব ।

লৰ্ডছৰ অভিলেখ-

১৯৩২ চনৰ পৰা লৰ্ডছত ১৯খন খেল খেলিছে ভাৰতে । এই সময়ছোৱাত ৩খন খেলত জয়ী হোৱাৰ বিপৰীতে দলটোৱে ১২খন খেলত পৰাস্ত হৈছে । আনহাতে ৪খন মেচ ড্ৰ’ হৈছে । ভাৰতৰ জয়-পৰাজয়ৰ অভিলেখ ০.২৫ । ১৯৩২ চনত ভাৰতে প্ৰথমে ইয়াত এখন মেচ খেলিছিল, য’ত ১৫৮ ৰানত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল । এই খেলপথাৰত ভাৰতে প্ৰথমটো জয় লাভ কৰিছিল ১৯৮৬ চনত, চেতন শৰ্মা, কপিল দেৱৰ শক্তিশালী বলিং আৰু প্ৰথম ইনিংছত দিলীপ ভেংচৰকাৰৰ শতকৰ সহায়ত ভাৰতে জয়লাভ কৰিছিল ।

বুমৰাহৰ প্ৰত্যাৱৰ্তন-

এডবাষ্টন টেষ্টত জয়লাভ কৰাৰ পিছত অধিনায়ক শভমন গীলে স্পষ্টভাৱে কয় যে বুমৰাহক লৰ্ডছত খেলা দেখা যাব । যদি বুমৰাহ মূল একাদশলৈ প্ৰত্যাৱৰ্তন কৰে  তেন্তে প্ৰশ্ন হয় কোন বাহিৰ হ’ব । ছিৰিজৰ দুয়োখন মেচতে প্ৰসিদ্ধ কৃষ্ণই ৬তকৈ অধিক ইকনমিৰে ৰান দিয়াৰ বিপৰীতে বুমৰাহক জিৰণি দিয়াৰ বাবে দলত অন্তৰ্ভুক্ত হোৱা আকাশ দীপে দ্বিতীয়খন মেচত ১০টা উইকেট দখল কৰি ইতিহাসৰ সৃষ্টি কৰিছে । এনে পৰিস্থিতিত মূল একাদশৰ পৰা কাক বাদ দিয়া হয় সেয়া আকৰ্ষণীয় হ’ব ।

লগতে পঢ়ক : জয়ৰ পিছত কিয় খং উঠিল শুভমান গিলৰ? খেলপথাৰক লৈ অসন্তুষ্টি প্ৰকাশ