জেকলিন ফাৰ্নাণ্ডেজক মোক্ষম আঘাত
দিল্লী উচ্চ ন্যায়ালয়ৰ পৰা মোক্ষম আঘাত বলীউডৰ অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজৰ। ২০০ কোটি টকাৰ ধন সৰবৰাহৰ গোচৰত উচ্চ ন্যায়ালয়ৰ পৰা সকাহ নাপালে জেকলিনে।
জেকলিন ফাৰ্নাণ্ডেজে ইডিয়ে পঞ্জীয়ন কৰা এফআইআৰ আৰু বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি নিম্ন আদালতৰ আদেশক প্ৰত্যাহ্বান জনাইছিল।
উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰাৰ সময়ত জেকলিনে তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগক মিছা বুলি অভিহিত কৰাৰ লগতে প্ৰৱঞ্চনামূলক সুকেশ চন্দ্ৰশেখৰৰ সৈতে লিভ-ইন সম্পৰ্কৰ কথাও নাকচ কৰিছিল।
জেকলিনে আবেদন দাখিল কৰি কয় যে তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ মিছা। কেৱল সুকেশ চন্দ্ৰশেখৰে তেওঁৰ সৈতে প্ৰৱঞ্চনা কৰাই নহয় অদিতি সিঙেও প্ৰৱঞ্চনা কৰিছে বুলিও কয়।
অভিনেত্ৰী গৰাকীয়ে কয় যে তেওঁক সুকেশ চন্দ্ৰশেখৰে লক্ষ্য কৰি লৈছিল আৰু ধন সৰবৰাহৰ গোচৰত তেওঁৰ কোনো ভূমিকা নাই।
কি হয় ঘটনাটো
ৰায় ঘোষণা কৰাৰ সময়ত ন্যায়াধীশ অনিশ দয়ালে কয় যে আবেদন খাৰিজ কৰা হৈছে। ৰায়দানৰ বিশদ প্ৰতিলিপিৰ বাবে অপেক্ষা কৰি আছে।
ইডি গোচৰৰ ২০২২চনৰ আগষ্ট মাহত দিল্লী আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাই চন্দ্ৰশেখৰৰ বিৰুদ্ধে ৰুজু কৰা ধন দাবীৰ গোচৰৰ পৰাই উদ্ভৱ হৈছে, য’ত তেওঁৰ বিৰুদ্ধে ৰেলিগেয়ৰ এণ্টাৰপ্ৰাইজৰ প্ৰাক্তন প্ৰমোটাৰ শিবিন্দৰ মোহন সিঙৰ পত্নী অদিতি সিঙৰ পৰা প্ৰতাৰণা আৰু ধন দাবী কৰাৰ অভিযোগ উত্থাপন হৈছে।
কেন্দ্ৰীয় আইন সম্পাদক হিচাপে পৰিচয় দি তেওঁ জেলত থকা স্বামীৰ জামিন লাভৰ প্ৰস্তাৱ দিছিল। ইডি আৰু ই অ’ ডব্লিউৱে বিভিন্ন ধৰণেৰে এই অভিযোগ উত্থাপন কৰা জালিয়াতিৰ তদন্ত চলাই আছে।
ই অ’ ডব্লিউৱে জেলৰ ভিতৰত জালিয়াতি আৰু দুৰ্নীতিৰ অভিযোগৰ তদন্ত কৰি থকাৰ সময়তে ইডিয়ে ধন সৰবৰাহৰ অভিযোগৰ তদন্ত কৰি আছে। ইডিয়ে ফাৰ্নাণ্ডেজক এই গোচৰৰ সহ অভিযুক্ত বুলি কৈছিল।
জেকলিনে দাখিল কৰিছিল আবেদন
জেকলিনে এই বিষয়টো সন্দৰ্ভত উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। কিন্তু এতিয়া এই গোচৰত উচ্চ ন্যায়ালয়ে ৰায় দি আবেদন নাকচ কৰিছে।
লগতে পঢ়ক: ভাৰতে দেখুৱালে নম্ৰতা; পাকিস্তানী চেনেল আৰু চেলিব্ৰিটিৰ ছ’চিয়েল মিডিয়া একাউণ্ট পুনৰ সক্ৰিয়