মুক্তি পালে ৰণবীৰ কাপুৰৰ ‘ৰামায়ণ’ৰ টিজাৰ
বহু অপেক্ষাৰ অন্তত অৱশেষত মুক্তি পালে ৰণবীৰ কাপুৰৰ ছবি ‘ৰামায়ণ’ৰ ফাৰ্ষ্ট লুক।ইয়াৰ লগতে মেকাৰসকলে অনুৰাগীসকলকো এটা চমক দিছে।
ছবিখনৰ প্ৰথম টিজাৰ মুকলি কৰা হয়, য’ত কোৱা হৈছে যে ছবিখনৰ নাম আচলতে ‘ৰামায়ণম’।ইয়াৰ ইংৰাজী নামRamayana হয়।
টিজাৰত ভগৱান ৰামৰ চৰিত্ৰত ৰণবীৰ কাপুৰ আৰু ৰাৱনৰ চৰিত্ৰত ৰকিং ষ্টাৰ যশৰ প্ৰথম আভাস দেখিবলৈ পোৱা পাব।
টিজাৰটোৰ আৰম্ভ এ আৰ ৰহমানৰ সংগীতেৰে হৈছে।এই কাহিনীটো সেই সময়ৰ, যেতিয়া সময়ৰ কোনো লেখ-জোখ নাছিল।বিশ্বব্ৰহ্মাণ্ডৰ ভাৰসাম্য ব্ৰহ্মা, বিষ্ণু আৰু শিৱ তিনি শক্তিৰ হাতত আছিল।
এই তিনিজনৰ বাবেই দেৱতা, ঋষি, মানুহ আৰু অসুৰ সকলোৱে শান্তিৰে বাস কৰিছিল।কিন্তু এই ভাৰসাম্যৰ মাজতে কেতিয়াও দেখা নোপোৱাকৈ এটা শক্তি উত্থান ঘটে।
যেতিয়া টিজাৰ শেষ হোৱা যেন লাগে, তেতিয়াই ৰকিং ষ্টাৰ যশৰ ৰাৱনৰ অৱতাৰৰ আভাস দেখিবলৈ পোৱা গৈছে। তাৰ পিছতেই ৰামৰ চৰিত্ৰত অভিনয় কৰা ৰণবীৰ কাপুৰক দেখিবলৈ পোৱা যায়। যিয়ে কাড়-ধেনুৰ সৈতে গছত উঠা দেখিবলৈ পোৱা গৈছে।
নমিত মালহোত্ৰাৰ প্ৰযোজনাত নিৰ্মাণ হোৱা ৰামায়াণমত ৰণবীৰ কাপুৰ আৰু যশৰ উপৰি দক্ষিণৰ অভিনেত্ৰী ছাই পল্লৱীয়ে মা সীতাৰ চৰিত্ৰত অভিনয় কৰিছে।
হনুমানৰ চৰিত্ৰত অভিনয় কৰিছে ছানী দেওলে।পৰিচালক নিতেশ তিৱাৰীৰ দ্বাৰা পৰিচালিত এই ছবিখন দুটা ভাগত মুক্তি পাব,ইয়াৰ প্ৰথম খণ্ড ২০২৬ চনৰ দীপাৱলীত আৰু দ্বিতীয় খণ্ড ২০২৭ চনৰ দীপাৱলীত মুক্তি পাব।
লগতে পঢ়ক: ভাৰতে দেখুৱালে নম্ৰতা; পাকিস্তানী চেনেল আৰু চেলিব্ৰিটিৰ ছ’চিয়েল মিডিয়া একাউণ্ট পুনৰ সক্ৰিয়