ইৰাণে কেতিয়াও পাৰমাণৱিক সমৃদ্ধি বন্ধ নকৰে
ইৰাণৰ পাৰমাণৱিক সমৃদ্ধি কেতিয়াও বন্ধ নহ’ব বুলি ৰাষ্ট্ৰসংঘত ঘোষণা কৰিলে ইৰাণৰ ৰাষ্ট্ৰদূত আমিৰ-ছৈয়দ ইৰাভানীয়ে । তেওঁ কয় যে ইছলামিক ৰিপাব্লিকৰ পাৰমাণৱিক সমৃদ্ধি ‘কেতিয়াও বন্ধ নহ’ব’ কাৰণ ইয়াক পাৰমাণৱিক অস্ত্ৰৰ অপ্ৰসাৰণ চুক্তিৰ অধীনত ‘শান্তিপূৰ্ণ শক্তি’ৰ উদ্দেশ্যে অনুমতি দিয়া হৈছে । ইৰাভানীয়ে এক সাক্ষাৎকাৰত কয় যে, ‘সমৃদ্ধি আমাৰ অধিকাৰ, এক অবিভাজ্য অধিকাৰ আৰু আমি এই অধিকাৰ কাৰ্যকৰী কৰিব বিচাৰো ।’ তেওঁ কয় যে ইৰাণ আলোচনাৰ বাবে সাজু যদিও বিনাচৰ্ত আলোচনাৰ বাবে নহয় ।
অস্বীকাৰ কৰিলে আলোচনা-
ইৰাভানীয়ে কয় যে তেহৰাণ আলোচনাৰ বাবে সাজু যদিও শেহতীয়া আগ্ৰাসনৰ পিছত আলোচনাৰ বাবে সময় আৰু পৰিস্থিতি উপযুক্ত নহয় । লগতে আলোচনা বা ৰাষ্ট্ৰপতিৰ সাক্ষাৎৰ কোনো অনুৰোধ নাই । ইৰাণৰ ৰাষ্ট্ৰসংঘৰ দূতে তেওঁৰ চৰকাৰে আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাৰ সঞ্চালক প্ৰধান ৰাফেল গ্ৰ’ছি বা সংস্থাটোৰ পৰিদৰ্শকৰ সুৰক্ষাৰ প্ৰতি কোনো ধৰণৰ ভাবুকি কঢ়িয়াই অনা বুলিও অস্বীকাৰ কৰে । ইজৰাইলৰ আক্ৰমণক ন্যায্যতা প্ৰদান কৰাত সহায় কৰাৰ অভিযোগ উত্থাপন কৰিছে ইৰাণৰ একাংশ বিষয়াই । বৰ্তমান আই এ ই এৰ পৰিদৰ্শক ইৰাণত আছে যদিও ইৰাণৰ পাৰমাণৱিক সুবিধাসমূহৰ পৰিচয় তেওঁলোকৰ নাই ।
ট্ৰাম্পৰ দাবীত তেওঁ কি ক’লে-
ট্ৰাম্পৰ ‘বিনা চৰ্ত আত্মসমৰ্পণ’ৰ দাবীৰ কথা উল্লেখ কৰি ইৰাৱানীয়ে কয় যে আমেৰিকাই ‘আমাৰ প্ৰতি নীতি নিৰ্ধাৰণ কৰি আছে । যদি তেওঁলোক আলোচনাৰ বাবে সাজু হয় তেন্তে তেওঁলোকে বিচাৰি পাব যে আমি ইয়াৰ বাবে সাজু । কিন্তু যদি তেওঁলোকে আমাক নিৰ্দেশ দিব বিচাৰে তেন্তে তেওঁলোকৰ সৈতে যিকোনো ধৰণৰ আলোচনা অসম্ভৱ ।’ ইৰাভানীয়ে শনিবাৰে কয় যে তেহৰাণৰ পাৰমাণৱিক কাৰ্যসূচী সন্দৰ্ভত আমেৰিকাৰ সৈতে চুক্তি হ’লে ইৰাণে নিজৰ সমৃদ্ধ ইউৰেনিয়ামৰ মজুত আন এখন দেশলৈ হস্তান্তৰ কৰিব পাৰে ।
লগতে পঢ়ক : ‘আল্লাহৰ শত্ৰু’;ট্ৰাম্প আৰু নেতান্যাহুৰ বিৰুদ্ধে ইৰাণৰ ছিয়া ধৰ্মগুৰুয়ে জাৰি কৰিলে ফতোৱা