এয়াৰ ইণ্ডিয়াৰ বিমানত পুনৰ হাহাকাৰ
এয়াৰ ইণ্ডিয়াৰ টকিঅ’ৰ পৰা দিল্লীলৈ অহা A-I357 নম্বৰৰ বিমানখন কেবিনত ক্ৰমাগত উষ্ণতা বৃদ্ধিৰ বাবে ২৯ জুনৰ সন্ধিয়া কলকাতালৈ ডাইভাৰ্ট কৰিবলগীয়া হয় । বিমানখন নিৰাপদে কলকাতাত অৱতৰণ কৰে কাৰিকৰী বিশেষজ্ঞসকলে ইয়াৰ তদন্ত আৰম্ভ কৰে । এয়াৰ ইণ্ডিয়াই এক বিবৃতিত কয় যে এই ডাইভাৰচনৰ ফলত হোৱা অসুবিধা কম কৰিবলৈ কলকাতাত থকা আমাৰ স্থল সহযোগীসকলে যাত্ৰীসকলক সকলো প্ৰয়োজনীয় সহায় আগবঢ়াইছে ।
এয়াৰ ইণ্ডিয়াই জনোৱা মতে, এ-আই ৩৫৭ বিমানখনৰ যাত্ৰীসকলক শীঘ্ৰেই দিল্লীলৈ অনাৰ বিকল্প ব্যৱস্থা কৰা হৈছে । বিমান কোম্পানীটোৱে যাত্ৰীসকলৰ অসুবিধাৰ বাবে ক্ষমা বিচাৰিছে । এই বিমানখনে টকিঅ’ৰ হানেডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰা মাৰি দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰাৰ কথা আছিল ।
ইয়াৰ পূৰ্বে ২৩ জুনত সংঘটিত একেধৰণৰ ঘটনাত এয়াৰ ইণ্ডিয়াৰ লণ্ডন-মুম্বাই বিমান (AI130)ৰ ছজন ক্ৰু মেম্বাৰসহ ১১জন যাত্ৰীয়ে বমি আৰু মূৰ ঘূৰোৱাৰ অভিযোগ উত্থাপন কৰিছিল । কেবিনৰ বায়ুৰ চাপ কম হোৱাৰ বাবে বিমানখনক নিৰাপদ উচ্চতালৈ আনিব লগা হৈছিল আৰু একাংশ লোকক চিকিৎসা প্ৰদান কৰা হৈছিল । বিমান বিশেষজ্ঞসকলৰ মতে কেবিনত বায়ুৰ চাপ কম হোৱাটো অতি বিৰল যদিও কেতিয়াবা কাৰিকৰী দোষৰ বাবেও এনেকুৱা হ’ব পাৰে । এনে পৰিস্থিতিত অক্সিজেন মাস্ক দিয়া হয় যাতে অধিক উচ্চতাত যাত্ৰীসকলে উশাহ লোৱাত সহায়ক হয়, য’ত অক্সিজেনৰ মাত্ৰা কম হয় ।
লগতে পঢ়ক : পুৰীৰ জগন্নাথ ৰথ যাত্ৰাত অঘটন; গুণ্ডিচা মন্দিৰৰ সমীপত পদপিষ্ট হৈ ৩ জনৰ মৃত্যু