কলকাতা আইন মহাবিদ্যালয় চৌহদত ছাত্ৰীক ধৰ্ষণ
কলকাতাৰ প্ৰতিষ্ঠিত ছাউথ কলিকতা আইন মহাবিদ্যালয়ৰ সৈতে জড়িত এটা চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে।২৫ জুনৰ নিশা কলেজ চৌহদতে এগৰাকী ছাত্ৰীক দলবদ্ধ ধৰ্ষণ কৰা হৈছিল।
এই গোচৰত ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত কাছবা থানাৰ আৰক্ষীয়ে তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।অভিযুক্তৰ ভিতৰত কলকাতা আইন মহাবিদ্যালয়ৰ এজন প্ৰাক্তন ছাত্ৰ/কৰ্মচাৰী আৰু দুজন বৰ্তমানৰ ছাত্ৰ আছে ।আৰক্ষীয়ে জনোৱা মতে, ঘটনাটোৰ সন্দৰ্ভত প্ৰতিটো কোণৰ পৰা তদন্ত চলি আছে।
তথ্য অনুসৰি এই ঘটনা ২০২৫ চনৰ ২৫ জুন তাৰিখে নিশাৰ কথা কোৱা হৈছে।ভুক্তভোগী ছাত্ৰীগৰাকীয়ে আৰক্ষীক দিয়া এজাহাৰত কয় যে নিশা ৭:৩০ বজাৰ পৰা ১০:৫০ বজাৰ ভিতৰত কলেজ চৌহদৰ ভিতৰত দলবদ্ধ ধৰ্ষণ কৰে।
এই গোচৰত আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰি তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।অভিযুক্তৰ ভিতৰত আছে এগৰাকী প্ৰাক্তন ছাত্ৰ আৰু দুগৰাকী বৰ্তমানৰ ছাত্ৰ।
অভিযোগ অনুসৰি অভিযুক্তই ছাত্ৰী গৰাকীক বিবাহৰ প্ৰস্তাৱ দিছিল, যিটো যুৱতী গৰাকীয়ে নাকচ কৰিছিল।এই কথাত তেওঁৰ খং উঠিল।ইয়াৰ পিছত নিশা সংঘটিত হয় এই ঘটনা।
আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছতে প্ৰাথমিক চিকিৎসা পৰীক্ষা সম্পন্ন কৰা হৈছে আৰু যুৱতীগৰাকীৰ বক্তব্যও লিপিবদ্ধ কৰা হৈছে।এই গোচৰৰ সৈতে জড়িত সাক্ষীৰ বক্তব্যও লিপিবদ্ধ কৰিছে আৰক্ষীয়ে।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তিনিওজন অভিযুক্তৰ মোবাইল ফোন জব্দ কৰা হৈছে, যাৰ তদন্তৰ জৰিয়তে ইলেক্ট্ৰনিক প্ৰমাণ সংগ্ৰহৰ প্ৰচেষ্টা চলোৱা হৈছে।এই ঘটনা সন্দৰ্ভত এতিয়ালৈকে ছাউথ কলিকতা আইন মহাবিদ্যালয় প্ৰশাসনৰ কোনো সঁহাৰি পোৱা নাই।
লগতে পঢ়ক: লণ্ডন উচ্চ ন্যায়ালয়ত ৰাজস্থান ৰয়েলছৰ বিবাদ; ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে ব্লেকমেইলিঙৰ অভিযোগ মালিকৰ