মহৰ সমান সৰু চীনৰ বিপজ্জনক ড্ৰোন
চীনে পুনৰ বিশ্ববাসীক আচৰিত কৰি তুলিছে। এইবাৰ আঙুলিৰ নখতকৈ সৰু ড্ৰোন নিৰ্মাণ কৰিছে তেওঁলোকে।ই দেখাত সাধাৰণ এটা মহৰ দৰে, কিন্তু ইয়াৰ ইমান শক্তি আছে যে ই নীৰৱে এটা সেনাবাহিনীক ধ্বংস কৰিব পাৰে।
এই ০.৬ চে.মি.ৰ বায়নিক ৰবটটো চীনৰ নেচনেল ইউনিভাৰ্চিটি অৱ ডিফেন্স টেকন’লজি (এন ইউ ডি টি)য়ে নিৰ্মাণ কৰিছে আৰু শেহতীয়াকৈ চিচিটিভি-৭ মিলিটাৰী চেনেলত দেখুওৱা হৈছে।
প্ৰথম দৃষ্টিত ড্ৰোনখন দেখাত কেৱল ক’লা লাঠিৰ দৰে, পাতৰ দৰে হালধীয়া ডেউকা আৰু তিনিখন পাতল ভৰি।কিন্তু এই সৰু শৰীৰটোত লুকাই আছে চোৰাংচোৱা কেমেৰা, চেন্সৰ, পাৱাৰ ইউনিট আৰু সমগ্ৰ ইলেক্ট্ৰনিক কণ্ট্ৰল ইউনিট অৰ্থাৎ সমগ্ৰ ‘গোপন অপাৰেচন ছেটআপ’।
NUDT ৰ এজন ছাত্ৰই ইয়াৰ এটা ভিডিঅ’দি কৈছে যে,“মোৰ হাতত মহৰ দৰে মিনি বায়নিক ৰবট আছে যিটো চোৰাংচোৱা সংগ্ৰহ আৰু বিশেষ সামৰিক অভিযানত অত্যন্ত উপযোগী।
ইয়াৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য হ’ল ইয়াক দেখা পোৱা নাযায়। ইমান সৰু আৰু লঘু যে ই গছ, শিল বা দেৱালত এনেদৰে লুকাই থাকে যে কোনো নিৰাপত্তা ব্যৱস্থাই ইয়াক ধৰিব নোৱাৰে।ইয়াক মোবাইলৰ দ্বাৰা নিয়ন্ত্ৰিত আৰু ‘বায়’-ইনস্পাইৰড ৰবটিক্স’ প্ৰকল্পৰ এটা অংশ।
প্ৰতিৰক্ষা বিশেষজ্ঞৰ সতৰ্কবানী
কিন্তু বিপদ ইয়াতেই শেষ নহয়। আমেৰিকাৰ প্ৰতিৰক্ষা বিশেষজ্ঞ টিমথি হিথে সকীয়াই দিছে যে এনে মাইক্ৰ’ ড্ৰ’নৰ সহায়ত পাছৱৰ্ড চুৰি বা ডাটা হেক কৰিব পাৰি।
গুগলৰ প্ৰাক্তন ভৱিষ্যতবিদ ট্ৰেচি ফেল’ছে কয় যে, “ভৱিষ্যতে এই ড্ৰ’নসমূহে ভাইৰাছ বা জৈৱিক অস্ত্ৰ কঢ়িয়াই নিব পাৰিব।”
ছ’চিয়েল মিডিয়াত এই ড্ৰ’নক ‘Black Mirror’ৰ ছিৰিজৰ সেই খণ্ডটোৰ সৈতে তুলনা কৰা হৈছে, য’ত ৰবটিক মৌমাখিয়ে মানুহক হত্যা কৰিবলৈ আৰম্ভ কৰিছিল।
ব্যৱহাৰকাৰীসকলে কৈছে যে এই ড্ৰ’নখন দেখাত খেলনাৰ দৰে, কিন্তু ইতিহাসৰ আটাইতকৈ বিপজ্জনক চোৰাংচোৱাগিৰিৰ অস্ত্ৰ হ’ব পাৰে।
চীনৰ সামৰিক উদ্ভাৱন ইয়াতেই স্তব্ধ নহয়। ১৫৫ মিমি কামানৰ চাপতকৈ ৩০০০ গুণ চাপ সহ্য কৰিব পৰা কামানৰ দ্বাৰা নিৰ্মিত ইউএভিও নিৰ্মাণ কৰিছে।
লগতে পঢ়ক: পুৰী, আহমেদাবাদ আৰু দীঘা; আজিৰে পৰা আৰম্ভ ভগৱান জগন্নাথৰ ৰথযাত্ৰা