শ্বাহৰুখ খানে কৰিলে নিয়ম উলংঘা
হিন্দী চিনেমাৰ কিং শ্বাহৰুখ খানৰ বাংলো ‘মন্নত’ত ৰেনোৱেশনৰ কাম চলি আছে।শুকুৰবাৰে মুম্বাইৰ বৃহনমুম্বাই পৌৰ নিগম (বিএমচি) আৰু বন বিভাগৰ এটা দলে বান্দ্ৰাৰ এই বাংলোটো পৰিদৰ্শন কৰে।
তথ্য অনুসৰি বাংলোটোত চলি থকা কামে উপকূলীয় নিয়ন্ত্ৰণ মণ্ডলৰ নিয়ম উলংঘা কৰা বুলি অভিযোগ লাভ কৰে।
তাৰ পিছতেই দলটোৱে সেই স্থানত উপস্থিত হৈ পৰিদৰ্শন কৰে। বন বিভাগৰ এগৰাকী বিষয়াই এই কথা নিশ্চিত কৰি কয় যে তদন্তকাৰী দলটোৱে মান্নাত নিৰিক্ষণ কৰিছিল।
পুনৰ নিৰ্মাণৰ অনুমতি সন্দৰ্ভত প্ৰশ্ন উত্থাপন হোৱা অভিযোগৰ পিছত এই ব্যৱস্থা গ্ৰহণ কৰা বুলি বিষয়াগৰাকীয়ে কয়।
তেওঁ আৰু কয় যে যি যি পৰিদৰ্শন কৰা হৈছে তাৰ ভিত্তিত প্ৰতিবেদন প্ৰস্তুত কৰা হ’ব আৰু অতি সোনকালে সংশ্লিষ্ট বিভাগত দাখিল কৰা হ’ব।
পৰিদৰ্শনৰ বাবে মান্নাত’ ত উপস্থিত BMC
বন বিভাগে বিএমচিৰ এইচ-ৱেষ্ট ৱাৰ্ডৰ বিল্ডিং এণ্ড ফেক্টৰী বিভাগ আৰু বিল্ডিং প্ৰপ’জেল বিভাগৰ বিষয়াসকলকো তদন্তত যোগদান কৰিবলৈ কৈছিল।
BMCৰ এজন বিষয়াই কয়, ‘বন বিভাগৰ অনুৰোধতহে আমাৰ দলটো তেওঁলোকৰ লগত গৈছিল।ইয়াৰ সৈতে আমাৰ আৰু কোনো সম্পৰ্ক নাই।
তদন্তৰ সময়ত আন এজন বিষয়াই কয় যে মান্নাত উপস্থিত কৰ্মচাৰীসকলে আশ্বাস দিছে যে তেওঁলোকে অতি সোনকালে প্ৰয়োজনীয় সকলো নথি-পত্ৰ আৰু অনুমতি দাখিল কৰিব।
শ্বাহৰুখ খান আৰু গৌৰীৰ নিয়ম উলংঘা
সমগ্ৰ গোচৰটো আৰম্ভ হৈছিল যেতিয়া প্ৰাক্তন আই পি এছ বিষয়া তথা অধিবক্তা ৱাই.পি. সিঙে দাবী কৰিছিল যে মান্নাতৰ মৌলিক গঠন কৰা ঐতিহ্য ভৱনটো আছিল ‘ভিলা ভিয়েনা’।
তেওঁ অভিযোগ কৰে যে ২০০৫ চনত ইয়াত এটা নতুন সাতমহলীয়া অট্টালিকা নিৰ্মাণ কৰা হৈছিল আৰু নগৰীয়া ভূমি চিলিং আইনখনৰ নিয়ম বাইপাছ কৰি ১২টা সৰু সৰু ফ্লেট অনুমোদন কৰি এটা বিলাসী ঘৰলৈ ৰূপান্তৰিত কৰা হৈছিল।
লগতে পঢ়ক:‘সীতাৰে জমীন পাৰ’ৰ প্ৰিমিয়াৰত তাৰকাৰ ভিৰ; প্ৰেমিকা গৌৰীৰ হাতত হাত থৈ আমিৰ খানৰ প’জ