ইলন মাস্কৰ স্পেচএক্স বেছত শিহৰণকাৰী বিস্ফোৰণ
বিশ্ববিখ্যাত উদ্যোগপতি ইলন মাস্কৰ স্পেচএক্স কোম্পানীয়ে এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে । বৃহস্পতিবাৰে টেক্সাছৰ ষ্টাৰবেছ পৰীক্ষণ স্থানত স্পেচএক্সৰ ষ্টাৰশ্বিপ ৰকেটৰ বিস্ফোৰণ ঘটে । ষ্টাৰশ্বিপ ৩৬ নামৰ এই ছুপাৰ ৰকেটটো ষ্টেটিক ফায়াৰ টেষ্টৰ সময়তে বিস্ফোৰিত হয়, যাৰ ফলত বিশাল জুই আৰু ক’লা ধোঁৱাৰ ডাৱৰ সৃষ্টি হয় । নিশা ১১ মান বজাত সংঘটিত হৈছে এই ঘটনা । সেই সময়ত ৰকেটৰ ইঞ্জিনবোৰ গ্ৰাউণ্ড লেভেলত পৰীক্ষাৰ বাবে ৰখা হৈছিল ।
ভিডিঅ’ত দেখা গৈছে যে পৰীক্ষণ আৰম্ভ হোৱাৰ মাত্ৰ কেইছেকেণ্ডমানৰ পিছতে হঠাতে ৰকেটৰ সন্মুখৰ অংশটো ফাটি ডাঙৰ বিস্ফোৰণৰ সৃষ্টি হয় । ইয়াৰ পিছতে সমগ্ৰ অঞ্চলটো জুইৰ লেলিহান শিখাই আগুৰি ধৰে । স্থানীয় লোকে জনোৱা মতে, বিস্ফোৰণ ইমানেই প্ৰবল আছিল যে ঘৰৰ খিৰিকী পৰ্যন্ত কঁপি যাই । সকলোতে কম্পন অনুভৱ হৈছিল । লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ দল সেই স্থানত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে । এই পৰ্যন্ত কোনো লোক হতাহতৰ খবৰ পোৱা নাই । অৱশ্যে পৰীক্ষাস্থলীটো দূৰৱৰ্তী অপাৰেচনৰ দ্বাৰা পৰিচালিত হয় আৰু সকলো কৰ্মচাৰী নিৰাপদ দূৰত্বত আছিল ।
২৯ জুনত অনুষ্ঠিত হ’বলগীয়া ফ্লাইট ১০ৰ বাবে এইটোৱেই আছিল ষ্টাৰশ্বিপ ৩৬ৰ শেষ পৰীক্ষা । ষ্টেটিক ফায়াৰ পৰীক্ষাত ৰকেটৰ ইঞ্জিনসমূহ গ্ৰাওণ্ডত সম্পূৰ্ণ শক্তিৰে জ্বলোৱা হয়, যাতে উৎক্ষেপণৰ পূৰ্বে ব্যৱস্থাটো পৰীক্ষা কৰিব পৰা যায় । কিন্তু এইবাৰ পৰীক্ষা বিফল হোৱাত বিস্ফোৰণে ৰকেটৰ বেয়াকৈ ক্ষতিসাধন কৰে । স্পেচএক্সে এতিয়াও কোনো আনুষ্ঠানিক বিবৃতি দিয়া নাই যদিও ইঞ্জিনৰ কিছু কাৰিকৰী ত্ৰুটি ইয়াৰ আঁৰৰ কাৰণ হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে ।
উল্লেখ্য যে, ইলন মাস্কৰ সপোন মানুহক মংগল গ্ৰহলৈ নিয়াৰ আৰু ষ্টাৰশ্বিপ এই অভিযানৰ এক গুৰুত্বপূৰ্ণ অংশ । ইয়াক বিশ্বৰ আটাইতকৈ শক্তিশালী আৰু পুনৰ ব্যৱহাৰযোগ্য ৰকেট বুলি গণ্য কৰা হয় । কিন্তু এই বছৰ ইলন মাস্কৰ ষ্টাৰশ্বিপ বহু বিফলতাৰ সন্মুখীন হৈছে, য’ত ইতিমধ্যে দুটা পৰীক্ষামূলক উৰণত বিস্ফোৰণ ঘটিছে । স্পেচএক্সে কয় যে তেওঁলোকে প্ৰতিটো বিফলতাৰ পৰা শিকি ৰকেটৰ উন্নতি সাধন কৰিব । এতিয়া পৰৱৰ্তী উৰণৰ তাৰিখ অনিশ্চিত, কাৰণ পৰৱৰ্তী পদক্ষেপ তদন্তৰ পিছতহে সিদ্ধান্ত লোৱা হ’ব ।
লগতে পঢ়ক : পুনৰ স্থগিত হ’ল শুভাংশু শুক্লাৰ মহাকাশ অভিযান; ২২ জুনৰ পূৰ্বে সম্ভৱ নহয় উৎক্ষেপণ