ইলন মাস্কৰ স্পেচএক্স বেছত শিহৰণকাৰী বিস্ফোৰণ

ইলন মাস্কৰ স্পেচএক্স বেছত শিহৰণকাৰী বিস্ফোৰণ; ষ্টাৰশ্বিপ পৰীক্ষণৰ সময়তে ঘটিল অঘটন

ইলন মাস্কৰ স্পেচএক্স বেছত শিহৰণকাৰী বিস্ফোৰণ বিশ্ববিখ্যাত উদ্যোগপতি ইলন মাস্কৰ স্পেচএক্স কোম্পানীয়ে এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে । বৃহস্পতিবাৰে টেক্সাছৰ ষ্টাৰবেছ পৰীক্ষণ স্থানত স্পেচএক্সৰ ষ্টাৰশ্বিপ ৰকেটৰ বিস্ফোৰণ ঘটে । ষ্টাৰশ্বিপ ৩৬ নামৰ এই ছুপাৰ ৰকেটটো ষ্টেটিক ফায়াৰ টেষ্টৰ সময়তে বিস্ফোৰিত হয়, যাৰ ফলত বিশাল জুই

ইলন মাস্কৰ স্পেচএক্স বেছত শিহৰণকাৰী বিস্ফোৰণ

বিশ্ববিখ্যাত উদ্যোগপতি ইলন মাস্কৰ স্পেচএক্স কোম্পানীয়ে এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে । বৃহস্পতিবাৰে টেক্সাছৰ ষ্টাৰবেছ পৰীক্ষণ স্থানত স্পেচএক্সৰ ষ্টাৰশ্বিপ ৰকেটৰ বিস্ফোৰণ ঘটে । ষ্টাৰশ্বিপ ৩৬ নামৰ এই ছুপাৰ ৰকেটটো ষ্টেটিক ফায়াৰ টেষ্টৰ সময়তে বিস্ফোৰিত হয়, যাৰ ফলত বিশাল জুই আৰু ক’লা ধোঁৱাৰ ডাৱৰ সৃষ্টি হয় । নিশা ১১ মান বজাত সংঘটিত হৈছে এই ঘটনা । সেই সময়ত ৰকেটৰ ইঞ্জিনবোৰ গ্ৰাউণ্ড লেভেলত পৰীক্ষাৰ বাবে ৰখা হৈছিল ।

ভিডিঅ’ত দেখা গৈছে যে পৰীক্ষণ আৰম্ভ হোৱাৰ মাত্ৰ কেইছেকেণ্ডমানৰ পিছতে হঠাতে ৰকেটৰ সন্মুখৰ অংশটো ফাটি ডাঙৰ বিস্ফোৰণৰ সৃষ্টি হয় । ইয়াৰ পিছতে সমগ্ৰ অঞ্চলটো জুইৰ লেলিহান শিখাই আগুৰি ধৰে । স্থানীয় লোকে জনোৱা মতে, বিস্ফোৰণ ইমানেই প্ৰবল আছিল যে ঘৰৰ খিৰিকী পৰ্যন্ত কঁপি যাই । সকলোতে কম্পন অনুভৱ হৈছিল । লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ দল সেই স্থানত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে । এই পৰ্যন্ত কোনো লোক হতাহতৰ খবৰ পোৱা নাই । অৱশ্যে পৰীক্ষাস্থলীটো দূৰৱৰ্তী অপাৰেচনৰ দ্বাৰা পৰিচালিত হয় আৰু সকলো কৰ্মচাৰী নিৰাপদ দূৰত্বত আছিল ।

২৯ জুনত অনুষ্ঠিত হ’বলগীয়া ফ্লাইট ১০ৰ বাবে এইটোৱেই আছিল ষ্টাৰশ্বিপ ৩৬ৰ শেষ পৰীক্ষা । ষ্টেটিক ফায়াৰ পৰীক্ষাত ৰকেটৰ ইঞ্জিনসমূহ গ্ৰাওণ্ডত সম্পূৰ্ণ শক্তিৰে জ্বলোৱা হয়, যাতে উৎক্ষেপণৰ পূৰ্বে ব্যৱস্থাটো পৰীক্ষা কৰিব পৰা যায় । কিন্তু এইবাৰ পৰীক্ষা বিফল হোৱাত বিস্ফোৰণে ৰকেটৰ বেয়াকৈ ক্ষতিসাধন কৰে । স্পেচএক্সে এতিয়াও কোনো আনুষ্ঠানিক বিবৃতি দিয়া নাই যদিও ইঞ্জিনৰ কিছু কাৰিকৰী ত্ৰুটি ইয়াৰ আঁৰৰ কাৰণ হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে ।

উল্লেখ্য যে, ইলন মাস্কৰ সপোন মানুহক মংগল গ্ৰহলৈ নিয়াৰ আৰু ষ্টাৰশ্বিপ এই অভিযানৰ এক গুৰুত্বপূৰ্ণ অংশ । ইয়াক বিশ্বৰ আটাইতকৈ শক্তিশালী আৰু পুনৰ ব্যৱহাৰযোগ্য ৰকেট বুলি গণ্য কৰা হয় । কিন্তু এই বছৰ ইলন মাস্কৰ ষ্টাৰশ্বিপ বহু বিফলতাৰ সন্মুখীন হৈছে, য’ত ইতিমধ্যে দুটা পৰীক্ষামূলক উৰণত বিস্ফোৰণ ঘটিছে । স্পেচএক্সে কয় যে তেওঁলোকে প্ৰতিটো বিফলতাৰ পৰা শিকি ৰকেটৰ উন্নতি সাধন কৰিব । এতিয়া পৰৱৰ্তী উৰণৰ তাৰিখ অনিশ্চিত, কাৰণ পৰৱৰ্তী পদক্ষেপ তদন্তৰ পিছতহে সিদ্ধান্ত লোৱা হ’ব ।

লগতে পঢ়ক : পুনৰ স্থগিত হ’ল শুভাংশু শুক্লাৰ মহাকাশ অভিযান; ২২ জুনৰ পূৰ্বে সম্ভৱ নহয় উৎক্ষেপণ