ক্ৰ’ৱেচিয়াৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ নৰেন্দ্ৰ মোদীৰ
বুধবাৰে ক্ৰ’ৱেচিয়াৰ ৰাজধানী জাগ্ৰেবত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশখনৰ প্ৰধানমন্ত্ৰী আন্দ্ৰেজ প্লেংকোভিচৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হয় । ইয়াৰ মাজতে দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰাৰ বাবে বিস্তৃত বিষয়ৰ ওপৰত আলোচনা কৰে । নৰেন্দ্ৰ মোদী ক্ৰ’ৱেচিয়া ভ্ৰমণ কৰা প্ৰথমজন ভাৰতীয় প্ৰধানমন্ত্ৰী । এই ভ্ৰমণ তেওঁৰ তিনিখন দেশ ভ্ৰমণৰ শেষত অনুষ্ঠিত হৈছে । ইয়াৰ পূৰ্বে তেওঁ চাইপ্ৰাছ আৰু কানাডা ভ্ৰমণ কৰিছিল ।
জাগ্ৰেবত মোদী উপস্থিত হোৱাৰ লগে লগে ক্ৰ’ৱেচিয়াৰ প্ৰধানমন্ত্ৰী প্লেংকভিচে তেওঁক বিমানবন্দৰত বিশেষ সন্মানেৰে আদৰণি জনায় । ইয়াৰ পিছত মোদীক আনুষ্ঠানিকভাৱে গাৰ্ড অৱ অনাৰ দিয়া হয় । আলোচনাৰ সময়ত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু বৈদেশিক সচিব বিক্ৰম মিশ্ৰীও উপস্থিত থাকে । ক্ৰ’ৱেচিয়াৰ ৰাষ্ট্ৰপতি জোৰাণ মিলানোভিচকো সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে ।
বুধবাৰে জাগ্ৰেবত ক্ৰ’ৱেচিয়াৰ প্ৰধানমন্ত্ৰী আন্দ্ৰেজ প্লেংকভিচৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে ভাগ-বতৰা কৰা মূল্যবোধ আৰু দ্বিপাক্ষিক অংশীদাৰিত্বৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “ভাৰত আৰু ক্ৰ’ৱেচিয়া গণতন্ত্ৰ, আইনৰ শাসন, বহুত্ববাদ আৰু সমতাৰ দৰে ভাগ কৰা মূল্যবোধৰ দ্বাৰা সংযুক্ত । এই মূল্যবোধৰ ভিত্তিত আমাৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী হৈছে ।”
তেওঁ কয় যে প্ৰতিৰক্ষা খণ্ডত দীৰ্ঘম্যাদী সহযোগিতাৰ বাবে ‘ৰক্ষা সহযোগিতা পৰিকল্পনা’ প্ৰস্তুত কৰা হ’ব, য’ত প্ৰশিক্ষণ আৰু সামৰিক বিনিময়ৰ লগতে প্ৰতিৰক্ষা উদ্যোগৰ ওপৰত গুৰুত্ব দিয়া হ’ব । আমি দ্বিপাক্ষিক বাণিজ্য বৃদ্ধি আৰু নিৰ্ভৰযোগ্য যোগান শৃংখল গঢ়ি তোলাৰ বাবে বহু ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছো । আমি ফাৰ্মা, কৃষি, তথ্য প্ৰযুক্তি, স্বচ্ছ প্ৰযুক্তি, ডিজিটেল প্ৰযুক্তি, নবীকৰণযোগ্য শক্তি, অৰ্ধপৰিবাহীৰ ক্ষেত্ৰত সহযোগিতাক প্ৰসাৰিত কৰিম । জাহাজ নিৰ্মাণ আৰু চাইবাৰ সুৰক্ষাৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰা হ’ব । ইয়াত যোগৰ জনপ্ৰিয়তা স্পষ্টকৈ অনুভৱ কৰিছো । ২১ জুন আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, আৰু মই নিশ্চিত যে সদায়ৰ দৰেই ক্ৰ’ৱেচিয়াৰ জনসাধাৰণেও ইয়াক অতি উৎসাহেৰে উদযাপন কৰিব ।
লগতে পঢ়ক : ‘যুদ্ধৰে নহয় কথা-বতৰাত হে সমাধান ওলাব…’; ইৰাণ-ইজৰাইল লৈ প্ৰধানমন্ত্ৰী মোদীৰ পৰামৰ্শ