সন্ত্ৰাসবাদ মানৱতাৰ শত্ৰু
জি-৭ সন্মিলনত সন্ত্ৰাসবাদক লৈ বিশ্ব সম্প্ৰদায়ক বাৰ্তা প্ৰেৰণ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে । এই বিশেষ অনুষ্ঠানত তেওঁ কয় যে সন্ত্ৰাসবাদ হৈছে মানৱতাৰ শত্ৰু । ই গণতান্ত্ৰিক ব্যৱস্থা থকা সেই সকলো দেশৰ বিৰুদ্ধে । মঙলবাৰে কানাডাৰ কানানাস্কিছত অনুষ্ঠিত হোৱা জি-৭ সন্মিলনৰ আঁৰত দক্ষিণ কোৰিয়া, মেক্সিকো, দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াৰ নেতৃত্বক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । প্ৰকাশিত বাতৰি অনুসৰি জি-৭ সন্মিলনত অংশগ্ৰহণৰ বাবে কানানাস্কিছত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোদীয়ে লি জে-ম্যুঙৰ সৈতেও আলোচনাত মিলিত হয় ।
কানাডাত জি-৭ৰ বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাকিস্তানৰ বিৰুদ্ধে চোকা মন্তব্য কৰে । পহলগাম আক্ৰমণৰ কথা উল্লেখ কৰি তেওঁ কয় যে সন্ত্ৰাসবাদৰ ক্ষেত্ৰত দ্বৈত মানদণ্ডৰ কোনো স্থান থাকিব নালাগে । ২২ এপ্ৰিলত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ কেৱল পহলগামৰ আক্ৰমণ নহয়, প্ৰতিজন ভাৰতীয়ৰ আত্মা, পৰিচয় আৰু মৰ্যাদাৰ ওপৰত আক্ৰমণ কৰা বুলিও তেওঁ কয় । তেওঁ আৰু কয় যে এয়া সমগ্ৰ মানৱতাৰ ওপৰত আক্ৰমণ ।
জি-৭ সন্মিলনৰ আঁৰত প্ৰধানমন্ত্ৰী মোদীয়ে কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীৰ সৈতেও দ্বিপাক্ষিক বৈঠকত মিলিত হয় । এই সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে দুয়োখন দেশৰ সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে ভাৰত আৰু কানাডাৰ সম্পৰ্ক বহু দিশত অতি গুৰুত্বপূৰ্ণ । কানাডাৰ বহু কোম্পানীৰ ভাৰতত বিনিয়োগ আছে । ভাৰতৰ জনসাধাৰণৰ কানাডাৰ মাটিতো বৃহৎ বিনিয়োগ আছে । গণতান্ত্ৰিক মূল্যবোধৰ প্ৰতি উৎসৰ্গিত কানাডা আৰু ভাৰতে একেলগে গণতন্ত্ৰ আৰু মানৱতাক শক্তিশালী কৰিব লাগিব ।
লগতে পঢ়ক : প্ৰধানমন্ত্ৰী মোদী আৰু মাৰ্ক কাৰ্নীৰ বৈঠক; কি কি বিষয়ৰ ওপৰত হ’ল আলোচনা ?