IND Vs NZ : বি চি চি আইয়ে ঘোষণা কৰিলে সূচী

IND Vs NZ : বি চি চি আইয়ে ঘোষণা কৰিলে সূচী; ১১ৰ পৰা ৩১ জানুৱাৰীলৈ অনুষ্ঠিত হ’ব ৮খন মেচ

ND Vs NZ : বি চি চি আইয়ে ঘোষণা কৰিলে সূচী ভাৰত আৰু নিউজীলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া দ্বিপাক্ষিক শৃংখলাৰ সূচী প্ৰকাশ কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড তথা বি চি আইয়ে । এই শৃংখলা ২০২৬ চনৰ জানুৱাৰী মাহত ভাৰতত অনুষ্ঠিত হ’ব । নিউজীলেণ্ডৰ ভাৰত ভ্ৰমণত তিনিখন

ND Vs NZ : বি চি চি আইয়ে ঘোষণা কৰিলে সূচী

ভাৰত আৰু নিউজীলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া দ্বিপাক্ষিক শৃংখলাৰ সূচী প্ৰকাশ কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড তথা বি চি আইয়ে । এই শৃংখলা ২০২৬ চনৰ জানুৱাৰী মাহত ভাৰতত অনুষ্ঠিত হ’ব । নিউজীলেণ্ডৰ ভাৰত ভ্ৰমণত তিনিখন এদিনীয়া আৰু পাঁচখন টি-২০ আন্তঃৰাষ্ট্ৰীয় (টি-২০ আই) অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰিছে বি চি চি আইয়ে ।

২০২৬ চনৰ ১১ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈ ভাৰতৰ বিভিন্ন চহৰত অনুষ্ঠিত হ’ব এই শৃংখলা । এই মেচসমূহ বিভিন্ন চহৰৰ বিভিন্ন ভৌগোলিক আৰু জলবায়ু পৰিস্থিতিৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । বি চি চি আইয়ে ঘোষণা কৰা সূচী-

-১১ জানুৱাৰী দেওবাৰ ১:৩০ বজাত প্ৰথম এদিনীয়া, বৰোদা

-১৪ জানুৱাৰী বুধবাৰ ১:৩০ বজাত ২য় এদিনীয়া, ৰাজকোট

-১৮ জানুৱাৰী দেওবাৰ ১:৩০ বজাত ৩য় এদিনীয়া, ইন্দোৰ

-২১ জানুৱাৰী বুধবাৰ সন্ধিয়া ৭:০০ বজাত ১ম টি২০আই, নাগপুৰ

-২৩ জানুৱাৰী শুকুৰবাৰে সন্ধিয়া ৭:০০ বজাত ২য় টি২০আই, ৰায়পুৰ

-২৫ জানুৱাৰী দেওবাৰ সন্ধিয়া ৭:০০ বজাত ৩য় টি২০আই,  গুৱাহাটী

-২৮ জানুৱাৰী বুধবাৰ সন্ধিয়া ৭:০০ বজাত ৪ৰ্থ টি২০আই, বিশাখাপট্টনম

-৩১ জানুৱাৰী শনিবাৰ সন্ধিয়া ৭:০০ বজাত ৫ম টি২০আই, ত্ৰিবান্দ্ৰম

এই শৃংখলাৰ বিশেষত্ব-

বৰোদাৰ পৰা আৰম্ভ হ’ব এদিনীয়া শৃংখলা, যাৰ জৰিয়তে দুয়োটা দলে ৫০ অভাৰৰ বিশ্বকাপৰ কৌশল পৰীক্ষা কৰাৰ সুযোগ লাভ কৰিব । একে সময়তে আগন্তুক টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে দল নিৰ্বাচনৰ দৃষ্টিকোণৰ পৰা পাঁচখনীয়া মেচৰ টি-২০ শৃংখলা গুৰুত্বপূৰ্ণ হ’ব । একে সময়তে বি চি চি আইয়ে নিৰ্ধাৰণ কৰা- ৰায়পুৰ, গুৱাহাটীৰ দৰে নতুনকৈ উদীয়মান স্থানত মেচ খেলাটো খেলুৱৈ আৰু দৰ্শকৰ বাবে এক বিশেষ অভিজ্ঞতা হ’ব ।

কোনে কৰিব অধিনায়কত্ব ?

সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত ভাৰতে টি-২০ত খেলপথাৰত নামিব । একে সময়তে ৰোহিত শৰ্মাই এদিনীয়া ফৰ্মেটত দলটোৰ দায়িত্ব ল’ব পাৰে, কিয়নো তেওঁ টি-২০ আৰু টেষ্টৰ পৰা অৱসৰ গ্ৰহণ কৰিছে যদিও এদিনীয়া খেল অব্যাহত ৰাখিছে ।

শেহতীয়াকৈ ভাৰত আৰু নিউজীলেণ্ডে আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ৰ ফাইনেলত মুখামুখি হৈছিল, য’ত ভাৰতে জয়লাভ কৰি ১২ বছৰৰ পাছত খিতাপ দখল কৰিছিল ।

লগতে পঢ়ক : ক্ৰিকেটৰ মক্কাত ইতিহাস ৰচিলে প্ৰটিয়াছে… অষ্ট্ৰেলিয়াক ৫ উইকেটত পৰাস্ত কৰি বিশ্ব টেষ্ট চেম্পিয়ন দক্ষিণ আফ্ৰিকা