৯ গৰাকী পৰমাণু বিজ্ঞানীক হত্যা কৰাৰ দাবী ইজৰাইলৰ
৯ গৰাকী ইৰাণী পৰমাণু বিজ্ঞানীক হত্যা কৰা বুলি দাবী কৰিছে ইজৰাইলে । এই দাবী নিশ্চিত কৰিবলৈ ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে প্ৰকাশ কৰিছে মৃতকৰ তালিকা । ইয়াৰ উপৰিও ইৰাণত কোনবোৰ স্থানক লক্ষ্য কৰি পৰমাণু বিজ্ঞানীসকলক হত্যা কৰা হৈছে সেই বিষয়ে বুজাবলৈ ইজৰাইলে এটা ভিডিঅ’ প্ৰকাশ কৰিছে । আই ডি এফে প্ৰকাশ কৰিছে যে একেলগে এই আক্ৰমণত ইৰাণৰ ৯ গৰাকী পৰমাণু বিজ্ঞানী নিহত হৈছে । এই সকলো বিজ্ঞানীয়ে দ্ৰুতগতিত বোমা নিৰ্মাণৰ দিশত প্ৰচেষ্টা চলাইছিল আৰু বহুত আগবাঢ়িছিল বুলি দাবী কৰিছে ইজৰাইলে ।
ইজৰাইলী সেনাৰ দাবী- ইৰাণৰ পৰমাণু বিজ্ঞানীসকলে বোমা নিৰ্মাণৰ চেষ্টা চলাইছিল
শুকুৰবাৰে পুৱা আই ডি এফে ইৰাণত ধাৰাবাহিক আক্ৰমণ সংঘটিত কৰে । ইৰাণৰ বহু পাৰমাণৱিক স্থানক লক্ষ্য কৰি লোৱা হৈছিল এই আক্ৰমণত । প্ৰাৰম্ভিক আক্ৰমণত ইৰাণৰ ৯ গৰাকী পৰমাণু বিজ্ঞানী নিহত হয় । এই বিজ্ঞানীসকলৰ নামো প্ৰকাশ কৰিছে আই ডি এফে । ইজৰাইলী সেনাৰ মতে এই বিজ্ঞানীসকলে ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ লগতে বোমা নিৰ্মাণৰ প্ৰচেষ্টাকো আগুৱাই লৈ গৈছিল ।
নিহত ৯ জন ইৰাণী বিজ্ঞানীৰ নাম-
-ফেৰেইডুন আব্বাছি, পাৰমাণৱিক অভিযান্ত্ৰিক বিশেষজ্ঞ ।
-মহম্মদ মেহদি তেহৰাঞ্চি, পদাৰ্থ বিজ্ঞান বিশেষজ্ঞ ।
-আকবৰ মোটালেবি জাদেহ, ৰাসায়নিক অভিযান্ত্ৰিক বিশেষজ্ঞ ।
-ছাইদ বৰজী, মেটেৰিয়েল ইঞ্জিনিয়াৰিং বিশেষজ্ঞ ।
-আমিৰ হাছান ফাখাহী, পদাৰ্থ বিজ্ঞান বিশেষজ্ঞ ।
-আব্দ আল-হামিদ মিনুশ্বাৰ, ৰিয়েক্টৰ পদাৰ্থ বিজ্ঞান বিশেষজ্ঞ ।
-মনছুৰ আছগাৰী, পদাৰ্থ বিজ্ঞান বিশেষজ্ঞ ।
-আহমদ ৰেজা জোলফাঘৰী দৰয়ানী, পাৰমাণৱিক অভিযান্ত্ৰিক বিশেষজ্ঞ ।
-আলী বাখৌই কাতিৰিমি, যান্ত্ৰিক বিশেষজ্ঞ ।
চাৰি দশকৰ পিছত আটাইতকৈ ডাঙৰ আক্ৰমণ-
উল্লেখ্য যে ইৰাণৰ ওপৰত কৰা এই আক্ৰমণ ৪৫ বছৰৰ পিছত ইজৰাইলৰ আটাইতকৈ ডাঙৰ সামৰিক অভিযান । এই সন্দৰ্ভত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে কয় যে ইৰাণৰ ওপৰত এই আক্ৰমণ অপাৰেচন ৰাইজিং লায়নৰ এটা অংশ । তেওঁ কয় যে ইৰাণ ইজৰাইলৰ অস্তিত্বৰ প্ৰতি ভাবুকি । ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমৰ মতে, ইজৰাইলৰ এই আক্ৰমণত মৃত্যু হয় ৰিভল্যুচনেৰী গাৰ্ডৰ মুৰব্বী হুছেইন চালামীৰ । ইয়াৰ উপৰিও এই আক্ৰমণত তেহৰাণৰ বহু আৱাসিক অট্টালিকাকো লক্ষ্য কৰি লোৱা হৈছিল । এই আক্ৰমণত নিহতসকলৰ ভিতৰত বহু শিশুও আছে ।
লগতে পঢ়ক : তেহৰাণত ইজৰাইলে চলাইছে ধ্বংসযজ্ঞ; সামৰিক আৰু পাৰমাণৱিক স্থানত আক্ৰমণ