টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত কাগিছ’ ৰাবাডাৰ বিধ্বংসী ৰূপ
২০২৫ৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ প্ৰথম দিনটোত দক্ষিণ আফ্ৰিকাই শক্তিশালী প্ৰদৰ্শন আগবঢ়ায় । ইংলেণ্ডৰ লৰ্ডছ খেলপথাৰত অনুষ্ঠিত হোৱা টেষ্ট চেম্পিয়নশ্বিপৰ এই মেচখনত দক্ষিণ আফ্ৰিকাই টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় । এই খেলখনত কেংগাৰু দলটোৱে ২১২ ৰানত আটাইকেইটা উইকেট হেৰুৱাই । দক্ষিণ আফ্ৰিকাৰ বেগী বলাৰ কাগিছ’ ৰাবাডাই শক্তিশালী বলিঙেৰে ৫১ ৰানত ৫ উইকেট দখল কৰে ।
ৰাবাডাৰ শক্তিশালী বলিঙত দিশহাৰা হৈ টেষ্ট চেম্পিয়নশ্বিপৰ ডিফেণ্ডিং চেম্পিয়ন কেংগাৰু দলে ২১২ ৰানতে ইনিংছ সামৰিবলৈ বাধ্য হয় । ইয়াৰ পিছতে নিজৰ প্ৰথম ইনিংছ মুকলি কৰিবলৈ অহা অহা দক্ষিণ আফ্ৰিকা প্ৰথম দিনাই ৪৩ ৰানত ৪টা উইকেট হেৰুৱাই । উল্লেখ্য যে, ডব্লিউ টি চিৰ ফাইনেলৰ প্ৰথম দিনটোৰ আটাইতকৈ ডাঙৰ নায়ক কাগিছ’ ৰাবাডা শেহতীয়াকৈ আন কাৰণত বাতৰিৰ শিৰোনাম দখল কৰিছিল ।
আই পি এলত গুজৰাট টাইটানছৰ হৈ মাত্ৰ দুখন মেচহে খেলিবলৈ সক্ষম হৈছিল ৰাবাডা । ইয়াৰ পিছত তেওঁ “ব্যক্তিগত কাৰণ”ৰ উল্লেখ কৰি ঘৰলৈ উভতি যায় । পিছত পোহৰলৈ আহে যে কোকেইন সেৱনৰ বাবে তেওঁৰ ওপৰত এমাহৰ বাবে নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।
ভাৰতলৈ উভতি অহাৰ পিছত তেওঁ আৰু মাত্ৰ দুখন মেচহে খেলিছিল । সমগ্ৰ প্ৰতিযোগিতাখনত তেওঁৰ প্ৰদৰ্শন যথেষ্ট দুৰ্বল আছিল । ইকনমি ৰেটত ৮৮ আৰু ষ্ট্ৰাইক ৰেটত ১০০ নম্বৰত আছিল অৰ্থাৎ তেওঁক সাধাৰণ খেলুৱৈৰ দৰে দেখা গৈছিল, যিটো ৰাবাডাৰ শ্ৰেণীৰ খেলুৱৈৰ পৰা আশা কৰা নাযায় ।
ইয়াৰ পিছত যি হৈছিল সেয়াই আৰু অধিক জোকাৰণিৰ সৃষ্টি কৰিছিল । ৰাবাডাই ক্ষমা খুজিল, কিন্তু কোনটো ড্ৰাগছ সেৱন কৰিছিল আৰু কিমানবাৰ সেৱন কৰিছিল সেই কথা তেওঁ কোৱা নাছিল । মাত্ৰ এবাৰ ব্যৱহাৰ কৰাৰ বাবে ধৰা পৰাটোও এক প্ৰকাৰৰ দুৰ্ভাগ্য বুলি গণ্য কৰা হ’ব । বিশেষ কথাটো হ’ল, এই খবৰটো প্রচাৰ কৰা দুজন জ্যেষ্ঠ সাংবাদিকক ৰাবাডাৰ সংবাদমেললৈ নিমন্ত্রণ কৰা হোৱা নাছিল ৷
টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত ৰাবাডাৰ দুৰ্দান্ত প্ৰদৰ্শনে-
বুধবাৰে লৰ্ডছত ৰাবাডাৰ কান্ধত যথেষ্ট হেঁচা পৰিছিল । অধিনায়ক টেম্বা বাভুমাই টছত জয়লাভ কৰি বেটিং কৰাৰ পৰিৱৰ্তে বলিং কৰিবলৈ বাছি লয় । ৰাবাডাই এই সিদ্ধান্ত সঠিক বুলি প্ৰমাণ কৰিলে । উছমান খোৱাজা, কেমেৰুন গ্ৰীণ, পেট কামিন্স, বিউ ৱেবষ্টাৰ আৰু নাথান লায়নক আউট কৰি ১৫.৪ অভাৰত ৫১ ৰানত ৫ উইকেট দখল কৰে ৰাবাডাই । কোকেইন বিতৰ্কৰ বিষয়ে সোধাত ৰাবাদাই হাঁহি এটা মাৰি কয়, সেইখিনি সময় ভাল নাছিল… এতিয়া জীৱনটো আগবাঢ়িছে । প্ৰতিখন মেচতে মই যৎপৰোনাস্তি চেষ্টা কৰো ।
এই প্ৰদৰ্শনেৰে ৰাবাডাৰ টেষ্ট উইকেট ৩৩২ হয়, যাৰ ফলত তেওঁ এলান ড’নাল্ডক অতিক্ৰম কৰি দক্ষিণ আফ্ৰিকাৰ সৰ্বাধিক উইকেট দখল কৰা বলাৰৰ তালিকাত চতুৰ্থ স্থান দখল কৰিবলৈ সক্ষম হয় । এতিয়া তেওঁৰ সন্মুখত আছে কেৱল ডেল ষ্টেইন, শ্বৌউন পোলক আৰু মাখায়া এন্টিনি ।
লগতে পঢ়ক : ভংগ হ’ল মহম্মদ শ্বামীৰ অভিলেখ; আইচিচিৰ ফাইনেলৰ নতুন বাদশ্বাহ মিচেল ষ্টাৰ্ক