এই বিদেশ ভ্ৰমণৰ বাবে অধিনায়ক ৰিয়ান পৰাগ

এই বিদেশ ভ্ৰমণৰ বাবে অধিনায়ক ৰিয়ান পৰাগ; কেতিয়া অনুষ্ঠিত হ’ব ৫খনীয়া মেচৰ এদিনীয়া শৃংখলা

এই বিদেশ ভ্ৰমণৰ বাবে অধিনায়ক ৰিয়ান পৰাগ অসম সন্তান তথা ক্ৰিকেটাৰ ৰিয়ান পৰাগে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৮ সংখ্যক ছিজনৰ বহু মেচত ৰাজস্থান ৰয়েলছৰ অধিনায়ৰ দায়িত্ব পালন কৰিছিল । অৱশ্যে ৰাজস্থান ৰয়েলছ দলটো এই প্ৰতিযোগিতাৰ প্লে অফৰ পৰা বাহিৰ হোৱা তৃতীয়টো দল আছিল । তেওঁৰ দলৰ

এই বিদেশ ভ্ৰমণৰ বাবে অধিনায়ক ৰিয়ান পৰাগ

অসম সন্তান তথা ক্ৰিকেটাৰ ৰিয়ান পৰাগে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৮ সংখ্যক ছিজনৰ বহু মেচত ৰাজস্থান ৰয়েলছৰ অধিনায়ৰ দায়িত্ব পালন কৰিছিল । অৱশ্যে ৰাজস্থান ৰয়েলছ দলটো এই প্ৰতিযোগিতাৰ প্লে অফৰ পৰা বাহিৰ হোৱা তৃতীয়টো দল আছিল । তেওঁৰ দলৰ প্ৰদৰ্শন বৰ ভাল নাছিল । ইয়াৰ পিছতে এতিয়া পৰাগে অধিনায়ক হিচাপে নামিবিয়া ভ্ৰমণলৈ যাব, য’ত অসম ক্ৰিকেট দলে ৫খনীয়া মেচৰ এদিনীয়া শৃংখলা খেলিব ।

অসম ক্ৰিকেট দলে নামিবিয়া ভ্ৰমণ কৰিব, য’ত দুয়োটা দলৰ মাজত ৫খনীয়া মেচৰ এদিনীয়া শৃংখলা অনুষ্ঠিত হ’ব । এই শৃংখলা দুয়োটা দলৰ যুৱ খেলুৱৈৰ বাবে গুৰুত্বপূৰ্ণ হ’ব, ই হ’ব নিজৰ দক্ষতা প্ৰদৰ্শনৰ এক মঞ্চ । অসম দলত যুৱ আৰু অভিজ্ঞ খেলুৱৈৰ মিশ্ৰণ আছে । দলটোত ইয়াত আকাশ সেনগুপ্ত, পাৰভেজ মুশ্বাৰফ আৰু ডানিছ দাসৰ দলে খেলুৱৈ আছে । এই দলৰ অধিনায়ক ৰিয়ান পৰাগ ।

নামিবিয়া ক্ৰিকেট দলো দুৰ্বল দল নহয় । অসম দলক কঠিন প্ৰত্যাহ্বান দিবলৈ সাজু হৈছে নামিবিয়া । এই দলটোৰ অধিনায়ক হ’ব জেৰাৰ্ড ইৰাছমাছ ।

অসম বনাম নামিবিয়া এদিনীয়া শৃংখলাৰ সূচী-

অসম ক্ৰিকেট দল আৰু নামিবিয়া ক্ৰিকেট দলৰ মাজত ৫ খনীয়া এদিনীয়া খেলৰ শৃংখলা অনুষ্ঠিত হ’ব । ২১ জুনত অনুষ্ঠিত হ’ব প্ৰথমখন মেচ । ২৩ জুনত অনুষ্ঠিত হ’ব দ্বিতীয়খন এদিনীয়া । তৃতীয় আৰু চতুৰ্থ মেচ ২৫ আৰু ২৭ জুনত অনুষ্ঠিত হ’ব । শৃংখলাৰ অন্তিমখন মেচ ২৯ জুনত অনুষ্ঠিত হ’ব । শৃংখলাৰ সকলো মেচ এফ এন বি ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত হ’ব ।

২০২৫ চনৰ আই পি এলত ১৪খন মেচত ৩৯৩ ৰান সংগ্ৰহ কৰিছিল ৰিয়ান পৰাগে, তেওঁৰ ষ্ট্ৰাইক ৰেট আছিল ১৬৬.৫২ । এই ছিজনত তেওঁৰ বেটৰ পৰা মাত্ৰ এটাহে অৰ্ধশত আহে । এই ইনিংছ তেওঁ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে খেলিছিল, য’ত তেওঁ ইডেন গাৰ্ডেনছত ৯৫ ৰান সংগ্ৰহ কৰিছিল ।

২০১৯ চনত ৰাজস্থানৰ হৈ পৰাগে অভিষেক ঘটায়, তেতিয়াৰ পৰাই তেওঁ এই ফ্ৰেঞ্চাইজিৰ অংশ হৈ আহিছে । তেওঁ মুঠ ৮৪খন মেচত ১৫৬৬ ৰান সংগ্ৰহ কৰিছে ।

ৰিয়ান পৰাগৰ ঘৰুৱা কেৰিয়াৰৰ কথা ক’বলৈ গ’লে তেওঁ ৩৩খন প্ৰথম শ্ৰেণীৰ মেচত ২০৪২ ৰান সংগ্ৰহ কৰিছে । তেওঁ ৫০ খন লিষ্ট এ মেচত ১৭৩৫ ৰান সংগ্ৰহ কৰিছে । লগতে তেওঁৰ নামত আছে ৫৩-৫৩ উইকেট । ইয়াৰ উপৰিও ১৩৭ খন টি-২০ মেচত ৩১১৫ ৰান সংগ্ৰহ কৰি ৪৮ টা উইকেট দখল কৰিছে তেওঁ ।

ৰিয়ান পৰাগ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ-

ভাৰতীয় ক্ৰিকেট দলৰ হৈ ১খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে ৰিয়ান পৰাগে । এই মেচত তেওঁ ১৫ ৰান সংগ্ৰহ কৰাৰ লগতে ৩ উইকেট দখল কৰিছে । ইয়াৰ উপৰিও তেওঁ ৯ খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত ৬ টা ইনিংছত ১০৬ ৰান সংগ্ৰহ কৰি ৪ উইকেট দখল কৰিছে ।

লগতে পঢ়ক : মাত্ৰ ২৯ বছৰ বয়সতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ল’লে এইগৰাকী বিস্ফোৰক বেটছমেনে…

শেহতীয়া প্ৰৱন্ধসমূহ