আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ল’লে নিকোলাছ পুৰাণে
মাত্ৰ ২৯ বছৰ বয়সতে বিস্ফোৰক বেটিঙৰ বাবে বিখ্যাত তাৰকা বেটছমেন নিকোলাছ পুৰানে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিদায় লৈছে । এসময়ত তেওঁ ৱেষ্ট ইণ্ডিজৰ এদিনীয়া আৰু টি-২০ দলৰ অধিনায়ক আছিল ।
ইমান কম বয়সতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্তই ক্ৰিকেটাৰগৰাকীৰ অনুৰাগীক স্তম্ভিত কৰি তুলিছে । কেৰিয়াৰত পুৰাণে ৬১খন এদিনীয়াত ১৯৮৩ ৰান আৰু ১০৬ খন টি-২০ মেচত ২২৭৫ ৰান সংগ্ৰহ কৰিছে । শেহতীয়াকৈ ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে নিজকে বাছনিৰ পৰা আঁতৰাই ৰখাৰ লগতে ২০২৩ চনৰ এদিনীয়া বিশ্বকাপ কোৱালিফায়াৰৰ পিছত এদিনীয়া দলৰো অংশ হৈ থকা নাছিল ।
কিন্তু তেওঁৰ এই সিদ্ধান্ত আশ্চৰ্যকৰ । কাৰণ ২০২৪ চনৰ নৱেম্বৰ মাহত যেতিয়া তেওঁ নিজৰ ১০০ সংখ্যক টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল, তেতিয়া তেওঁ কৈছিল যে তেওঁ আৰু ১০০ খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিব পাৰিব ।
সোমবাৰে নিকোলাছ পুৰাণে নিজৰ ছ’চিয়েল মিডিয়া একাউন্টত অৱসৰৰ কথা ঘোষণা কৰে । তেওঁ লিখিছে- বহু চিন্তা আৰু আত্মনিৰীক্ষণৰ অন্তত মই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত লৈছো । আমি সকলোৱে ভাল পোৱা এই খেলখনে মোক বহুত দিছে আৰু দি থাকিব । সুখ, উদ্দেশ্য, স্মৰণীয় মুহূৰ্ত আৰু ৱেষ্ট ইণ্ডিজৰ জনসাধাৰণক প্ৰতিনিধিত্ব কৰাৰ সুযোগ…
মেৰুণ জাৰ্চি পিন্ধি, ৰাষ্ট্ৰীয় সংগীতৰ বাবে থিয় দি প্ৰতিবাৰ খেলপথাৰত খোজ দি নিজৰ সকলোখিনি দিয়া… এই মুহূৰ্তবোৰ শব্দৰে বৰ্ণনা কৰাটো অতি কঠিন । দলৰ অধিনায়ক হোৱাটো মোৰ বাবে এক সন্মান হৈ পৰিছে, যিটো মই সদায় হৃদয়ত লৈ থাকিম ।
২০১৬ত অভিষেক ঘটাইছিল পুৰাণে-
২০১৬ চনত ইউ এ ইত পাকিস্তানৰ বিৰুদ্ধে ৱেষ্ট ইণ্ডিজৰ হৈ অভিষেক ঘটাইছিল নিকোলাছ পুৰণে । তিনি বছৰৰ পাছত ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম এদিনীয়া খেলিছিল । ২০২২ চনত তেওঁক ৱেষ্ট ইণ্ডিজৰ এদিনীয়া আৰু টি-২০ দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছিল যদিও সেই বছৰ অষ্ট্ৰেলিয়াত অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপত দলটোৰ দুৰ্বল প্ৰদৰ্শনৰ বাবে তেওঁ অধিনায়কত্ব এৰিছিল । ২০২৪ চনৰ ডিচেম্বৰ মাহত কিংষ্টাউনত বাংলাদেশৰ বিৰুদ্ধে খেলা ঘৰুৱা টি-২০ শৃংখলাত ৱেষ্ট ইণ্ডিজৰ হৈ অন্তিমখন খেল খেলিছিল ।
তেওঁৰ সৰ্বোত্তম প্ৰদৰ্শন ২০২৪ চনত আছিল, যেতিয়া তেওঁ এটা কেলেণ্ডাৰ বৰ্ষত সৰ্বাধিক ছয় (১৭০) আঘাত কৰিছিল আৰু তাৰ পিছত আই পি এল ২০২৫ত ১৯৬.২৫ ষ্ট্ৰাইক ৰেটত পাঁচটা অৰ্ধশতকৰে ৫২৪ ৰান সংগ্ৰহ কৰিছিল । ২০২৬ চনৰ টি-২০ বিশ্বকাপৰ বাবে ৱেষ্ট ইণ্ডিজৰ পৰিকল্পনাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছিল ।
লগতে পঢ়ক : আই চি চি হল অৱ ফেমত অন্তৰ্ভূক্ত মহেন্দ্ৰ সিং ধোনী…