হঠাৎ অসুস্থ ছোনিয়া গান্ধী
কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধী (৭৮)ক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । তথ্য অনুসৰি শুকুৰবাৰে হিমাচল প্ৰদেশৰ ৰাজধানী ছিমলাৰ ইন্দিৰা গান্ধী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (আই জি এম চি)ত কিছু সাধাৰণ স্বাস্থ্যজনিত সমস্যাৰ নিয়মীয়া পৰীক্ষাৰ বাবে ভৰ্তি কৰোৱা হৈছে তেওঁক । জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰীগৰাকীৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলি কোৱা হৈছে আৰু চিকিৎসকৰ এটা বিশেষজ্ঞ দলে তেওঁক নিৰীক্ষণ কৰি আছে ।
এই সন্দৰ্ভত তথ্য প্ৰদান কৰি মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং চুখুৰ মুখ্য মিডিয়া উপদেষ্টা নৰেশ চৌহানে কয় যে কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী ছোনিয়া গান্ধীক কিছু সামান্য স্বাস্থ্যজনিত সমস্যাৰ বাবে ইন্দিৰা গান্ধী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় ছিমলালৈ অনা হৈছে । বৰ্তমান চিকিৎসকে নিয়মীয়াকৈ পৰীক্ষা কৰি আছে আৰু তেওঁৰ অৱস্থা সম্পূৰ্ণ সুস্থিৰ । অধিক তথ্য শীঘ্ৰে প্ৰকাশ কৰা হ’ব বুলি জানিবলৈ দিয়ে তেওঁ ।
জানিব পৰা মতে কংগ্ৰেছ নেত্ৰীগৰাকী কিছুদিন ছিমলাৰ সমীপৰ ছাৰাবৰাস্থিত নিজৰ ব্যক্তিগত বাসগৃহ ‘ৰিট্ৰিট’ত আছিল । কোৱা হৈছে যে আজি পুৱা তেওঁ কিছু স্বাস্থ্যজনিত সমস্যাত ভোগে আৰু তেওঁক আই জি এম চিলৈ অনা হয় । আই জি এম চি প্ৰশাসনে নিশ্চিত কৰিছে যে ছোনিয়া গান্ধীক সম্পূৰ্ণ নিৰীক্ষণত ৰখা হৈছে আৰু জ্যেষ্ঠ চিকিৎসকৰ তত্বাৱধানত ছোনিয়া গান্ধীক পৰীক্ষা কৰা হৈছে । চিকিৎসালয়ৰ চৌহদতো নিৰাপত্তাৰ ব্যৱস্থা অধিক শক্তিশালী কৰা হৈছে । চিকিৎসালয়খনত কংগ্ৰেছ দলৰ স্থানীয় নেতা আৰু প্ৰশাসনৰ উচ্চপদস্থ বিষয়া উপস্থিত থাকে ।
লগতে পঢ়ক : সৌভাগ্যক্ৰমে ৰক্ষা পৰিল তেজস্বী যাদৱ; নিয়ন্ত্ৰণ হেৰুৱাই কনভয়ত খুন্দা ট্ৰাকৰ