ইউক্ৰেইনত পুনৰ ধ্বংসলীলা চলালে ৰাছিয়াই
অপাৰেচন স্পাইডাৰ ৱেবত ক্ৰোধিত হৈ পৰা ৰাছিয়াই ইউক্ৰেইনত পুনৰ বৃহৎ আক্ৰমণ চলাইছে । ৰাছিয়াই সমগ্ৰ দেশখনত চাৰিশৰো অধিক ড্ৰোন আৰু ৪০টা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে । এই আক্ৰমণত কমেও ৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন কেইবা ডজনো লোক আহত হোৱাৰ খবৰ পোৱা গৈছে । এই আক্ৰমণত প্ৰায় সমগ্ৰ ইউক্ৰেইনক লক্ষ্য কৰি লোৱা হয়, য’ত কিয়েভ, লভিভ আৰু ছুমিকে ধৰি ৯টা অঞ্চল ক্ষতিগ্ৰস্ত হৈছে । ইয়াৰ উপৰিও শেহতীয়া আক্ৰমণত ৰাছিয়াই পূবৰ খাৰকিভ চহৰক লক্ষ্য কৰি লয় । খাৰকিভত ৰাছিয়াৰ ড্ৰোন আৰু মিছাইল আক্ৰমণত কমেও তিনিজন লোক নিহত হোৱাৰ লগতে ২১জন লোক আহত হয় ।
ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে যুদ্ধ আৰম্ভ হোৱাৰ পিছত ইয়াক অন্যতম বৃহৎ আক্ৰমণ বুলি অভিহিত কৰিছে । দেশখনৰ ৰাষ্ট্ৰীয় জৰুৰীকালীন সেৱাৰ তথ্য অনুসৰি কিয়েভত তিনিজন অগ্নিনিৰ্বাপক বাহিনী, লুটস্কত দুজন সাধাৰণ নাগৰিক আৰু চেৰ্নিহিভত আন এজন লোকৰ মৃত্যু হৈছে ।
যুদ্ধৰ পিছত হোৱা অন্যতম বৃহৎ আক্ৰমণ-
এই আক্ৰমণৰ পিছত ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিয়ে কয় যে ৰাছিয়াই নিশাৰ আক্ৰমণত চাৰিশৰো অধিক ড্ৰোন আৰু ৪০টা মিছাইল ব্যৱহাৰ কৰিছিল । এয়া যুদ্ধৰ পিছত সংঘটিত হোৱা অন্যতম বৃহৎ আক্ৰমণ । তেওঁ কয় যে মস্কোৰ এই আক্ৰমণত ৮০ জন লোক আহত হোৱাৰ লগতে পশ্চিমৰ লভিভৰ পৰা উত্তৰ-পূবৰ ছুমিলৈকে ৯টা অঞ্চলকে ধৰি প্ৰায় সমগ্ৰ দেশৰ ভূখণ্ডক লক্ষ্য কৰি লোৱা হয় ।
অপাৰেচন স্পাইডাৰ ৱেবে অধিক অৱনতি ঘটালে পৰিস্থিতিৰ-
যদিও তিনি বছৰীয়া যুদ্ধত ৰাছিয়াই প্ৰায় প্ৰতিদিনে ইউক্ৰেইনক আক্ৰমণ কৰি আহিছে, তথাপিও যোৱা দেওবাৰৰ পৰা দেশখন প্ৰতিশোধ ল’বলৈ সাজু আছিল । দৰাচলতে কিয়েভে শেহতীয়াকৈ অপাৰেচন স্পাইডাৰ ৱেব চলাইছিল, য’ত ৰাছিয়াৰ এক তৃতীয়াংশতকৈও অধিক কৌশলগত ক্ৰুজ মিছাইল কেৰিয়াৰ আক্ৰমণ কৰা হৈছিল । ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে কিয়েভৰ এই আক্ৰমণৰ প্ৰত্যুত্তৰ জনাই এই আক্ৰমণ কৰিছে তেওঁলোকে ।
লগতে পঢ়ক : ৰাছিয়াৰ মিছন প্ৰতিশোধ; ড্ৰোন-ক্ৰুজ-বেলিষ্টিক মিছাইলেৰে ইউক্ৰেইনক আক্ৰমণ