প্ৰতিদিনে খালী পেটত সেৱন কৰক জিৰা পানীয়
জিৰা আৰু চফ ভাৰতীয় পাকঘৰত পোৱা এনে দুটা মছলা যিয়ে খাদ্যৰ সোৱাদ বৃদ্ধি কৰাই নহয় স্বাস্থ্যৰ বাবেও অতি উপকাৰী বুলি বিবেচিত হয়।এই দুয়োটা মছলাৰ সহায়ত বহু ধৰণৰ ব্যঞ্জন প্ৰস্তুত কৰা হয়।
ই বহু ধৰণৰ এন্টিঅক্সিডেন্ট, এন্টি-ইনফ্লেমেটৰী পুষ্টিৰে ভৰপূৰ।এই দুটা মছলাৰে তৈয়াৰ কৰা পানী ৰাতিপুৱা খালী পেটত সেৱন কৰিলে শৰীৰে বহু উপকাৰ লাভ কৰিব পাৰে। জানো আহক ইয়াৰ উপকাৰিতা
জিৰা আৰু চফৰ পানী কেনেকৈ প্ৰস্তুত কৰিব
এই পানী বনাবলৈ প্ৰথমে এটা কেৰাহীত পানী লৈ ১ চামুচ জিৰা আৰু ১ চামুচ চফ দি আধালৈ পানী কমি যোৱালৈকে উতলাই লওক। ইয়াৰ পিছত পানীখিনি ফিল্টাৰ কৰি ৰাতিপুৱা খালী পেটত খাব লাগে।
জিৰা আৰু চফৰ পানী খোৱাৰ উপকাৰীতা-
হজম- জিৰা আৰু চফৰ পানী খালে হজম শক্তি উন্নত কৰাত সহায়ক হয়। পাচনতন্ত্ৰৰ সমস্যা থকা লোকে ৰাতিপুৱা খালী পেটত সেৱন কৰিব পাৰে।
মেদবহুলতা- ৰাতিপুৱা খালী পেটত জিৰা আৰু চফৰ পানী খালে শৰীৰৰ বিপাকীয় ক্ৰিয়া ক্ষীপ্ৰতাৰে জ্বলি যায়, যাৰ ফলত শৰীৰৰ চৰ্বি আৰু কেলৰি জ্বলোৱাত সহায়ক হয়। দ্ৰুতভাৱে ওজন কমাবলৈ ইয়াক সেৱন কৰিব পাৰে।
উজ্জ্বল ছাল- জিৰা আৰু চফত থকা গুণসমূহে আপোনাৰ ছালৰ চাৰিওফালে থকা মলি পৰিষ্কাৰ কৰাত সহায় কৰে। এই পানী দৈনিক সেৱন কৰিলে ছালখন সুস্থ কৰি ৰখাত সহায়ক হ’ব পাৰে।
প্ৰতিৰোধ ক্ষমতা- যদি আপুনি আপোনাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিব বিচাৰে তেন্তে জিৰা আৰু চফৰ পানী সেৱন কৰিব পাৰে। বহু ধৰণৰ সংক্ৰমণৰ পৰা শৰীৰক ৰক্ষা কৰাত শক্তিশালী ৰোগ প্ৰতিৰোধ ক্ষমতা সহায়ক।
(এই লেখাটোত দিয়া পৰামৰ্শসমূহ সাধাৰণ তথ্যৰ বাবে হে।এই তথ্য অনুসৰি স্বাস্থ্য সম্পৰ্কীয় কোনো ব্যৱস্থা গ্ৰহণ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক।
লগতে পঢ়ক: ৰাজ্যসভাৰ এখন আসনৰ বাবে বিজেপিৰ প্ৰাৰ্থী ঘোষণা; কনাড পুৰকায়স্থৰ নামত মোহৰ