প্ৰতিদিনে খালী পেটত সেৱন কৰক জিৰা পানীয়; ফলাফলে আচৰিত কৰিব আপোনাক

প্ৰতিদিনে খালী পেটত সেৱন কৰক জিৰা পানীয়

জিৰা আৰু চফ ভাৰতীয় পাকঘৰত পোৱা এনে দুটা মছলা যিয়ে খাদ্যৰ সোৱাদ বৃদ্ধি কৰাই নহয় স্বাস্থ্যৰ বাবেও অতি উপকাৰী বুলি বিবেচিত হয়।এই দুয়োটা মছলাৰ সহায়ত বহু ধৰণৰ ব্যঞ্জন প্ৰস্তুত কৰা হয়।

ই বহু ধৰণৰ এন্টিঅক্সিডেন্ট, এন্টি-ইনফ্লেমেটৰী পুষ্টিৰে ভৰপূৰ।এই দুটা মছলাৰে তৈয়াৰ কৰা পানী ৰাতিপুৱা খালী পেটত সেৱন কৰিলে শৰীৰে বহু উপকাৰ লাভ কৰিব পাৰে। জানো আহক ইয়াৰ উপকাৰিতা

জিৰা আৰু চফৰ পানী কেনেকৈ প্ৰস্তুত কৰিব

এই পানী বনাবলৈ প্ৰথমে এটা কেৰাহীত পানী লৈ ১ চামুচ জিৰা আৰু ১ চামুচ চফ দি আধালৈ পানী কমি যোৱালৈকে উতলাই লওক। ইয়াৰ পিছত পানীখিনি ফিল্টাৰ কৰি ৰাতিপুৱা খালী পেটত খাব লাগে।

জিৰা আৰু চফৰ পানী খোৱাৰ উপকাৰীতা-

হজম- জিৰা আৰু চফৰ পানী খালে হজম শক্তি উন্নত কৰাত সহায়ক হয়। পাচনতন্ত্ৰৰ সমস্যা থকা লোকে ৰাতিপুৱা খালী পেটত সেৱন কৰিব পাৰে।

মেদবহুলতা- ৰাতিপুৱা খালী পেটত জিৰা আৰু চফৰ পানী খালে শৰীৰৰ বিপাকীয় ক্ৰিয়া ক্ষীপ্ৰতাৰে জ্বলি যায়, যাৰ ফলত শৰীৰৰ চৰ্বি আৰু কেলৰি জ্বলোৱাত সহায়ক হয়। দ্ৰুতভাৱে ওজন কমাবলৈ ইয়াক সেৱন কৰিব পাৰে।

উজ্জ্বল ছাল- জিৰা আৰু চফত থকা গুণসমূহে আপোনাৰ ছালৰ চাৰিওফালে থকা মলি পৰিষ্কাৰ কৰাত সহায় কৰে। এই পানী দৈনিক সেৱন কৰিলে ছালখন সুস্থ কৰি ৰখাত সহায়ক হ’ব পাৰে।

প্ৰতিৰোধ ক্ষমতা- যদি আপুনি আপোনাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিব বিচাৰে তেন্তে জিৰা আৰু চফৰ পানী সেৱন কৰিব পাৰে। বহু ধৰণৰ সংক্ৰমণৰ পৰা শৰীৰক ৰক্ষা কৰাত শক্তিশালী ৰোগ প্ৰতিৰোধ ক্ষমতা সহায়ক।

(এই লেখাটোত দিয়া পৰামৰ্শসমূহ সাধাৰণ তথ্যৰ বাবে হে।এই তথ্য অনুসৰি স্বাস্থ্য সম্পৰ্কীয় কোনো ব্যৱস্থা গ্ৰহণ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক।

লগতে পঢ়ক: ৰাজ্যসভাৰ এখন আসনৰ বাবে বিজেপিৰ প্ৰাৰ্থী ঘোষণা;  কনাড পুৰকায়স্থৰ নামত মোহৰ

প্ৰতিদিনে খাওক জিৰাৰে তৈয়াৰ কৰা এই বিশেষ পানীয়; বৰ্ধিত ওজনৰ লাগিব ফুল ষ্টপ

জিৰাত যথেষ্ট পৰিমাণৰ মেঙ্গানিজ, মেগনেছিয়াম, ভিটামিন এ, ভিটামিন চি, ভিটামিন ই আৰু এণ্টিঅক্সিডেণ্ট থাকে।জিৰাত পোৱা সকলো পুষ্টি আপোনাৰ ওজন হ্ৰাস কৰা যাত্ৰা সহজ কৰাত কাৰ্যকৰী প্ৰমাণিত হ’ব পাৰে।

যদি আপুনি ওজন হ্ৰাস কৰিব বিচাৰে, তেন্তে জিৰা পানী তৈয়াৰ কৰাৰ এক অতি সহজ উপায়ৰ বিষয়ে জনা উচিত।জিৰা পানী তৈয়াৰ কৰিবলৈ, প্ৰথমে এটা গিলাচত পানী লওক।

এতিয়া দুই চামুচ জিৰা দিয়ক আৰু ইয়াক গোটেই ৰাতি তিয়াই থওক। পিছদিনা ৰাতিপুৱা আপুনি এই পানীখিনি গৰম কৰি ইয়াক খাব পাৰে।আপুনি আন এটা পদ্ধতি অনুসৰণ কৰিও জিৰা পানী বনাব পাৰে।

পানী আৰু জিৰা গুটি এখন কেৰাহীত লৈ  ইয়াক ভালদৰে উতলাওক আৰু গিলাচ এটাত ভালদৰে চেকি তাৰ পিছত ইয়াক পান কৰক।

ৰাতিপুৱা সোনকালে জিৰা পানী খোৱাটো অধিক উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে। প্ৰতিদিনে খালী পেটত ঔষধি গুণেৰে ভৰ্তি এই পানীয় সেৱন কৰা আৰম্ভ কৰক। আপুনি মাত্ৰ কেইসপ্তাহ মানৰ ভিতৰতে স্বয়ংক্ৰিয়ভাৱে ইতিবাচক প্ৰভাৱ দেখা আৰম্ভ কৰিব।

জিৰা পানী আপোনাৰ শৰীৰৰ বিপাক বৃদ্ধিত কাৰ্যকৰী প্ৰমাণিত হ’ব পাৰে। এইকাৰণেই শৰীৰত জমা হৈ থকা  চৰ্বি গলাবলৈ জিৰা পানী খোৱা উচিত।

ইয়াৰ উপৰিও, জিৰা পানী আপোনাৰ অন্ত্ৰৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে। পাকস্থলীৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ জিৰা পানী খাব পাৰি।

সামগ্ৰিকভাৱে, সঠিক পৰিমাণত আৰু সঠিক ধৰণে জিৰা পানী খোৱাটো আপোনাৰ সামগ্ৰিক স্বাস্থ্যৰ বাবে এক আশীৰ্বাদ হিচাপে প্ৰমাণিত হ’ব পাৰে।

(এই প্ৰবন্ধটো সাধাৰণ তথ্যৰ বাবে, অনুগ্ৰহ কৰি যিকোনো প্ৰতিকাৰ গ্ৰহণ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লওঁক)