বেংগালুৰু ঘটনা সন্দৰ্ভত BCCI ৰ বিবৃতি
আই পি এল ২০২৫ত ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ (RCB) ঐতিহাসিক জয় উদযাপনৰ পূৰ্বে বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত পদপৃষ্ট হৈ ১১ জন লোকৰ মৃত্যু হৈছে।
আনহাতে বহু লোক আহত হৈছে বুলি জানিব পৰা গৈছে। এই ঘটনা সন্দৰ্ভত এতিয়া BCCI এ সচিব দেৱজিৎ শইকীয়াই কয় যে, এইটো এটা অতি দুৰ্ভাগ্যজনক ঘটনা।এনে ঘটনাৰ পৰা সকলোৱে শিক্ষা লব লাগে।
দেৱজিৎ শইকীয়াই লগতে কয় যে, ‘মই ভাবো এই ঘটনাত কিছু ভুল হৈছে।যদিও RCBৰ এই অনুষ্ঠানৰ সৈতে BCCIৰ কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই,কিন্তু তথাপিও আমি ইয়াৰ পৰা শিক্ষা লোৱা উচিত।’
তেওঁ আৰু কয় যে BCCI এ এতিয়া এনে বিজয় উদযাপনৰ সন্দৰ্ভত কিছু নতুন নিয়ম প্ৰণয়নৰ কথা চিন্তা কৰিছে,যাতে ভৱিষ্যতে এনে ঘটনা ৰোধ কৰিব পৰা যায়।
BCCIৰ উপ সভাপতি ৰাজীৱ শুক্লাৰ বক্তব্য
এই দুৰ্ঘটনা সন্দৰ্ভত বিচিচিআইৰ উপ-সভাপতি ৰাজীৱ শুক্লাই কয় যে’ যি সহায় কৰিব পাৰি, আমি নিশ্চয় কৰিম।কৰ্ণাটক চৰকাৰৰ লগত মোৰ অহৰহ কথা-বতৰা হৈ আছে’।
‘ আমিও এই বিষয়ত গুৰুত্বসহকাৰে আলোচনা কৰি আছো।এই কৰুণ ঘটনাক লৈ ৰাজনীতি হ’ব নালাগে। এনে ঘটনা যিকোনো ঠাইতে হ’ব পাৰে, গতিকে ইয়াৰ সমাধান সামূহিক প্ৰচেষ্টাৰেহে সম্ভৱ’।
উপ-সভাপতি লগতে কয় যে, ‘ক্ৰিকেট এটা খেল,ইয়াত ৰাজনীতিৰ কোনো স্থান থাকিব নালাগে।আই পি এলৰ দৰে লীগত এনে ঘটনা ঘটিব, এই কথা কোনেও কল্পনা কৰা নাছিল। আমি সকলো ক্ষতিগ্ৰস্ত পৰিয়ালৰ সৈতে থিয় দিছো আৰু সম্ভৱপৰ সকলো সহায় আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ’।
লগতে পঢ়ক: “অসমত আছে বাংলাদেশ আৰু পাকিস্তানৰ ফেচবুক ইউজাৰ”; মুখ্যমন্ত্ৰী