২২ জুনৰ পৰা মহা অম্বুবাচী মেলা
২২ জুনৰ পৰা কামাখ্যা ধামত অনুষ্ঠিত হ’ব মহা অম্বুবাচী মেলা । দেশ-বিদেশৰ পৰা অহা ভক্ত, সাধু-সন্যাসীৰ উপস্থিতিৰে পুনৰ উখল মাখল হৈ উঠিব নীলাচলৰ বুকু । ২২ জুনৰ পৰা ২৬ জুনলৈ অনুষ্ঠিত হ’বলগা এই পবিত্ৰ মেলাক লৈ ইতিমধ্যে সাজু হৈ উঠিছে অসম চৰকাৰৰ পৰ্যটন বিভাগ ।
মহা অম্বুবাচী মেলাক লৈ অসম পৰ্যটন বিভাগৰ কাৰ্যালয়ত ৰাজ্য চৰকাৰৰ মন্ত্ৰী ৰণজিত কুমাৰ দাসে এক সংবাদমেল সম্বোধন কৰে । সংবাদমেলত মন্ত্ৰী দাসে অম্বুবাচীৰ প্ৰস্তুতি সম্পৰ্কে অৱগত কৰে ।
এইবাৰ ২২ জুনৰ বিয়লি ২.৫৬ মিনিটত হ’ব অম্বুবাচীৰ প্ৰবৃত্তি । ২৬ জুনৰ পুৱতি নিশা ৩ বজাত হ’ব নিবৃত্তি । ২৪টা বিভাগৰে মন্ত্ৰী ৰণজিত কুমাৰ দাসে অম্বুবাচী সন্দৰ্ভত এক বৈঠকত অংশগ্ৰহণ কৰে । বৈঠকৰ অন্তত সম্বোধন কৰা সংবাদমেলত অম্বুবাচীলৈ অহা ভক্তসকলৰ বাবে বিশেষ নিৰ্দেশনাৰ বিষয়ে অৱগত কৰে মন্ত্ৰীগৰাকীয়ে ।
মন্ত্ৰী দাসে জনোৱা অনুসৰি ভক্তসকলে মানিব লাগিব বহুকেইটা নিৰ্দেশনা । জোতা-চেণ্ডেল পিন্ধি মন্দিৰৰ প্ৰাংগনত প্ৰৱেশ কৰিব নোৱাৰিব । লগতে বহিঃৰাজ্যৰ পৰা অহা ভক্তসকলৰ বাবে নিৰ্মাণ কৰা হ’ব শিৱিৰ । বৰ্তমানলৈ ৪টা শিৱিৰৰ ব্যৱস্থা কৰা হৈছে ।
ইফালে কামাখ্যাৰ মূল গেটৰ পৰা কাৰ্পেট-পানী আদিৰ ব্যৱস্থা কৰা হ’ব । তলৰ গেটৰ পৰাও কাৰ্পেট-পানী আদিৰ ব্যৱস্থা থাকিব । অম্বুবাচীৰ মাজত ভক্তক হৈ-হাল্লা নকৰিবলৈ লগতে সকলো ভক্তৰ সহায়-সহযোগিতাৰ আহ্বান জনাইছে মন্ত্ৰী দাসে ।
আনহাতে পূৰ্বৰ দৰে এইবাৰৰ অম্বুবাচী মেলাও ভি আই পি-ভি ভি আই পি মুক্ত হ’ব বুলি জানিবলৈ দিছে মন্ত্ৰী ৰণজিত কুমাৰ দাসে । লগতে মেলালৈ অহা সকলোৱে কোভিড প্ৰটকলো মানিব লাগিব বুলি জনায় মন্ত্ৰীগৰাকীয়ে ।
লগতে পঢ়ক : বৃটেইনছ গট টেলেন্টত জিলিকিল অসমৰ বিনীতা চেত্ৰী… ৰচিলে ইতিহাস