G-7সন্মিলনৰ বাবে কানাডালৈ নাযায় প্ৰধানমন্ত্ৰী মোদী
এইবাৰ কানাডাত অনুষ্ঠিত হৈ থকা G-7 সন্মিলনত অংশগ্ৰহণ নকৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।১৫-১৭ জুন তাৰিখে কানাডাৰ আলবাৰ্টাত অনুষ্ঠিত হ’ব এই সন্মিলন, য’ত প্ৰধানমন্ত্ৰী মোদীৰ অংশগ্ৰহণৰ সম্ভাৱনা প্ৰায় নগণ্য।
ছবছৰৰ ভিতৰত এইবাৰ প্ৰথমবাৰৰ বাবে G-7 সন্মিলনত অংশগ্ৰহণ নকৰে প্ৰধানমন্ত্ৰী মোদীয়ে।এই সন্মিলনত অংশগ্ৰহণ নকৰাৰ কাৰণ হিচাপে ভাৰত-কানাডাৰ উত্তেজনা আৰু নিৰাপত্তাজনিত উদ্বেগ উল্লেখ কৰা হৈছে।
সম্প্ৰতি প্ৰধানমন্ত্ৰী মোদীয়ে এই সন্মিলনত অংশগ্ৰহণ কৰিবলৈ কানাডালৈ যোৱাৰ কোনো ইংগিত পোৱা নাই।না কানাডাই ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীক জি-৭ত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনাইছে আৰু না ভাৰতে এইবাৰ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ কোনো ইচ্ছা প্ৰকাশ কৰিছে।
যেতিয়ালৈকে ভাৰত-কানাডাৰ উত্তেজনাৰ পৰিপ্ৰেক্ষিতত দুয়োখন দেশৰ মাজৰ সম্পৰ্ক উন্নত নহয়,তেতিয়ালৈকে ভাৰতৰ পৰা এনে হাই-প্ৰফাইল ভ্ৰমণ সম্ভৱ নহয়।
জানিব পৰা মতে G-7ৰ কথা নহয় ইয়াৰ আয়োজক দেশখন বিবেচনা কৰিয়েই ভাৰতৰ তৰফৰ পৰা এই পদক্ষেপ গ্ৰহণ কৰিছে।
উল্লেখ্য যে দুবছৰ পূৰ্বে খালিস্তানী সন্ত্ৰাসবাদী হৰদীপ সিং নিজাৰৰ হত্যাকাণ্ডক লৈ দুয়োখন দেশৰ মাজত বিবাদ হৈছিল ইয়াৰ পিছত ভাৰতে কানাডাৰ পৰাও নিজৰ উচ্চায়ুক্তক মাতি পঠিওৱা হৈছিল আৰু এতিয়ালৈকে নতুন উচ্চায়ুক্তক নিযুক্তি দিয়া হোৱা নাই।
লগতে পঢ়ক: চুলিৰ বাবে উপকাৰী বুলি গণ্য কৰা হয় ডাৰ্ক চকলেট; জানিলে হ’ব আচৰিত