PAK ক সমৰ্থন তুৰস্কৰ

‘ইজনে সিজনৰ চিন্তাৰ ওপৰত ভিত্তি কৰি সম্পৰ্ক….’, PAK ক সমৰ্থন কৰা তুৰস্কলৈ ভাৰতৰ বাৰ্তা

PAK ক সমৰ্থন তুৰস্কৰ শেহতীয়াকৈ ভাৰতৰ বৈদেশিক মন্ত্ৰীয়ে আফগানিস্তানৰ ভাৰপ্ৰাপ্ত বৈদেশিক মন্ত্ৰীৰ সৈতে ফোনযোগে কথা পাতিছিল । অপাৰেচন সিন্দূৰৰ সময়ত তুৰস্কই পাকিস্তানক সমৰ্থন কৰিছিল, তাৰ পিছতেই সমগ্ৰ বিশ্বতে বিতৰ্কৰ সূচনা হৈছিল যে কেনেকৈ কোনো সন্ত্ৰাসবাদীক ইমান মুকলিকৈ সমৰ্থন কৰিব পাৰে । এই সন্দৰ্ভত এতিয়া ভাৰত

PAK ক সমৰ্থন তুৰস্কৰ

শেহতীয়াকৈ ভাৰতৰ বৈদেশিক মন্ত্ৰীয়ে আফগানিস্তানৰ ভাৰপ্ৰাপ্ত বৈদেশিক মন্ত্ৰীৰ সৈতে ফোনযোগে কথা পাতিছিল ।

অপাৰেচন সিন্দূৰৰ সময়ত তুৰস্কই পাকিস্তানক সমৰ্থন কৰিছিল, তাৰ পিছতেই সমগ্ৰ বিশ্বতে বিতৰ্কৰ সূচনা হৈছিল যে কেনেকৈ কোনো সন্ত্ৰাসবাদীক ইমান মুকলিকৈ সমৰ্থন কৰিব পাৰে ।

এই সন্দৰ্ভত এতিয়া ভাৰত চৰকাৰেও প্ৰশ্ন উত্থাপন কৰিছে । ভাৰতে বৃহস্পতিবাৰে কয় যে তুৰস্কই পাকিস্তানক সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদৰ সমৰ্থন বন্ধ কৰিবলৈ ক’ব বুলি আশা কৰিছে । লগতে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব ।

PAK ক সমৰ্থন তুৰস্কৰ-

বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰনধীৰ জয়ছৱালে বৃহস্পতিবাৰে কয় যে, ‘আমি আশা কৰিছো যে তুৰস্কই পাকিস্তানৰ পৰা সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদক দিয়া সমৰ্থন বন্ধ কৰিবলৈ দাবী জনাব আৰু দশক দশক ধৰি লালন-পালন কৰি অহা সন্ত্ৰাসবাদীসকলৰ বিৰুদ্ধে বিশ্বাসযোগ্য ব্যৱস্থা গ্ৰহণ কৰিব ।’ তেওঁ আৰু কয়, ‘ইজনে সিজনৰ চিন্তাৰ প্ৰতি সংবেদনশীলতাৰ ভিত্তিত সম্পৰ্ক গঢ় লৈ উঠে ।’

তেওঁ স্পষ্ট শব্দৰে কয় যে “যি দেশসমূহে সন্ত্ৰাসবাদক প্ৰসাৰিত কৰিছে, তেওঁলোকক জবাবদিহি কৰা আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চত উন্মোচন কৰাটো গুৰুত্বপূৰ্ণ।”

লগতে পঢ়ক; অপাৰেচন সিন্দুৰ, আগবাঢ়িছে ভাৰতৰ কূটনৈতিক অভিযান… ইউ এ ই আৰু জাপানত উপস্থিত প্ৰতিনিধি দল

শেহতীয়া প্ৰৱন্ধসমূহ