বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ মঞ্চৰ পৰা পাকিস্তানক উপযুক্ত উত্তৰ দিলে ভাৰতে।সন্ত্ৰাসবাদৰ বিষয়ত ডব্লিউ এইচ অ’ত পাকিস্তানক উদঙাই দি ভাৰতে কয় যে ‘সন্ত্ৰাসবাদৰ জন্ম দিয়াজনে ভুক্তভোগীৰ অভিনয় কৰিছে’।
ভাৰতীয় কূটনীতিবিদ অনুপমা সিঙে বিশ্ব স্বাস্থ্য সংস্থাৰ বৈঠকত পাকিস্তানক তীব্ৰ সমালোচনা কৰে।তেওঁ কয় যে পাকিস্তান এতিয়াও জেহাদী সন্ত্ৰাসবাদৰ কেন্দ্ৰবিন্দু হৈয়ে আছে।
তীব্ৰ ধমক দি তেওঁ কয়, ‘পাকিস্তানেই সন্ত্ৰাসবাদক লালন-পালন কৰে।পাকিস্তানে নিজেই সন্ত্ৰাসবাদৰ জন্ম দিয়ে । এনে পৰিস্থিতিৰ পিছটো তেওঁলোকে ভুক্তভোগীৰ অভিনয় কৰিব নোৱাৰে’।ভাৰতীয় কূটনীতিবিদ অনুপমা সিঙৰ এই মন্তব্য এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
Post Views: 282