আই পি এল ২০২৫ৰ ৬৩ সংখ্যক খেলখন ৱানখেড়ে ষ্টেডিয়ামত দিল্লী কেপিটেলছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত অনুষ্ঠিত হ’ব।ইয়াৰ বাবে সাজু হৈছে দুয়োটা দল।
আজিৰ খেলখনত যদি মুম্বাই ইণ্ডিয়ানছৰ দলে জয়লাভ কৰে তেন্তে প্লে অফৰ বাবে যোগ্যতা অৰ্জন কৰিব। কিন্তু আজি যদি দিল্লী দল জয়ী হয় তেন্তে প্লে অফৰ ওচৰ চাপিব।
কিন্তু বাকী মেচসমূহৰ ওপৰত নিৰ্ভৰ কৰিব দুয়োটা দলৰ ভৱিষ্যত। দিল্লীয়ে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছে।অক্ষৰ পেটেল অসুস্থ যাৰ বাবে তেওঁ প্লেয়িং একাদশৰ পৰা বাহিৰ হ’ল।
দুয়োটা দলৰ পৰৱৰ্তী মেচ হ’ব পঞ্জাৱৰ বিৰুদ্ধে। আজি যদি দিল্লীয়ে জয়লাভ কৰে তেন্তে তেওঁলোকে আশা কৰিব লাগিব যে পঞ্জাৱ আৰু মুম্বাইৰ মাজত হোৱা খেলখনত মুম্বাই পৰাস্ত হওক।
ইয়াৰ উপৰিও তেওঁলোকে পঞ্জাৱৰ বিৰুদ্ধেও জয় পঞ্জীয়ন কৰিব লাগিব। যদি এনেকুৱা নহয় তেন্তে তেওঁলোকে যোগ্যতা অৰ্জন কৰিব নোৱাৰিব। কাৰণ যদি মুম্বাই দল জয়ী হয় তেতিয়া তেওঁলোকৰ হাতত ১৬ পইণ্ট থাকিব। বৰ্তমান দিল্লীৰ ১৩ পইণ্ট।
ফাফ ডু প্লেছিছে কয় যে যোৱা দুদিন ধৰি অক্ষৰ অতি অসুস্থ হৈ আছে। আজি আমি তেওঁক মিছ কৰিম। আজি আমি এটা ভাল দলৰ বিৰুদ্ধে খেলিছো, তাৰ বাবে আমি সাজু।
যোৱা ৫-৬ খন মেচত আমি সৰ্বোত্তম প্ৰদৰ্শন কৰিব পৰা নাছিলো। প্ৰতিদিনে আমি এটা নতুন সুযোগ পাওঁ।পিটচখন অলপ শুকান যেন লাগিছে, আমি টাৰ্গেটটো খেদি যাম। অক্ষৰ আমাৰ লগত নাই, তেওঁৰ ঠাই লোৱাটো কঠিন। আমি চাম কেনেকৈ হয়।”