বিদেশী ক্ষেপণাস্ত্ৰ আক্ৰমণৰ পৰা সুৰক্ষা সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক ঐতিহাসিক ঘোষণা কৰে । তেওঁ কয়, ‘গোল্ডেন ড’ম মিছাইল ডিফেন্স শ্বিল্ডৰ বিষয়ে আমি এক ঐতিহাসিক ঘোষণা কৰিছো । এইটো আমি বিচৰা বস্তু । ৰ’নাল্ড ৰেগানে (আমেৰিকাৰ ৪০ সংখ্যক ৰাষ্ট্ৰপতি) বহু বছৰৰ আগতে এই কাম কৰিব বিচাৰিছিল যদিও তেওঁৰ হাতত সেই প্ৰযুক্তি নাছিল ।‘
গোল্ডেন ড’ম মিছাইল ডিফেন্স শ্বিল্ড ঘোষণা কৰি হোৱাইট হাউছে প্ৰকাশ কৰা ভিডিঅ’ বাৰ্তাত ট্ৰাম্পে কয় যে, ‘এইটো আমাৰ হাতত থাকিব । আমি ইয়াক উচ্চতম পৰ্যায়লৈ লৈ যাম… নিৰ্বাচনী প্ৰচাৰৰ সময়ত মই আমেৰিকাৰ জনসাধাৰণক প্ৰতিশ্ৰুতি দিছিলো যে বিদেশী ক্ষেপণাস্ত্ৰ আক্ৰমণৰ ভাবুকিৰ পৰা আমাৰ দেশক ৰক্ষা কৰিবলৈ মই এটা অত্যাধুনিক মিছাইল প্ৰতিৰক্ষা ঢাল নিৰ্মাণ কৰিম । আজি আমি এই কাম কৰি আছো । প্ৰশাসনৰ তথ্য অনুসৰি ইয়াৰ বাবে ১৭৫ বিলিয়ন ডলাৰ ব্যয় হ’ব ।